১৬ সংখ্যক লোকসভা ভংগ কৰিলে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

১৬ সংখ্যক লোকসভা ভংগ কৰিলে  ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে আজি ১৬ সংখ্যক লোকসভা ভংগ কৰে । কেন্দ্ৰীয় কেবিনেটৰ সন্মতিৰ পাছতে আজি লোকসভা ভংগ কৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে । ৰাষ্ট্ৰপতি ভৱনৰ সূত্ৰয়ে এই কথা প্ৰকাশ কৰিছে ।

শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত সন্মতিৰ পাছতে আজি ৰাষ্ট্ৰপতিয়ে ১৬ সংখ্যক লোকসভা ভংগ কৰে। লগতে প্ৰকাশ কৰে যে ৰাষ্ট্ৰপতিয়ে কেবিনেটৰ পৰামৰ্শ গ্ৰহণ কৰি , ১৬ সংখ্যক লোকসভা ভংগত স্বাক্ষৰ কৰে।

লগতে শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰাৰ লগতে তেওঁৰ সংসদৰ মন্ত্ৰী সকলৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে । নতুন চৰকাৰ গঠনৰ প্ৰক্ৰিয়া কথাও উল্লেখ কৰে।

অহা সপ্তাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

লোকসভা নিৰ্বাচনত বিজেপিয়ে অকলেই ৩০৩ খন আসন লাভ কৰাৰ লগতে বিজেপিৰ মিত্ৰজোটে ৩৫৩ খন আসন লাভ কৰে । কংগ্ৰেছে মাত্ৰ ৫২ খন আসন লাভ কৰিবলৈ সক্ষম হয়।

অধিক খবৰৰ বাবে পঢ়ক :শীৰ্ষ বাতৰি

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com