হাৰ্ডিক পাটেলৰ কংগ্ৰেছত যোগদান: ৰাহুল গান্ধীক প্ৰশংসা, প্ৰধানমন্ত্ৰীক কটাক্ষ্য

হাৰ্ডিক পাটেলৰ কংগ্ৰেছত যোগদান: ৰাহুল গান্ধীক প্ৰশংসা, প্ৰধানমন্ত্ৰীক কটাক্ষ্য

আজি ৰাহুল গান্ধী আৰু ছুনিয়া গান্ধীৰ উপস্থিতিত হাৰ্ডিক পাটেলে কংগ্ৰেছত যোগদান কৰে । লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত হাৰ্ডিক পাটেলে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহন কৰি গুজৰাটৰ ৬ কোটি লোকৰ হকে কাম কৰি যাব বুলি প্ৰকাশ কৰে । কংগ্ৰেছত যোগদান কৰাৰ পূৰ্বে গান্ধীনগৰ জিলাৰ আদালাজ গাঁওৰ পৰা এক ৰেলীত অংশগ্ৰহণ কৰে ।

কংগ্ৰেছেত যোগদান কৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰে । কয় কংগ্ৰেছে ২৮ ফেব্ৰুৱাৰীত হব লগা কংগ্ৰেছ ৱিকিং কমিটিৰ বৈঠক পিচুৱাই পুলোৱামা কাণ্ডত বাবে কিন্তু প্ৰধানমন্ত্ৰীয়ে দেশজুৰি জনসভা সম্বোধন কৰি আছে ।

২৫ বছৰীয়া পাটিদাৰ নেতা হাৰ্ডিক পাটেলে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীক সত ব্যক্তি বুলি উল্লেখ কৰে। লোকসভা নিৰ্বাচনত বিজেপিক প্ৰতিহত কৰিবলৈ কংগ্ৰেছক এক গোট হবলৈ আহ্বান জনাই ।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com