অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় ৫ শতাধিক লোকৰ অগপত যোগদান

অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত প্ৰায় ৫ শতাধিক লোকৰ অগপত যোগদান

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অগপত যোগদান শতাধিক লোকৰ । আজি অসম গন পৰিষদৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত আনুষ্ঠানিক ভাৱে যোগদান কৰে প্ৰায় ৫ শতাধিক লোকে । এই অনুষ্ঠানত অগপ দলৰ সভাপতি অতুল বৰা, কাৰ্যকাৰী সভাপতি কেশৱ মহন্তৰ লগতে অগপৰ জেষ্ঠ নেতৃত্ব উপস্থিত থাকে। আজি আঞ্চলিকতা বাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰৰ পুনৰ বাৰ যোগদান কৰে । যোগদান কৰাৰ পূৰ্বে দীঘলী পুখুৰীৰ পাৰৰ পৰা এক বৃহৎ সমদল উলিয়াই সুনীল ৰাজকোঁৱৰে অগপৰ কাৰ্যালয়ত উপস্থিত হয় ।

আঞ্চলিকতা বাদী অসম গণ পৰিষদৰ নেতা সুনীল ৰাজকোঁৱৰে বিধানসভা নিৰ্বাচনৰ পুৰ্বে অগপয়ে বিজেপিৰ লগত মিত্ৰতা কৰাৰ বাবে দল ত্যাগ কৰিছিল । নাগৰিকত্ব সংশোধনি বিধেয়কৰ বিৰোধিতা কৰি অগপ আৰু বিজেপিৰ মিত্ৰতা ভংগ কৰাত পুনৰ আজি অসম গন পৰিষদ দলত যোগদান কৰে সুনীল ৰাজকোঁৱৰে । অগপত যোগদান কৰি সুনীল ৰাজকোঁৱৰে প্ৰকাশ কৰে যে আঞ্চলিকতা বাদী অসম গন পৰিষদ দলৰ পৰা ১৭ টা সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল যদিও অসম গন পৰিষদৰ দলৰ কেতিয়াও বিৰোধিতা কৰা নাছিল বুলি প্ৰকাশ কৰে।

লোকসভা নিৰ্বাচনত আটাইকেইটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা নকৰে অগপই। আনুষ্ঠানিক ঘোষণা অগপৰ সভাপতি অতুল বৰাৰ। মিত্ৰতা সন্দৰ্ভত এতিয়াও সিদ্ধান্ত হোৱা নাই। এই সন্দৰ্ভত ৰণকৌশল কমিটীয়ে সিদ্ধান্ত ল’ব। শীঘ্ৰে এই সম্পৰ্কে অগপই ৰাইজক অৱগত কৰিব বুলিও মন্তব্য অতুল বৰাৰ।

উল্লেখযোগ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত অগপ আৰু বিজেপিৰ মিত্ৰগোটে চৰকাৰৰ গঠন কৰিছিল। কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনি বিধেয়কক লৈ সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত ৰাখিছে দল সংগঠন সমূহে । জাতি মাটি ভেটিৰ কথা কোৱা বিজেপি চৰকাৰ খনে জাতি ধ্বংসী নাগৰিকত্ব সংশোধনি বিধেয়ক খনৰ সমৰ্থন কৰাত অগপ আৰু বিজেপি ৰ মাজত সংঘাত আৰম্ভ হয় । অগপয়ে মিত্ৰতা ভংগ কৰে মিত্ৰগোট চৰকাৰৰ । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত আজি অগপত ৫ শতাধিক লোকে যোগদান কৰা কাৰ্য্যই ৰাজ্যৰ ৰাজনীতিত নিঃসন্দেহে প্ৰভাৱ পেলাব ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com