জলসম্পদ বিভাগ (ডিব্ৰুগড়)-ৰ সুকীয়া প্ৰকল্পৰ বাবে নিবিদা আহ্বান

জলসম্পদ বিভাগ (ডিব্ৰুগড়)-ৰ সুকীয়া প্ৰকল্পৰ বাবে  নিবিদা আহ্বান

                                                                                               নিবিদাৰ বাবে প্ৰেছ জাননী

জলসম্পদ বিভাগৰ ডিব্ৰুগড়স্থিত উজনি অসম মণ্ডলৰ অতিৰিক্ত মুখ্য অভিযন্তাই অসমৰ ৰাজ্যপালৰ হৈ নিম্নোক্ত কামৰ বাবে নিবিদা বিচাৰিছে।

১) নিবিদা জলসম্পদ বিভাগৰ কাম কৰা আৰু বিত্তীয় আৰু কাৰিকৰী দিশৰ পৰা সবল বিভাগৰ পঞ্জীয়নকৃত ঠিকাদাৰে এছ বি ডি সংগ্ৰহ কৰিব পাৰে। এই এছ বি ডি https://assamtenders.gov.inৰ পৰা ডাউনলোড কৰিব পাৰে। এই এছ বি ডিত কোনো সংশোধনী বা সংযোগ কৰিবলগীয়া হলে উক্ত ৱেবছাইটত প্ৰকাশ পাব।

২) ঠিকাদাৰ বা নিবিদাকাৰী ইলেক্ট্ৰনিক টেণ্ডাৰিং ছিষ্টেমত পঞ্জীয়নভুক্ত হব লাগিব। ইয়াৰ ৱেবছাইট https://assamtenders.gov.in। ঠিকাদাৰসকলে বিনামূল্য নিবিদা নথি ডাউনলোড কৰিব পাৰে। নিজৰ ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰি নিবিদাকাৰীয়ে ই টি এছৰ পৰা নিবিদা নথি ডাউনলোড কৰিব পাৰে। কিন্তু ই টি এছৰ পৰা ডাউনলোড নকৰা অথবা নিজৰ ডিজিটেল স্বাক্ষৰ ব্যৱহাৰ কৰি ডাউনলোড নকৰা নিবিদা নথি অগ্ৰাহ্য কৰা হব। অনলাইন নিবিদা জমা ঠিকাদাৰে কাৰিকৰী ভাগৰ নিবিদা হাতে হাতে জমা দিব লাগিব।

কাৰিকৰী ভাগৰ নিবিদা জমা দিয়াৰ শেষ তাৰিখ আৰু সময় অনলাইন ভাগ জমা দিয়াৰ সৈতে একে হব। যদি বিত্তীয় ভাগ অফলাইনত জমা দিয়ে তেন্তে নিবিদা নাকচ কৰা হব।

৩) সকলো আগ্ৰহী নিবিদাকাৰীকে নিবিদা জমা দিয়াৰ পূৰ্বে নিবিদা নথি সাৱধানেৰে আৰু ভালদৰে পঢ়িবলৈ অনুৰোধ জনোৱা হল।

৪) ই-টেণ্ডাৰিং সম্পৰ্কীয় কোনো তথ্য জানিবলৈ aceuazetendering@gmail.com-লৈ মেইল কৰিব পাৰে।

স্বাক্ষৰঃ

অতিৰিক্ত মুখ্য অভিযন্তা,

উজনি অসম মণ্ডল, জলসম্পদ বিভাগ, ডিব্ৰুগড়। 

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com