বিবাহ উপযোগী কিছু সুন্দৰ ভাৰতীয় স্থান
বিবাহ উপযোগী কিছু সুন্দৰ ভাৰতীয় স্থান

বিবাহ উপযোগী কিছু সুন্দৰ ভাৰতীয় স্থান

The Sentinel বিবাহ উপযোগী কিছু সুন্দৰ ভাৰতীয় স্থান 15 Nov, 2021
Published on

উদয়পুৰ

"পূৰ্বৰ ভেনিচ" নামেৰে জনাজাত, উচ্চ সংস্কৃতি, স্থাপত্যশিল্প, ঐতিহ্য, মনোমোহা হ্ৰদ আদিৰে সমৃদ্ধিশালী উদয়পুৰ বিবাহৰ বাবে এটি অতিকৈ মোহনীয় গন্তব্যস্থান

দিল্লী, এন চি আৰ

বহুতো হিন্দী চলচ্চিত্ৰৰ শুভ বৰ্ধন কৰা, দিল্লীত স্থিত সৈনিক ফাৰ্ম বিবাহৰ বাবে এক বিলাসী স্থান

কেৰেলা

যদিহে আপুনি বিবাহৰ বাবে এক শান্তিপ্ৰিয় স্থানৰ কল্পনা কৰে, তেন্তে কেৰেলাৰ হ্ৰদৰ মাজৰ সুন্দৰ স্থান সমূহ আপোনাৰ নিশ্চয় কৈ পছন্দ হ'ব

গোৱা

এক ট্ৰেণ্ডি বিবাহ স্থান। মনোমোহা সমুদ্ৰতীৰ, ঐতিহাসিক গিৰ্জাঘৰ আৰু শ্বাসৰুদ্ধকাৰী সূৰ্যাস্ত, এই সকলোৱে মিলি গোৱাক এক আকৰ্ষণীয় বিবাহ স্থান ৰূপে গঢ় দিয়ে

জয়পুৰ

বিলাসী বিবাহ সমূহৰ বাবে নিশ্চিত ভাৱে এক আকৰ্ষণীয় গন্তব্য স্থান। "পিংক চিটি" নামে পৰিচিত জয়পুৰ নিজৰ ৰাজমহলত অনুষ্ঠিত কৰা বিবাহ আৰু বিলাসী উদযাপন বাবে অতিকৈ প্ৰসিদ্ধ

অমৃতসৰ

যদিহে আপুনি এখনি পাৰম্পৰিক পাঞ্জাৱী বিবাহৰ সপোন দেখিছে, তেন্তে অমৃতসৰকৈ শ্ৰেয় বিকল্প আৰু কোনো হ'ব নোৱাৰে

আগ্ৰা

প্ৰেমৰ নামে প্ৰসিদ্ধ তাজমহলটোৱে আগ্ৰাক সুন্দৰ আৰু ৰোমান্টিক বিবাহ সমূহৰ বাবে সৰ্বশ্ৰেষ্ঠ কৰি তোলে

গুজৰাট

ৰাজকীয় বিবাহ সমূহৰ বাবে জনাজাত, গুজৰাট নিজৰ সংস্কৃতি আৰু ঐতিহ্যৰ বাবে অতিকৈ চহকী। ঠাইখন বিবাহৰ বাবে উপযোগী আকৰ্ষণীয় দুৰ্গ আৰু অন্যান্য সুন্দৰ বভ অৱস্থানেৰে ভৰা

আন্দামান আৰু নিকোবৰ

এক সুন্দৰ বিবাহ উপযোগী দ্বীপ, নিৰ্মল জল, সোণালী বৰণীয়া বালি আৰু ভাৰতৰ আটাইতকৈ পৰিস্কাৰ সমুদ্ৰতীৰৰ বাবে এই ঠাইখিনি অতিকৈ প্ৰসিদ্ধ

যোধপুৰ

ৰাজকীয় বিবাহ সমূহৰ বাবে অন্য এক প্ৰসিদ্ধ অৱস্থান যোধপুৰ। "ব্লু চিটি" নামেৰে প্ৰসিদ্ধ যোধপুৰ সুন্দৰ ৰাজভৱন আৰু বিলাসী স্থানেৰে ভৰা

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com