নিৰীক্ষণ টাৱাৰ নিৰ্মাণৰ বাবে গোৱালপাৰা বন সংমণ্ডলৰ নিবিদা আহ্বান


নিম্নোক্ত কামৰ বাবে পঞ্জীয়ন থকা ঠিকাদাৰৰ পৰা অনুমোদিত প্ৰ-পত্ৰত বন্ধ নিবিদা আহ্বান কৰা হৈছে। নিবিদা নথিত ৮.২৫ টকাৰ অ-প্ৰত্যৰ্পিত আদালতৰ মাচুলৰ মোহৰ লগাব লাগিব। এই নিবিদা নথি ২৫-০৯-২০২০ৰ বিয়লি ৩-০০ বজালৈ গ্ৰহণ কৰা হব আৰু একেটা স্থান আৰু তাৰিখত বিয়লি ৩-৩০ বজাত মুকলি কৰা হব। নিবিদা নথি নিম্নোক্ত স্বাক্ষৰকাৰী বা কৰ্তৃত্বশীল বিষয়াই নিবিদাকাৰী অথবা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত মুকলি কৰিব। যদি নিবিদা নথি মুকলিৰ তাৰিখটো বন্ধৰ দিন হয়, তেন্তে পৰৱৰ্তী কৰ্মদিনত নিবিদা নথি মুকলি কৰা হব।
বিশদ নিবিদা আহ্বান জাননী সকলো কৰ্মদিনত নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ত ২৫-০৯-২০২০লৈকে চাব পাৰিব। নিবিদা পত্ৰ ১০৫ টকা (এশ পাঁচ টকা) Divisional Forest Officer, Goalpara S.F. Division, Goalpara –ৰ নামত বেংক ড্ৰাফটযোগে পৰিশোধ কৰি ২৫-০৯-২০২০-ৰ বিয়লি ২ বজালৈকে সংগ্ৰহ কৰিব পাৰিব। সকলো চৰ্ত পূৰণ কৰি পূৰ কৰা নিবিদা নথিহে গ্ৰহণ কৰা হব। অন্যথা নিবিদা নাকচ কৰা হব।
কামৰ নামঃ CAMPA-ৰ অধীনত উড়পৰ বিলত নিৰীক্ষণ টাৱাৰ নিৰ্মাণ ।
কামৰ আনুমাণিক মূল্যঃ ১২,০০,০০০টকা।
আমানতৰ ধনঃ সাধাৰণ শ্ৰেণীৰ বাবে ২ শতাংশ আৰু এছ চি-এছ টি-অ বি চিৰ বাবে ১ শতাংশ।
স্বাক্ষৰঃ
মাণ্ডলিক বন বিষয়া, গোৱালপাৰা এছ এফ সংমণ্ডল।