মনিষ মলহোত্ৰাৰ ডিজাইনাৰ সাজত জাহ্নৱী কাপুৰ;ফটো

মনিষ মলহোত্ৰাৰ ডিজাইনাৰ সাজত জাহ্নৱী কাপুৰ;ফটো

প্ৰথম ছবি "ধড়ক"ৰ পিছত জাহ্নৱী কাপুৰ বৰ্তমান বলীউডৰ অন্যতম চৰ্চাত থকা অভিনেত্ৰী । কিছুদিন পূৰ্বে জাহ্নৱীক দেখা পোৱা গৈছিল চুইটজাৰলেণ্ডত,কইনাৰ আলোচনী বেটুপাতৰ ফটোৰশ্বুটৰ বাবে । ফেশ্বন ডিজাইনাৰ মনিষ মলহোত্ৰাৰ ডিজাইন কৰা কাপোৰ পৰিধান কৰি ফটোশ্বুট কৰিলে জাহ্নৱীয়ে ।

জাহ্নৱীয়ে পৰিধান কৰিছে ডাঠ ৰঙৰ গুলপীয়া ৰঙৰ ভলুমিনিয়াছ স্কাৰ্টৰ সৈতে সোনালী ৰঙৰ ক্ৰচটেড টপ । মনিষ মলহোত্ৰাই নিজ ইনষ্টা একাউণ্টৰ পৰা ফটো প্ৰকাশ কৰিছে ।

https://www.instagram.com/p/BpQlaAIHMyG/?utm_source=ig_embed

ইয়াৰোপৰি পিছৰ খন ফটোত দেখা পোৱা অনুসৰি জাহ্নৱীয়ে পৰিধান কৰিছে লেহেংগা ।লেহেংগা যোৰত এণ্টিক চিলভাৰৰ কাম কৰা হৈছে ।

https://www.instagram.com/p/BpFhuzMn8n4/?utm_source=ig_embed

https://www.instagram.com/p/BpCzo-Cn-M1/?utm_source=ig_embed

ইয়াৰ পূৰ্বেও জাহ্নৱীয়ে 'ভগ'মেগাজিনৰ বেটুপাতৰ ফটোই সকলোকে মুহিত কৰিছিল । মাতৃ শ্ৰীদেৱীৰ মৃত্যুৰ পিছত জাহ্নৱীয়ে অতি দুখৰ মাজেৰে হ'লেও 'ধড়ক' ছবিৰ কাম সম্পূৰ্ন কৰিছে আৰু দৰ্শকৰ বিপুল সহাঁৰি লাভ কৰিছে । বৰ্তমান জাহ্নৱী ব্যস্ত আছে ধৰ্মা প্ৰডাক্টচনৰ পৰবৰ্ত্তী ছবি 'তখ্ট'ত ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com