চাৰিটা পাৰ্কিংস্থলৰ বন্দোবস্তিৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিবিদা আহ্বান

চাৰিটা পাৰ্কিংস্থলৰ বন্দোবস্তিৰ বাবে গুৱাহাটী পৌৰ নিগমৰ নিবিদা আহ্বান
Published on

মহানগৰীৰ চাৰিটা নতুন গাড়ী পাৰ্কিংস্থলৰ বন্দোবস্তিৰ বাবে গুৱাহাটী পৌৰ নিগমে বন্ধ খামত নিবিদা আহ্বান কৰিছে। এই কাম ২০২০-২১ত চলি থাকিব। কাম ২০২০ৰ ০১ ছেপ্টেম্বৰৰ পৰা ২০২১ৰ ৩১ মাৰ্চলৈ হব। এহেজাৰ টকা জমা দি মিবিদা নথি সংগ্ৰহ কৰিব পাৰিব।

এই নিবিদা নথি গুৱাহাটীৰ পাণবজাৰৰ নবীন চন্দ্ৰ বৰদলৈহলস্থিত পৌৰ নিগমৰ শাখাৰ কাৰ্যালয়ৰ পৰা সংগ্ৰহ কৰিব পাৰিব। নিবিদা অহা ১১ ছেপ্টেম্বৰৰ দিনৰ ২ বজালৈকে নিগমৰ মুখ্য কাৰ্যালয়ত গ্ৰহণ কৰা হব আৰু ১৫-০৯-২০২০ৰ পুৱা ১১ বজাত নিবিদাকাৰী বা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত মুকলি কৰা হব।

ইয়াৰ প্ৰতিটো পাৰ্কিংস্থলৰ মূল্যৰ তথ্য www.gmcportal.in বা gmc.assam.gov.in-ৰ পৰা সংগ্ৰহ কৰিব পাৰিব।

স্বাক্ষৰঃ আয়ুক্তঃ গুৱাহাটী পৌৰ নিগম।  

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com