প্লাষ্টিক গ্ৰাছ কাৰ্পেট যোগানৰ বাবে সচিবালয় প্ৰশাসনৰ নিবিদা আহ্বান

প্লাষ্টিক গ্ৰাছ কাৰ্পেট যোগানৰ বাবে সচিবালয় প্ৰশাসনৰ নিবিদা আহ্বান
Published on: 

অসম সচিবালয় প্ৰশাসনে প্লাষ্টিক গ্ৰাছ কাৰ্পেট যোগানৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে। এই নিবিদা দুটা ভাগ ( কাৰিকৰী আৰু বিত্তীয়) ভাগত জমা দিব লাগিব আৰু নিবিদাত অ-প্ৰত্যৰ্পিত ৮.২৫ টকাৰ মাচুল আদালতৰ ষ্টাম্পযোগে দিব লাগিব। বন্ধ নিবিদা ১৫-০৯-২০২০ৰ দিনৰ ২ বজালৈকে গ্ৰহণ কৰা হ'ব আৰু একেদিনাই বিয়লি ৩-৩০ বজাত মুকলি কৰা হব। নিবিদা সচিবালয় প্ৰশাসনৰ সচিবৰ কাৰ্যালয় কক্ষত মুকলি কৰা হব। নিবিদাকাৰী বা তেওঁলোকৰ কৰ্তৃত্বশীল প্ৰতিনিধিৰ উপস্থিতিত নিবিদা মুকলি কৰা হ'ব। কোনো অনাকাংক্ষিত ঘটনাৰ বাবে নিবিদা উক্ত দিনা মুকলি কৰিব নোৱাৰিলে সচিবালয় প্ৰশাসনৰ সচিবে নিবিদা মুকলিৰ পৰৱৰ্তী তাৰিখ আৰু সময় নিৰ্ধাৰণ কৰিব।

নিবিদা নথি সচিবালয় প্ৰশাসনৰ পৰা কাৰ্যালয় চলি থকাৰ সময়ত বা https://sad.assarn.gov.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব।

স্বাক্ষৰ, সচিব

সচিবালয় প্ৰশাসন, অসম চৰকাৰ।    

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com