চৰকাৰক স্থিতি দৃঢ় কৰিবলৈ আহ্বান হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীৰ

চৰকাৰক স্থিতি দৃঢ়  কৰিবলৈ আহ্বান হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীৰ

অসমৰ হিন্দুস্তান পেপাৰ কৰ্প’ৰেশ্যনৰ কৰ্মচাৰীসকলে বিচাৰে যে চৰকাৰে বিকল হৈ থকা মিলসমূহক বন্ধ কৰক,অন্যথা পুনৰোজ্জীৱিত কৰক ।সম্প্ৰতি দুয়োটা মিলৰ কৰ্মচৰীসকলে চৰকাৰৰ বিৰোদ্ধে ক্ষোভ প্ৰকাশ কৰিছে। আৰু এনে ধৰণৰ পৰিস্থিতিত যদি পেপাৰ মিলৰ কোনো কৰ্মচাৰীয়ে আত্মহত্যা কৰে অথবা মৃত্যক সাৱটি লয়, তেনে পৰিস্থিতত পৰিয়ালৰ সকলো ক্ষোভৰ সন্মুখীন হয় চৰকাৰ । ইফালে পেপাৰ মিলৰ কৰ্মচাৰীসকলে বিগত ২৭ মাহ ধৰি বেতন লাভ কৰা নাই ৷

গতিকে চৰকাৰৰ প্ৰতি ক্ষোভৰ উদগীৰণ হোৱাতো অস্বাভাৱিক নহয় । ইয়াৰে কিছুসংখ্যকৰ ওচৰত অন্ন আৰু শিক্ষাৰ কাৰণেও হাহাঁকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ শনিবাৰে নগাঁও পেপাৰ মিলৰ ৫৫ বছৰীয়া এজন কৰ্মচাৰী বিশ্বজিৎ দাসে আত্মহত্যা কৰে। পেপাৰ মিলৰ কৰ্মচাৰীসকলৰ ইউনিয়নে এই সন্দৰ্ভত কয় যে তীব্ৰ অৰ্থনৈতিক সংকটৰ কাৰণে দাসে আত্মহত্যা কৰিলে ৷ পেপাৰ মিলৰ কৰ্মচাৰী ইউনিয়নে সম্প্ৰতি চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে যে বিকল হৈ থকা পেপাৰ মিল কেইটা পুনৰোজ্জীৱিত কৰিব নে বন্ধ কৰিব। তেওঁলোকে চৰকাৰ যিকোনো আশ্বাসৰ মাজত থাকিব নিবিচাৰে।

২০১৬ চনত বিজেপি চৰকাৰ মিত্ৰজোঁটৰ দ্বাৰা শাসনলৈ আহিল ৷ ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে নগাঁও আৰু পঞ্চগ্ৰাম পেপাৰ মিলৰ কৰ্মচাৰীসকলক আশ্বাস দিছিল যে ৰাজ্য চৰকাৰে এক বছৰৰ ভিতৰত বিকল হৈ থকা পেপাৰ মিলক পুনৰোজ্জীৱিত কৰিব ৷দিছপুৰত মিত্ৰজোঁটৰ চৰকাৰে তিনি বছৰ অতিক্ৰম কৰিলে যদিও দুয়োটা পেপাৰ মিলৰ পুনৰোদ্ধাৰ নহ’ল ৷ ইয়াৰ পিছতে দিছপুৰে এই সমগ্ৰ বিষয়টো কেন্দ্ৰ চৰকাৰলৈ হস্তক্ষেপ কৰে ৷ আৰু ৰাজ্য চৰকাৰে কয় যে কেন্দ্ৰই দুয়োটা পেপাৰ মিলৰ পুনৰোজ্জৱিত কৰাৰ কাৰণে এক পেকেজ প্ৰদান কৰিছে ৷কিন্তু কেন্দ্ৰীয় চৰকাৰৰ এই ঘোষণা এতিয়ালৈকে বাস্তৱায়িত কৰা ন’হল ৷

