লামডিংত ৩ জন ৰহিংগীয়া মুছলিম আটক

লামডিংত ৩ জন ৰহিংগীয়া মুছলিম আটক

দেওবাৰে স্থানীয় লোকৰ সহযোগত লামডিং ৰেল আৰক্ষীয়ে ৩ জন ৰহিংগীয়া মুছলিম আটক কৰিবলৈ সক্ষম হৈছে । লামডিং ৰেল ষ্টেচনৰ পৰা পৰা আটক কৰা লোক কেইজনৰ পৰা আৰক্ষীয়ে ১৩ খন আৰবী ভাষাত লিখা আপত্তিজনক নথিপত্ৰৰ লগতে বেনাৰ জব্দ কৰিব'লৈ সক্ষম হৈছে । ৰহিংগীয়া কেইজন ম্যানমাৰৰ পৰা আপ্ৰাবাসী আছিল বুলি তথ্য লাভ কৰিছে ।

তেওঁলোক ক্ৰমে ছামচ'ন আলম(৫১), ছামছেৰ আলম(৩২), চাবিৰ আহমেদ(৬৪) বুলি চিনাক্ত কৰা হৈছে । প্ৰাৰম্ভিক তদন্তত লোককেইজন হাইদৰাবাদৰ পৰা অসমলৈ আহিছিল বুলি জানিব পৰা গৈছে । আৰবী ভাষাত ভাৰতৰ বিভিন্ন মছজিদৰ প্ৰায় ১৩ খন নথিপত্ৰ জব্দ হৈছে ।বিগত কেইসপ্তাহত অসমৰ বিভিন্ন স্থানৰ পৰা কেইবাজনো ৰহিংগীয়া মুছলিম আটক কৰিবলৈ সক্ষম হৈছে ।

অধিক খবৰৰ বাবে পঢ়ক : শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com