সামগ্ৰী যোগানৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নিবিদা আহ্বান

সামগ্ৰী যোগানৰ বাবে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ নিবিদা আহ্বান

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়স্থিত ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নিম্নোক্ত সামগ্ৰী যোগানৰ বাবে দুটা নিবিদা ভাগত (কাৰিকৰী আৰু বিত্তীয়) আগ্ৰহী চৰকাৰী সংস্থা/ব্যক্তিগত ফাৰ্ম/উৎপাদনকাৰীৰ পৰা বন্ধ নিবিদা বিচৰা হৈছে ৷ নিবিদাত ৮.২৫টকা( আঠ টকা পঁচিশ পইচা)-ৰ আদালতৰ মাচুল (অ-প্ৰত্যৰ্পিত)লগাব লাগিব ৷ নিবিদাৰ চৰ্ত আৰু অৰ্হতাৱলীৰ তথ্য নিম্নোক্ত স্বাক্ষৰকাৰীৰ কাৰ্যালয়ৰ পৰা ১১চেপ্টেম্বৰ ২০২০ৰ পৰা ১৯ ছেপ্টেম্বৰ ২০২০লৈকে সংগ্ৰহ কৰিব পাৰে ৷ ইয়াৰ বাবে ডিমাণ্ড ড্ৰাফটযোগে ১, ০০০(এহেজাৰ)টকা সদস্য সচিব, হাস্পতাল পৰিচালনা সমাজ, ২০০বিছনাযুক্ত ৰাজ্যিক কৰ্কট হাস্পতাল, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, গুৱাহাটী-৭৮১-০৩২-ৰ হকে প্ৰেৰণ কৰিব লাগিব।

নিবিদা নথি এচ চি আইৰ ৱেবছাইট www.sciassam.orgৰ পৰাও ডাউনল'ড কৰিব পাৰে। পূৰ কৰা নিবিদা ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত জমা দিব লাগিব। নিবিদা নথিৰ সৈতে ডিমাণ্ড ড্ৰাফট গাঁথি দিব লাগিব ৷ এই ডিমাণ্ড ড্ৰাফট এছ বি আইৰ জি এম চি এইচ শাখাত ভঙাব পাৰিব লাগিব।

প্ৰাক-নিবিদা সভা ক্ৰমিক নম্বৰ এক আৰু দুইৰ বাবে ১৫ছেপ্টেম্বৰত আৰু ক্ৰমিক নম্বৰ তিনি আৰু চাৰিৰ বাবে ১৬ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব ৷

নিবিদা অহা ১৯চেপ্টেম্বৰৰ দিনৰ দুই বজালৈকে জমা দিব পাৰিব ৷

উক্ত নিবিদা অহা ১৯ছেপ্টেম্বৰৰ বিয়লি তিনি বজাত মুকলি কৰা হ'ব।

নিবিদাৰ সবিশেষ নিম্নোক্তধৰণৰঃ

১(ক): নিবিদা নম্বৰঃ SCl/HMS/Tender/Physio/Equipment/72/ 2020/20, তাৰিখ : ০৮ ছেপ্টেম্বৰ, ২০২০৷

(খ) ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (জি এম চি এইচ)-ত ফিজিঅ'থেৰাপীৰ সঁজুলি সংগ্ৰহৰ বাবে নিবিদা ৷

২(ক) নিবিদা নম্বৰঃ SCI/HMS/Tender/Computer/70/2020/20, তাৰিখ : ০৮ ছেপ্টেম্বৰ, ২০২০৷ (খ) ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (জি এম চি এইচ)-ত কম্পিউটাৰ আৰু একচেচৰীজ যোগানৰ বাবে নিবিদা ৷

৩.(ক) নিবিদা নম্বৰঃ SCl/HMS/Tender/Liveries/74/2020/20, তাৰিখঃ ০৮ ছেপ্টেম্বৰ ৷

(খ) ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান(জি এম চি এইচ)ত চতুৰ্থবৰ্গৰ কৰ্মী(পুৰুষ-মহিলা)ৰ বাবে ইউনিফৰ্ম যোগান ৷

৪(ক) নিবিদা নম্বৰঃ SCl/HMS/Tender/Linen/71/2020/20, তাৰিখ : ০৮ ছেপ্টেম্বৰ, ২০২০ ৷

খ) ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান (জি এম চি এইচ)-ত লিনেন কাপোৰ যোগানৰ বাবে নিবিদা ৷

স্বাক্ষৰঃ 

অধিীক্ষক, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান,

গুৱাহাটী মেডিকেল কলেজ । 

গুৱাহাটী-৭৮১-০৩২ 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com