উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে
উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে

উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে

আজিৰ অসম উত্তৰ-পূবৰ ১০ খন আকৰ্ষণীয় পৰ্যটনস্থলীঃ নৱবৰ্ষত শীতৰ আমেজ ল’ব পাৰে 20 December, 2021
Published on: 

কাজিৰঙাৰ এশিঙিয়া গঁড় চাবলৈ যাব পাৰেঃ

এশিঙিয়া গঁড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ববিখ্যাত। জাৰৰ এই দিনকেইটাত আপুনিও কাজিৰঙালৈ এপাক মাৰিব পাৰে ৷

ডাউকি নৈৰ কাষত বনভোজঃ

বনভোজৰ বাবে এক আকৰ্ষণীয় স্থান হৈছে নিৰ্মল পানীৰ নৈ ডাউকি। আপুনিও পৰিয়াল অথবা বন্ধু-বান্ধৱৰ লগত দাৱকীৰ পাৰত বনভোজ খাবলৈ যাব পাৰে ৷

লকটক হ্ৰদঃ

মণিপুৰৰ সবাতোকৈ সুন্দৰ পৰ্যটনস্থলী হৈছে লকটক হ্ৰদ ৷ ইংৰাজী নৱবৰ্ষৰ প্ৰাকক্ষণত আপুনিও লকটক হ্ৰদৰ সৌন্দৰ্য উপভোগ কৰিবলৈ যাব পাৰে ৷

এছিয়াৰ সবাতোকৈ পৰিচ্ছন্ন গাঁওখনঃ

এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও হৈছে মেঘালয়ৰ মাওলাইনং ৷ এই শীতত আপুনিও এপাক এই গাঁৱলৈ যাব পাৰে ৷ ইয়ে আপোনাৰ জীৱনত নতুনত্বৰ সংযোজন ঘটাব ৷

গছৰ মূলৰ দলংখনঃ

মেঘালয়ৰ অন্যতম আৰু স্বকীয়তাপূৰ্ণ পৰ্যটনস্থলী হৈছে গছৰ মূলৰ দলংখন ৷ এই দলং দেশৰ সবাতোকৈ ব্যতিক্ৰমী পৰ্যটনস্থলী ৷ আপুনি এই স্থান ভ্ৰমণ নতুন বছৰত নতুন ধৰণেৰে অগ্ৰসৰ হ’ব পাৰে ৷

ছিকিমৰ কাঞ্চনজংঘাঃ

ছিকিমৰ কাঞ্চনজংঘা পাহাৰত থিয় হৈ চৌদিশৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিব পাৰে ৷ গেংটক, লাচুং আদিও ছিকিমৰ আকৰ্ষণীয় পৰ্যটনস্থলী ৷

নিজকে পাহৰিব পৰা স্থান মাজুলীঃ

এক সুন্দৰ সংস্কৃতিৰ মাজত সময় অতিবাহিত কৰাৰ সুযোগ দিয়ে মাজুলীয়ে ৷ এই নদী দ্বীপ হৈছে সংস্কৃতিৰ ৰহঘৰা ৷

ক’হিমাৰ সৌন্দৰ্যৰ অন্বেষণঃ

নগালেণ্ডৰ ৰাজধানী ক’হিমাও এক সুন্দৰ তথা আকৰ্ষণীয় পৰ্যটনস্থলী ৷ ডিচেম্বৰত নগালেণ্ডত হ’ৰ্ণবিল উৎসৱো উদযাপন কৰা হয় ৷

মেঘালয়ৰ কাফে হ’পিংঃ

মেঘালয়ৰ প্ৰকৃতিৰ ৰম্যপুৰীত অৱস্থিত সুন্দৰ নগৰ আছে ৷ আপুনি নৱবৰ্ষৰ প্ৰাকক্ষণতো এই নগৰ ভ্ৰমণ কৰিব পাৰে ৷

মিজোৰামৰ সুপ্ত সৌন্দৰ্য উপভোগ কৰিব পাৰে !

উত্তৰ-পূবৰ অন্যতম ৰাজ্য মিজোৰামৰ এখন সুন্দৰ নগৰ হৈছে ছেৰচিপ ৷ আপুনি এই নগৰ ভ্ৰমণ কৰি তাৰ পৰাই এইবাৰ নৱবৰ্ষ আৰম্ভ কৰিব পাৰে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com