নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নোহোৱা হলে আজিও ভাৰত ৫০ বছৰ পাছত থাকিল হয়: প্ৰতিৰক্ষা মন্ত্ৰী

নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী নোহোৱা হলে আজিও ভাৰত ৫০ বছৰ পাছত থাকিল হয়: প্ৰতিৰক্ষা মন্ত্ৰী

লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে প্ৰকাশ কৰে যে যদি নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী নোহোৱা হলে আজিও ভাৰত ৫০ বছৰৰ পিছত থাকিল হয় । বাংগালোৰত থিংকাৰচ ফৰামৰ উদ্যোগত অনুষ্ঠিত কথোপকথন এক অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে এই মন্তব্য কৰে ।

বিজেপি চৰকাৰে ৰাইজৰ হৈ কাম কৰি আহিছে আৰু ভবিষ্যতেলৈ কৰি যাব । যদি বিজেপি চৰকাৰে ৰাইজৰ হৈ কাম নকৰিলে হয় তেন্তে ৰাইজে বিজেপিক প্ৰথমবাৰে সমৰ্থন নকৰিল হয় বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী নিৰ্মলা সীতাৰমনে । কোনো দেশৰ ইতিহাসতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৰে এজন নেতা নোলাব বুলি প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় ।

২০১৪ চনৰ পৰা ২০১৯ চনলৈকে ভাৰতত শোষণ প্ৰায় নাই বুলি প্ৰকাশ কৰে । বিগত ৫ বছৰত প্ৰধানমন্ত্ৰীয়ে এটা দিনো অবসৰ নোলোৱাকৈ কাম কৰি আহিছে । প্ৰধানমন্ত্ৰী গৰাকীৰ এনে কৰ্মস্পৃহাই সকলো মন্ত্ৰীকে অনুপ্ৰেৰণা যোগাই আহিছে বুলি প্ৰকাশ কৰে। ২০১৯ চনৰ লোকসভা নিৰ্বাচন দেশৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ । লোকসভা নিৰ্বাচন আমি সহজ ভাৱে ল'ব নোৱাৰো । সকলোৱে লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰৰ অভিযান চলাব লাগিব বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে । মোডীৰ নেতৃত্বত বিজেপিয়ে লোকসভা নিৰ্বাচনত জয় হবই বুলি প্ৰকাশ কৰে ।

৫ বছৰত ভাৰত সকলো দিশৰ পৰা সলনি হৈছে। প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো যথেষ্ট উন্নতি হৈছে । ৫ বছৰৰ আগত উপযুক্ত বুলেটপ্ৰোফ জেকেট, যুদ্ধ টেংকাৰ নাছিল, বায়ু সেনা বাহিনী প্ৰযুক্তি বিদ্যাৰ দিশত যথেষ্ট দুৰ্বল আছিল । বিজেপি চৰকাৰ শাষনৰ গাদিলৈ অহাৰ পাছতে প্ৰথম ২ বছৰত মনোহৰ পাৰিকৰে সমগ্ৰ সমস্যা আৰু পৰিষ্ঠিতিৰ বুজ লয়। তাৰ পাছত অৰুণ জেটলীয়ে এক ৰিপোৰ্ট তৈয়াৰ কৰে তাৰ পাছত নিৰ্মলা সীতাৰমনে দায়িত্ব গ্ৰহণ কৰি সকলো দিশ লক্ষ্য ৰাখিছে বুলি প্ৰকাশ কৰে ।

পুলোৱামা কাণ্ডৰ প্ৰসংগত মন্তব্য কৰে যে পাকিস্তানৰ কেৱল ভাৰতৰ লগতে সমস্যা নহয়, বিশ্বৰ কেইখনো দেশৰ লগত পাকিস্তানৰ সম্পৰ্ক তিক্ততাপূৰ্ণ । পুলোৱামা কাণ্ডৰ পাছত পাকিস্তান চৰকাৰক বিশ্বৰ সকলো দেশই নিন্দা কৰিছে ।আৰু অৰ্থনৈতিক ক্ষেত্ৰতো যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে বুলি প্ৰকাশ কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে । লগে ২০১৯ চনৰ ছেপ্তেম্বৰত দেশলৈ প্ৰথম খন ৰাফেল যুদ্ধ বিমান অনা হব বুলি প্ৰকাশ কৰে মন্ত্ৰী গৰাকীয়ে ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com