হিন্দুস্তান পেপাৰ মিলৰ ৰিভাইভেল এক্সন কমিটীৰ মুখ্য সংযোজক মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে দ্য চেন্টিনেলৰ লগত হোৱা কথা বাৰ্তাত কয় যে দুয়োটা পেপাৰ মিলৰ বন্ধ হোৱাৰ প্ৰসংগত বহু ন’টিছ দিয়া হৈছে ৷ চৰকাৰে পেপাৰ মিল পুনৰোজ্জীৱিত কৰা আৰু বন্ধ কৰাৰ ক্ষেত্ৰত এতিয়া এটা সিদ্ধান্তত উপনীত হওঁক ৷কাৰণ আমি জীয়াই থকাৰ পিছতো পুনৰাই মৰিব নোৱাৰো ৷ মানবেন্দ্ৰ চক্ৰৱৰ্তীয়ে লগতে কয় যে আমি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগত বহুত আলোচনা কৰিছোঁ ৷ মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত বহু আশ্বাস প্ৰদান কৰিলে, যদিও বাস্তৱত ৰূপায়িত কৰাত সফল ন’হল ৷ বিগত ২৭ মাহত কোনো কৰ্মচাৰীয়ে কৰৰ পৰা মুক্ত হ’ব নোৱাৰাৰ কাৰণে আত্মহত্যা কৰে ৷ মহানগৰীত শিক্ষা লাভ কৰা কিছুমান পেপাৰ মিলৰ কৰ্মচাৰীৰ সন্তান অথবা পৰিয়াল বৰ্গৰ শিক্ষা আধৰুৱা হৈ গ’ল ৷ তেওঁলোকৰ ভৱিষ্যত সম্প্ৰতি অনিশ্চিত ৷ আমি আমাৰ আন্দোলন অব্যাহত ৰাখো যদিও আমাৰ আন্দোলনৰ শ্ল’গান ৰাজ্য চৰকাৰ অথবা কেন্দ্ৰ চৰকাৰৰ কাণত নপৰে।

কেন্দ্ৰই অন্য চৰকাৰৰ বিকল হৈ থকা উদ্যোগসমূহক পুনৰোজ্জীৱিত কৰাৰ কাৰণে কোটি কোটি টকা মোকলাই দিছে ৷কিন্তু অসম কেন্দ্ৰৰ দ্বাৰা উপেক্ষিত ৷ আমি সম্প্ৰতি চৰকাৰে ক’বলৈ বাধ্য হৈছে যে, আমাৰ সমস্যা সমাধান কৰক,নহ’ল আমাক মাৰি পেলাওঁক। কাৰণ,সম্প্ৰতি আমি আশ্বাস কাৰণে সাজু নহয় । প্ৰশ্ন হ’য় কিয় কেন্দ্ৰীয় চৰকাৰে অসমৰ দুয়োটা পেপাৰ মিলৰ ক্ষেত্ৰত এটি সিদ্ধান্তত উপনীত হ’ব নোৱাৰে ? যদি কেন্দ্ৰই পেপাৰ মিল কেইটা চলাব পাৰে ৷ তেন্তে কিয় পেপাৰ মিল পুনৰোজ্জীৱিত কৰিব নোৱাৰে?আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে উল্লেখ যোগ্য ভূমিকা গ্ৰহণ কৰিব লাগিব ৷ জাগীৰোডৰ এজন সংবাদদাতাই এই বিষয়টোৰ সন্দৰ্ভত মন্তব্য কৰে যে প্ৰায় পাঁচ কোটি টকাত জাগীৰোড আৰু কাছাৰ পেপাৰ মিল দুটা বিক্ৰী কৰিবলৈ যাৱতীয় ব্যৱস্থা কৰা হৈছে ৷

পেপাৰ মিলৰ ৰিভাইভেল জইন কমিটীৰ সংযোজক আনন্দ বৰদলৈয়ে সংবাদদাতাৰ সন্মুখত কয় যে নতুন দিল্লীয়ে দুয়োটা পেপাৰ মিলক এনএমচি হেল্থ কেয়াৰ ইউএইক ৫ কোটি টকাত হস্তান্তৰ কৰিবলৈ পদক্ষেপ লৈছে ৷এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি এনএমচি হেল্থ কেয়াৰৰ মালিক তথা উদ্যোগপতি ৰঘূৰাম চেট্টীৰ উপৰিও ডালমিয়া ভাৰত গ্ৰুপে দুয়োটা পেপাৰ মিলক অধিগ্ৰহণৰ কাৰণে নিজৰ যাৱতীয় তথ্য প্ৰস্তুত কৰিছে ৷ বৰদলৈয়ে লগতে কয় যে দুয়োটা পেপাৰ মিলৰ ভূমিৰ মূল্য ২০০০ কোটিতকৈও অধিক হ’ব। ইয়াৰোপৰি কলকাতা,দিল্লী,মুম্বাই আৰু বেংগালুৰুত তেওঁলোকৰ গেষ্ট হাউচৰ উপৰিও বহুতো যন্ত্ৰ আছে ৷এই ক্ষেত্ৰত বৰদলৈয়ে চিবিআইৰ পৰা তদন্তৰ আশা প্ৰকাশ কৰিছে ৷

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com