অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ মুকলি নিবিদা আহ্বান

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ মুকলি নিবিদা আহ্বান
Published on

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে প্ৰতিষ্ঠিত ফাৰ্ম, কনছালটেণ্ট আদিৰ পৰা অসম আৰক্ষীৰ ছোচিয়েল মিডিয়া প্লেটফৰ্ম পৰিচালনাৰ বাবে মুকলি নিবিদা আহ্বান কৰিছে। নিবিদা নথি অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। ইয়াৰ বাবে অ-প্ৰত্যৰ্পিত ৫০০ টকা মাচুল জমা দিব লাগিব।

এই মাচুল বেংক ড্ৰাফটযোগে জমা দিব লাগিব। এই ড্ৰাফট সহকাৰী আৰক্ষী মহাপৰিদৰ্শক(এ), অসমৰ হকে প্ৰেৰণ কৰিব লাগিব। নিবিদা নথিত উল্লেখ থকা ধৰণে দিন আৰু তাৰিখ অনুসৰি নিবিদা জমা দিব লাগিব।

স্বাক্ষৰঃ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান (এম এণ্ড এল)।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com