অক্ষয় কুমাৰৰ স্থান সৰ্বাধিক আয় কৰা অভিনেতাসকলৰ মাজত আছে। ২০১০ ৰ পৰা তেওঁৰ ইখনৰ পাছত সিখন হিট ছবি হিট হৈছে।
নতুন নীতি-নিয়মাৱলী গঢ়োতাঃ
অক্ষয় কুমাৰৰ স্থান সেইসকল বলিউডৰ অভিনেতাৰ মাজত, যিসকলে অভিনয় কৰা ছবিৰ আয়ৰ এটা অংশ নিজৰ পাৰিশ্ৰমিকৰূপে লয়। ২০০৮ৰ পৰা এই নিয়ম প্ৰৱৰ্তন হয়। তেতিয়াই অক্ষয় কুমাৰে এই নীতি গ্ৰহণ কৰে।
ছবিৰ পাৰিশ্ৰমিক
অক্ষয় কুমাৰে এখন ছবিৰ পৰা কিমান পাৰিশ্ৰমিক লয়, সেয়া নিৰ্ণয় কৰাটো কঠিন। কাৰণ তেওঁৰ ছবিসমূহৰ অধিকাংশ তেওঁ নিজেই প্ৰযোজনা কৰা। গতিকে এখন ছবিৰ লাভৰ এটা অংশ তেওঁ লয়।
অক্ষয় কুমাৰৰ প্ৰয়োজনা সংস্থাঃ
অভিনেতা অক্ষয় কুমাৰে ২০০৮ ত তেওঁৰ প্ৰযোজনা সংস্থা প্ৰতিষ্ঠা কৰে। তেওঁৰ এই প্ৰযোজনা গৃহ বা সংস্থাৰ নাম হৰি ওম এণ্টাৰটেইনমেণ্ট। এই প্ৰযোজনা গৃহই এয়াৰ লিফট, হলীডে আদি ছবি নিৰ্মাণ কৰিছে।
অক্ষয় কুমাৰৰ দ্বিতীয়টো প্ৰযোজনা সংস্থাঃ
২০১১ত তেওঁ গ্ৰেজিং গট পিকচাৰ্ছ শীৰ্ষক এটা সুকীয়া ছবি প্ৰয়োজনা সংস্থা স্থাপন কৰে। এই ছবি প্ৰযোজনা সংস্থাই ফুগলী, সিং ইজ ব্লিং আৰু অ এম জি-অহ মাই গডৰ লেখীয়া ছবি প্ৰযোজনা কৰিছে।
অক্ষয় কুমাৰৰ মুম্বাইৰ গৃহ
অভিনেতা অক্ষয় কুমাৰে মুম্বাইৰ জুহুস্থিত প্ৰাইম বীচ্চ এপাৰ্টমেণ্টৰ এটা বিলাসী ডুপ্লেক্সত বাস কৰে। ২০১৮ত এই ডুপ্লেক্সৰ মূল্য ৮০ কোটি টকা আছিল। তদুপৰি মুম্বাই মহানগৰীত তেওঁৰ ৰিয়েল ইষ্টেটটো বিনিয়োগ আছে।
অক্ষয় কুমাৰৰ গাড়ীঃ
অক্ষয় কুমাৰে যিকোনো ধৰণৰ গাড়ী ভাল পায়। কিন্তু প্ৰেক্টিকেল চিন্তাৰে গাড়ী ক্ৰয় কৰে। অভিনেতাজনৰ মুঠ ১১ খন বিলাসী গাড়ী আছে। এই বিলাসী গাড়ীসমূহৰ মাজত কেইখনমান মাৰ্চিডিজ বেঞ্জ, এখন বেণ্টলে আৰু কেইখনমান পৰ্স্ক আছে। তদুপৰি তেওঁৰ দামী বাইকো আছে।
বিনিয়োগৰ পৰা অক্ষয় কুমাৰৰ আয়
বিনিয়োগৰ পৰা অক্ষয়ে প্ৰতিমাহে ৪-৬ কোটি টকা আয় কৰে। তেওঁ হৈছে বৈচিত্ৰপূৰ্ণ ক্ষেত্ৰত বিনিয়োগ কৰা ক্ৰিকেতাৰকে ধৰি চেলিব্ৰিটীসকলৰ শীৰ্ষত আছে।
অক্ষয় কুমাৰৰ মুঠ সা-সম্পদৰ মূল্যঃ
বিভিন্ন উত্সৰ তথ্য অনুসৰি অক্ষয় কুমাৰৰ মুঠ সা-সম্পত্তিৰ মূল্য ২ হেজাৰ কোটি টকাৰো অধিক। ইয়াৰ ভিতৰত তেওঁৰ সম্পত্তি, বহুসংখ্যক ৰিয়েল ইষ্টেট প্ৰকল্প আৰু ব্যৱসায়িক কৰ্ম আছে।
ক্ৰীড়া দলত অংশঃ
সমগ্ৰ বিশ্বৰ বিভিন্ন ক্ৰীড়া দলত বিনিয়োগৰ বাবে অক্ষয় কুমাৰৰ এটা কোম্পানী আছে। দৰাচলতে অক্ষয় কুমাৰৰ বিশ্ব কাবাডী লীগত অংশ লোৱা খালছা ৱেৰিয়ৰ্ছ নামৰ এটা কাবাডী দল আছে।