কৃষি সঁজুলি যোগানৰ বাবে কৃষি সঞ্চালকালয়ৰ নিবিদা আহ্বান

কৃষি সঁজুলি যোগানৰ বাবে কৃষি সঞ্চালকালয়ৰ নিবিদা আহ্বান

ৰাজ্যৰ কৃষি সঞ্চালকালয়ে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য যোজনা(CMSGUY)-ৰ অধীনত কৃষি সঁজুলি (combine harvester)যোগানৰ বাবে নিবিদা বিচাৰিছে। এই নিবিদা combine harvester উত্পাদন কৰা কোম্পানীৰ পৰা বিচৰা হৈছে।ইয়াৰ সবিশেষ http://farmmech.gov.in/LOE.htm-ত পাব।

এই নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে বৈধ Digital Signature Certificate (DSC)থকা সকলে e-Procurement portal: https://assamtenders.gov.in-ত পঞ্জীয়ন কৰাব লাগিব। উক্ত পৰ্টেলত ২৬-০৮-২০২০ৰ পুৱা ১০ বজাৰ পৰা ১৬-০৯-২০২০ৰ দিনৰ ১ বজালৈ নিবিদা নথি উপলব্ধ হব।

অনলাইনৰ জৰিয়তে নিবিদা জমা দিয়াৰ সুবিধা ১৬-০৯-২০২০-ত অন্ত পৰিব। নিবিদা নথি জমা দিয়াত কোনো পলম হলে বা কোনো ভুল হলে কৰ্তৃপক্ষ জগৰীয়া নহব।

স্বাক্ষৰঃ কৃষি সঞ্চালক, অসম খানাপাৰা-২২। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com