অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উত্তৰ লক্ষিমপুৰ আঞ্চলিক গোটে এন আৰ চি সন্দৰ্ভত কৰা বিৰূপ মন্তব্যৰ বাবে পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে এই প্ৰতিবাদ কৰা বুলি জানিব পৰা গৈছে।সংগঠনটোৱে কয় যে ঐতিহাসিক অসম আন্দোলনত অসম আইৰ বাবে প্ৰাণ আহুতি দিয়া ৮৫৫ জন শ্বহীদক মমতা বেনাৰ্জীয়ে অপমান কৰিছে।সংগঠনটোৰ সভাপতি জ্যোতি দাস আৰু সম্পাদক দিগন্ত ভূঞাই নেতৃত্ব বহন কৰা প্ৰতিবাদী কাৰ্য্যসুচীত নেতৃবৃন্দই কঠোৰ সকিয়নি প্ৰদান কৰি কয় যে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ সচিব মমতা বেনাৰ্জী অসমবাসীৰ স্বাভিমানৰ লগত খেলা কৰিছে কেৱল ৰাজনৈতিক স্বাৰ্থ পূৰন কৰিবৰ বাবে।দেশৰ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত কেন্দ্ৰীয় আৰু ৰাজ্যিক ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ দুখনে বাংলাদেশীৰ চৰনীয়া পথাৰলৈ পৰিনিত হোৱা অসমৰ খিলঞ্জীয়া লোক সকলক ৰক্ষাৰ বাবে এনআৰচি প্ৰকাশ কৰিছে।অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰাজ্যিক সম্পাদক সুদিপ্ত হাজৰিকাই মমতা বেনাৰ্জীৰ বিৰুদ্ধে উত্তৰ লক্ষিমপুৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com