বন্ধৰ দিন উপভোগৰ সময়ৰ অভিনেত্ৰী আইশা শৰ্মাৰ আকৰ্ষণীয় ফটো
বন্ধৰ দিন উপভোগৰ সময়ৰ অভিনেত্ৰী আইশা শৰ্মাৰ আকৰ্ষণীয় ফটো

বন্ধৰ দিন উপভোগৰ সময়ৰ অভিনেত্ৰী আইশা শৰ্মাৰ আকৰ্ষণীয় ফটো

আজিৰ অসম বন্ধৰ দিন উপভোগৰ সময়ৰ অভিনেত্ৰী আইশা শৰ্মাৰ আকৰ্ষণীয় ফটো 7 December, 2021
Published on

বহুতৰে হৃদয়ত কম্পন তুলিব পৰা ফটোখন

ব্যয়বহুল ভ্ৰমণৰ সময়ত কেমেৰাৰ সন্মুখত অভিনেত্ৰীগৰাকীয়ে দিয়া এনে প’জৰ ফটো তেওঁ ইনষ্টাগ্ৰামত আপলোড কৰিছে ৷ ফটোবোৰ চালে এখন সৰ্বাংগ সুন্দৰ ভ্ৰমণ আলোচনীৰ পাত লুটিয়াই থকা যেন লাগে ৷

জ্যেষ্ঠ ভগ্নী নেহা শৰ্মাৰ সৈতে কৰা ভ্ৰমণ

আইশা শৰ্মা হৈছে “ টুম বিন-২” খ্যাত নেহা শৰ্মাৰ কনিষ্ঠা ভগ্নী ৷ দুয়ো প্ৰায়ে একেলগে ভ্ৰমণ কৰে ৷

ইয়াত আইশা শৰ্মাৰ বহুতৰে শ্বাস-প্ৰশ্বাস দ্ৰুত কৰা কিছুসংখ্যক ফটো দিয়া হৈছে ৷ এইসমূহ তেওঁৰ ভ্ৰমণ দিনপঞ্জীৰ পৰা লোৱা হৈছেঃ

ৰাছিয়াৰ বাটে-পথেঃ

ৰাছিয়াৰ সুন্দৰ মহানগৰ মস্কো পথত এজোপা গছৰ তলত ৰৈ তোলা বিশেষ ভংগীমাৰ ফটো ৷

গোৱাত চাইক্লিং কৰাৰ মুহূৰ্ততঃ

ভ্ৰমণৰ সময়ত আইশা শৰ্মাই চাইকেল চলাই ভাল পায় । এই ফটোত তেওঁ চাইকেল চলাই গোৱাৰ সৌন্দৰ্য উপভোগ কৰিছে ৷

অভিযানমূলক ভ্ৰমণঃ

“ সত্যমেৱ জয়তে’’ খ্যাত অভিনেত্ৰীগৰাকীয়ে দুঃসাহসী ক্ৰীড়া ভাল পায় ৷ ডুবাই ভ্ৰমণৰ সময়ত তেওঁ দুঃসাহসৰ পৰিচয় দি স্কাইডাইভিং কৰে ৷

ৰাজস্থানৰ জয়চালমেৰত ভগ্নীৰ সৈতে আইশাঃ

ভগ্নী নেহাৰ লগত পৃথিৱীৰ বহু ঠাই ভ্ৰমণ কৰিছে আইশা শৰ্মাই ৷ ৰাজস্থানৰ জয়চালমেৰ ভ্ৰমণৰ সময়ত দুয়োকে এনেদৰে দেখা গ’ল ৷

ফ্ল’ৰিডাৰ সমুদ্ৰতীৰতঃ

বলিউডৰ বহু চেলিব্ৰিটিয়ে ৰ’দ পুৱাবৰ বাবে সাধাৰণতে মালদ্বীপ ভ্ৰমণ কৰে ৷ কিন্তু আইশাই আমেৰিং ফ্ল’ৰিডা ভ্ৰমণ কৰিলে ৷ ফ্ল’ৰিডাৰ ক্লীয়াৰ ৱাটাৰ বীচ্চত তেওঁক এনেদৰে দেখা গ’ল ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com