ভাৰতৰ নাম বিশ্বৰ মানচিত্ৰত উজ্বলাই তোলা মিছ ইউনিৰ্ভাছ হৰ্নাজ কৌৰ সান্ধুৰ বিষয়েঃ
চণ্ডীগড়ৰ সেই যুৱতীগৰাকী এতিয়া মিছ ইউনিৰ্ভাছ
হৰ্নাজ কৌৰ সান্ধু হৈছে ভাৰতৰ তৃতীয়গৰাকী সুন্দৰী যি মিছ ইণ্ডিয়া খিতাপ অৰ্জন কৰিছে ৷ তেওঁৰ পূৰ্বে ১৯৯৪-ত সুস্মিতা সেনে আৰু ২০০০-ত লাৰা দত্তই এই খিতাপ অৰ্জন কৰিছিল ৷
ইজৰাইলৰ এলিয়াটত অনুষ্ঠিত মিছ ইউনিৰ্ভাছ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্বত হৰ্নাজে পাৰাগুৱে আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰতিদ্বন্দ্বীক পৰাজিত কৰে ৷
অনুষ্ঠানত ২০২০ৰ মিছ ইউনিৰ্ভাছ মেক্সিকোৰ এণ্ড্ৰী মেজাই ২১ বছৰীয়া ভাৰতীয় সুন্দৰীগৰাকীৰ শিৰত মুকুট পৰিধান কৰোৱায় ৷
হৰ্নাজে ২০২১-ত মিছ ডিভা আৰু ২০১৯-ত ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱ খিতাপ অৰ্জন কৰে ৷ তদুপৰি তেওঁ ২০১৯ত ফেমিনা মিছ ইণ্ডিয়া প্ৰতিযোগিতাৰ শীৰ্ষ ১২ গৰাকীৰ মাজত স্থান লাভ কৰিছিল ৷
হৰ্নাজৰ মাতৃ এগৰাকী প্ৰসূতি বিশেষজ্ঞ ৷ প্ৰসূতি ৰোগ আৰু ঋতুচক্ৰজনিত সমস্যাৰ চিকিৎসা সেৱা আগবঢ়োৱা কামত মাকক সহায় কৰি হৰ্নাজ ডাঙৰ-দীঘল হয় ৷
হৰ্নাজে এতিয়াৰ পৰা নিউয়ৰ্ক মহানগৰত বাস কৰিবলৈ ল’ব ৷ বছৰটোৰ বাবে তেওঁৰ কাম মিছ ইউনিৰ্ভাছ সংস্থাই ঠিৰাং কৰিব ৷