আমেৰিকাত নিৰ্মিত F-16 বিমান পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপ ব্যবহাৰ কৰিছে

আমেৰিকাত নিৰ্মিত F-16 বিমান পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপ ব্যবহাৰ কৰিছে

আমেৰিকাত নিৰ্মিত F-16 বিমান পাকিস্তানে ভাৰতৰ বিৰুদ্ধে অপ ব্যবহাৰ কৰাৰ তথ্য লাভ কৰাৰ পাছত আমেৰিকাই আৰু অধিক তথ্য লাভৰ বাবেই বিষয়টোৰ ওপৰত অনুসন্ধান চলাইছে। আমেৰিকাৰ বিভাগীয় কতৃপক্ষয়ে প্ৰকাশ কৰিছে এই কথা । ২৮ ফেব্ৰুৱাৰীত ভাৰতীয় বায়ু সেনাই প্ৰকাশ কৰা পাকিস্তানৰ F-16 বিমানৰ অংশ সমুহৰ পৰা বিমান খন আমেৰিকাত নিৰ্মিত বুলি নিশ্চিত কৰিছে ।

পুলোৱামা কাণ্ডৰ পাছত ভাৰতে বালাকোটৰ সন্ত্ৰাসবাদীৰ ঘাটিত আক্ৰমণত কৰিছিল । তাৰ পাছৰ পৰা ভাৰত পাকিস্তানৰ মাজত যুদ্ধত সদৃশ পৰিষ্ঠিতিৰ সৃষ্টি কৰিছিল । পাকিস্তানে F-16 বিমান খনে ভাৰতৰ বায়ুসেনাৰ ঘাটিত আক্ৰমণ কৰিবলৈ আহোতেই ভাৰতীয় বায়ু সেনাই ভূপতিত কৰে পাকিস্তানী বিমানখন । পাকিস্তানে ২৭ ফেব্ৰুৱাৰীত কোনো F-16 বিমান ব্যবহাৰ কৰা নাই বুলি প্ৰকাশ কৰিছিল । পাকিস্তানৰ কোনো বিমানে ভাৰতীয় সেনাই ভূপতিত কৰা নাই বুলি প্ৰকাশ কৰিছিল ।

ভাৰত-পাক সীমান্তৰ সমস্যাৰ ক্ষেত্ৰত পাকিস্তানে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে কৰা চুক্তিক অবমাননা কৰিছে বুলি উল্লেখ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰই সমগ্ৰ বিশ্বৰ লগত অস্ত্ৰসত্ৰৰ ব্যৱসায় কৰে । এই ব্যৱসায়ত আমেৰিকাই অস্ত্ৰসত্ৰ সমুহৰ যাতে অপ-ব্যবহাৰ নকৰে তাৰ বাবে এক চুক্তি স্বাক্ষৰ কৰে । এই চুক্তি ভংগ কৰা সকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব বুলি প্ৰকাশ কৰে ।এই চুক্তি পাকিস্তানে ভংগ কৰিছে বুলি প্ৰকাশ কৰে কৰে।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com