২০২১চনত শাসন কৰা কিছু ফেশ্বন ট্ৰেণ্ডছ মিডৰিফ ফ্লচ্ছিং
মিডৰিফ ফ্লচ্ছিং
২০২১বৰ্ষত প্ৰত্যক্ষিত হৈছিল কিছু অতিকৈ আকৰ্ষণীয় ষ্টাইলৰ। ইয়াৰ মাজত সৰ্বোত্তম আছিল মিডৰিফ ফ্লচ্ছিং, যিয়ে সকলোকে কৰি তুলিব পাৰে বিনা দ্বিধাই আকৰ্ষণীয়।
টাই - ডাই প্ৰিণ্ট
সকলো ধৰণৰ কাপোৰকে সজীৱ ৰূপ দিব পৰা টাই- ডাই প্ৰিণ্টক নামাকৰণ কৰিব পাৰি, "এই ঋতুৰ প্ৰিণ্ট" হিচাপে।
চিকুইন শাৰী
৯০ দশকৰ জনপ্ৰিয় চিকুইন শাৰী পুনৰ এবাৰ শীৰ্ষ লৈ আহিল এই বছৰত, এই আকৰ্ষণীয় শাৰী সমূহত বি - টাউনৰ সুন্দৰী সকলক দেখা লোৱাটো আছিল এক সৌভাগ্যৰ কথা।
মেটালিক গাউন
এই বৰ্ষত অভিনেত্ৰী মালাইকা অৰোৰাক দেখিবলৈ পোৱা গৈছিল কিছু আকৰ্ষণীয় মেটালিক সাজত, যি হয়টো দুৰ্বল হৃদয়ৰ লোকৰ বাবে প্ৰযোজ্য নহ'ব।
ফৌক্স লেডাৰ ষ্টাইল
ফৌক্স লেডাৰে তৈয়াৰী সাজ সমূহ নিসন্দেহে এই বৰ্ষৰ সবাটোতকৈ প্ৰিয় সাজ আছিল।
বডীকন ড্ৰেছ
এই ট্ৰেণ্ড জনপ্ৰিয় কৰি তুলিছিল অভিনেত্ৰী নৰা ফটেহীয়ে। দেহত লিপিত খাই পৰা এই সাজযোৰে সৌন্দৰ্য্য বৰ্ণন কৰে প্ৰতিগৰাকী যুৱতীৰে।
পেন্ট - চুট
কিয়াৰা আদ্বানিয়ে পৰিধান কৰাৰ দৰে এক ৰঙী পেন্ট - চুট আকা এক ৰঙী সাজে সক্ষম হৈছিল সকলোৰে ধ্যান আকৰ্ষণ কৰিবলৈ।
কৰ্ছেট ড্ৰেছ
এই ভিন্টেজ ট্ৰেণ্ড ষ্টাইল বৰ্তমান সময়ত প্ৰত্যক্ষ কৰিব পাৰি সকলোতে। ফটোত দেখিবলৈ পাইছে অভিনেত্ৰী কেটৰীনা কাইফক নীলা বৰণৰ এটি কৰ্ছেট গাউন পৰিধান কৰা।
ক' - অৰ্ডছ ছেট
সাধাৰণ এটি ড্ৰেছক আকৰ্ষণীয় কৰি তোলক আদিতি ৰাও হাইদৰিৰ দৰে। অভিনেত্ৰী গৰাকীয়ে পৰিধান কৰিছে মটীয়া - নীলা বৰণৰ এটি সুঁতি টপৰ সৈতে এক বহল পেন্ট।
নাটকীয় হাত
নাটকীয় হাতৰ এই ট্ৰেণ্ড অতিকৈ জনপ্ৰিয়। এনে এক হাতেৰে তৈয়াৰী এটি সাজ পৰিধান কৰিছে অভিনেত্ৰী কৃতি চেননে।