বাংলাদেশ আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যুতিয়া ভাবে উন্মোচন কৰে ৪ টা প্ৰকল্প

বাংলাদেশ আৰু ভাৰতৰ  প্ৰধানমন্ত্ৰীয়ে যুতিয়া ভাবে  উন্মোচন কৰে ৪ টা প্ৰকল্প

আজি ভাৰত আৰু বাংলাদেশৰ চৰকাৰে যুতিয়া ভাবে উন্মোচন কৰে ৪ টা প্ৰকল্পৰ । আজি ৰাজধানী চহৰৰ পৰা ভিডিঅ কনফৰেন্সিঙৰ যোগেদি উন্মোচন কৰে দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে ।

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই আজি ১১০০ খন বাছ আৰু ট্ৰেকাৰ বাংলাদেশৰ পথ যাতায়াত ব্যবস্থালৈ যোগানৰ প্ৰকল্প উন্মোচন কৰে । এই প্ৰকল্পটোত দুমহলীয়া বাছ, এ চি বাছ আৰু এ চি সুবিধা নথকা বাছ আৰু ট্ৰাক অন্তভূক্ত কৰা হৈছে ।

৩৬ টা জনস্বাস্থ্যৰ ক্লিনিক ৫ খন ৰাজ্যত স্থাপন কৰা হব । জামালপুৰ, শ্বেৰপুৰ, হাবিগঞ্জ, চুনামগঞ্জ আৰু ব্ৰাহ্মমানবাৰিয়াত স্থাপন কৰা হব ।

পিৰ'জপুৰৰ ভানদাৰিয়া পৌৰসভাত ১১ টা পানী যোগান আচনি আৰু' National knowledge network ' প্ৰসাৰৰ আচনি উন্মোচন কৰে ।

১১০০ খন বাছৰ ৩০০ দুমহলীয়া বাছ, ১০০ খন এ চি সুবিধা নথকা বাছ, ১০০ এ চি যুক্ত চিটি বাছ থাকিব ।

লগতে ৩৫০ খন ১৬. ২ টন কঢ়িয়াব পৰা বাছ আৰু ১৫০ খন ১০.২ টন কঢ়িয়াব পৰা বাছ ।

ঢাকাৰ গাণ'ভবণত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ সৈতে বৈদেশিক মন্ত্ৰী ডঃ এ কে আব্দুল মমেন, শিক্ষা মন্ত্ৰী ডঃ দিপু মনি আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জাহিদ মালিকো উন্মোচন অনুষ্ঠানত উপস্থিত আছিল

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com