এল পি জি গেছ বেংকৰ যান্ত্ৰিক কামৰ বাবে তেজপুৰ মেডিকেলৰ নিবিদা আহ্বান

এল পি জি গেছ বেংকৰ যান্ত্ৰিক কামৰ বাবে তেজপুৰ মেডিকেলৰ নিবিদা আহ্বান

                                                                                                                নিবিদা জাননী

তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধ্যক্ষ তথা মুখ্য অধীক্ষকে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ এল পি জি গেছ বেংকত যান্ত্ৰিক কামৰ বাবে বন্ধ নিবিদা আহ্বান কৰিছে ৷ নিবিদা অধ্যক্ষ তথা মুখ্য অধীক্ষক, টি এম চি এইচ, তেজপুৰ, বিহগুৰি, তেজপুৰ, শোণিতপুৰ, পিনঃ ৭৮৪০১০এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব ৷ উক্ত কাৰ্যালয়ত ২৪-০৯-২০২০ৰ বিয়লি তিনি বজাৰ ভিতৰত নিবিদা পাব লাগিব ৷ যদি নিবিদা গ্ৰহণৰ শেষ তাৰিখত বন্ধ ঘোষিত হয় তেন্তে পৰৱৰ্তী কৰ্মদিনৰ অনুমোদিত সময়ৰ ভিতৰত নিবিদা গ্ৰহণ কৰা হ'ব ৷

বিশদ নিবিদা আহ্বান জাননী ১৩-০৯-২০২০ৰ পৰৰ ২৪-০৯-২০২০লৈকে টি এম চি এইচৰ ৱেবছাইট. www.tmcassam.org-ৰ পৰা ডাউনল'ড কৰিব পাৰিব ৷ নিবিদা ২৪-০৯-২০২০ৰ ৩-৩০বজাত মুকলি কৰা হ'ব ৷নিবিদা মুকলিৰ সময়ত নিবিদাকাৰী অথবা তেওঁলোকৰ প্ৰতিনিধি উপস্থিত থাকিব পাৰিব ।

স্বাক্ষৰঃ

অধ্যক্ষ তথা মুখ্য অধীক্ষক, তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাল, টুমুকী, বিহগুৰি, তেজপুৰ, শোণিতপুৰ, অসম ৷

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com