উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে
উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে

উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে

আজিৰ অসম উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে 20 December, 2021
Published on

কাজিৰঙাৰ এশিঙিয়া গঁড় চাবলৈ যাব পাৰেঃ

এশিঙিয়া গঁড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত। জাৰৰ এই দিনকেইটাত আপুনিও কাজিৰঙালৈ এপাক মাৰিব পাৰে ৷

ডাউকি নৈৰ কাষত বনভোজঃ

বনভোজৰ বাবে এক আকৰ্ষণীয় স্থান হৈছে নিৰ্মল পানীৰ নৈ ডাউকি। আপুনিও পৰিয়াল অথবা বন্ধু-বান্ধৱৰ লগত দাৱকীৰ পাৰত বনভোজ খাবলৈ যাব পাৰে ৷

লকটক হ্ৰদঃ

মণিপুৰৰ সবাতোকৈ সুন্দৰ পৰ্যটনস্থলী হৈছে লকটক হ্ৰদ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত আপুনিও লকটক হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাব পাৰে ৷

এছিয়াৰ সবাতোকৈ পৰিচ্ছন্ন গাঁওখনঃ

এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও হৈছে মেঘালয়ৰ মাওলাইনং ৷ এই শীতত আপুনিও এপাক এই গাঁৱলৈ যাব পাৰে ৷ ইয়ে আপোনাৰ জীৱনত নতুনত্বৰ সংযোজন ঘটাব ৷

গছৰ মূলৰ দলংখনঃ

মেঘালয়ৰ অন্যতম আৰু স্বকীয়তাপূৰ্ণ পৰ্যটনস্থলী হৈছে গছৰ মূলৰ দলংখন ৷ এই দলং দেশৰ সবাতোকৈ ব্যতিক্ৰমী পৰ্যটনস্থলী ৷ আপুনি এই স্থান ভ্ৰমণ নতুন বছৰত নতুন ধৰণেৰে অগ্ৰসৰ হ’ব পাৰে ৷

ছিকিমৰ কাঞ্চনজংঘাঃ

ছিকিমৰ কাঞ্চনজংঘা পাহাৰত থিয় হৈ চৌদিশৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ গেংটক, লাচুং আদিও ছিকিমৰ আকৰ্ষণীয় পৰ্যটনস্থলী ৷

নিজকে পাহৰিব পৰা স্থান মাজুলীঃ

এক সুন্দৰ সংস্কৃতিৰ মাজত সময় অতিবাহিত কৰাৰ সুযোগ দিয়ে মাজুলীয়ে ৷ এই নদী দ্বীপ হৈছে সংস্কৃতিৰ ৰহঘৰা ৷

ক’হিমাৰ সৌন্দৰ্যৰ অন্বেষণঃ

নগালেণ্ডৰ ৰাজধানী ক’হিমাও এক সুন্দৰ তথা আকৰ্ষণীয় পৰ্যটনস্থলী ৷ ডিচেম্বৰত নগালেণ্ডত হ’ৰ্ণবিল উৎসৱো উদযাপন কৰা হয় ৷

মেঘালয়ৰ কাফে হ’পিংঃ

মেঘালয়ৰ প্ৰকৃতিৰ ৰম্যপুৰীত অৱস্থিত সুন্দৰ নগৰ আছে ৷ আপুনি নৱবৰ্ষৰ প্ৰাকক্ষণতো এই নগৰ ভ্ৰমণ কৰিব পাৰে ৷

মিজোৰামৰ সুপ্ত সৌন্দৰ্য উপভোগ কৰিব পাৰে !

উত্তৰ-পূবৰ অন্যতম ৰাজ্য মিজোৰামৰ এখন সুন্দৰ নগৰ হৈছে ছেৰচিপ ৷ আপুনি এই নগৰ ভ্ৰমণ কৰি তাৰ পৰাই এইবাৰ নৱবৰ্ষ আৰম্ভ কৰিব পাৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com