আহক জানো অসমীয়া পাৰম্পৰিক খাদ্য সম্ভাৰৰ বিষয়ে
আহক জানো অসমীয়া পাৰম্পৰিক খাদ্য সম্ভাৰৰ বিষয়ে

আহক জানো অসমীয়া পাৰম্পৰিক খাদ্য সম্ভাৰৰ বিষয়ে

আজিৰ অসম আহক জানো অসমীয়া পাৰম্পৰিক খাদ্য সম্ভাৰৰ বিষয়ে ২৯ ডিচেম্বৰ ২০২২
Published on

খাৰ

খাৰ হৈছে সামগ্ৰী, তথা এই সামগ্ৰীটোৰ ব্যৱহাৰেৰে তৈয়াৰ কৰা খাদ্য বিধৰ নাম। ইয়াৰ উৎপাদন কৰা হয় পানী আৰু শুকান কলৰ বাকলিৰ দ্বাৰা তৈয়াৰ কৰা এক সংমিশ্ৰণৰ পৰা। যাৰ সোৱাদ টেঙা, আৰু ইয়াৰ বৃদ্ধি হয় হজম শক্তিৰ।

মাছৰ টেঙা

অসমীয়া সকলৰ জনপ্ৰিয় টেঙা সামগ্ৰী হৈছে বিলাহী, শুকান আম, নেমূ্, কেঁচা আম আৰু ঔটেঙা। মাছৰ টেঙা হৈছে পাতলকৈ মচলা দিয়া, টেঙা মাছৰ জুল, যাক প্ৰধান কৈ ভাতৰ সৈতে পৰিবেশন কৰা হয়। গধূৰ আহাৰৰ পাছত ই হজম কৰা সহায় কৰে বুলি বিশ্বাস কৰা হয়। ইয়াক বিশেষকৈ পৰিবেশন কৰা হয় গৰমৰ দিনত।

পিটিকা

বিভিন্ন ধৰণৰ বইল আৰু পুৰা সামগ্ৰীৰ সৈতে কেঁচা পিয়াঁজ, জলকীয়া আদা, মিঠাতেল আৰু ধনীয়া পাত মিলাই তৈয়াৰ কৰা হয় পিটিকা। এই সামগ্ৰী সমূহ হৈছে আলু, বেঙেনা, ৰঙলাও, মচুৰ, আৰু মাছ।

পাৰ মাংস

পাৰ মাংস হৈছে অসমীয়া সকলৰ এক বিশেষ খাদ্য সামগ্ৰী। শীতৰ দিনত ইয়াক পৰিবেশন কৰিলে গাৰ উষ্ণতা বঢ়োৱাৰ লগতে, হজম শক্তি বৃদ্ধি কৰে। ইয়াক বিশেষকৈ  তৈয়াৰ কৰা হয় কলডিল আৰু জলুকৰ সৈতে।

লেটা পলু

টানকৈ ফ্রাই কৰা লেটা পলু বহুতৰ বাবে এক জুতিলগা খাদ্য। কোকোনৰ পৰা সূতা খিনি প্ৰথম কৰাৰ পাছত, বাকী ৰোৱা খিনি বইল কৰি, ফ্ৰাই কৰা হয়। বাহিৰৰ ফালে মচমচীয়া আৰু ভিতৰত কোমল এই খাদ্য, কোমল হৃদয়ৰ সকলৰ বাবে নহয়।

হাঁহৰ মাংস

হাঁহৰ মাংস হৈছে অসমৰ অন্যতম জনপ্ৰিয় তথা পৃথক ৰন্ধনবিধী। ইয়াক বিশেষকৈ কোনো বিশেষ উৎসৱত পৰিবেশন কৰা হয়। পাতলকৈ মচলা দিয়া এই মাংসক তিল, দাইল, ৰঙালাও, আদিৰ সৈতে তৈয়াৰ কৰা হয়।

পানী শামুক

পানী শামুক সংগ্ৰহ কৰা যায় নদী সমূহৰ পৰা। ইয়াক পৰিবেশন কৰাটো অলপ জটিল কিয়নো ইয়াক খোলাৰ পৰা টানি উলিয়াব লগীয়া হয়, কিন্তু ইয়াৰ সোৱাদৰ আগত এই কষ্ট সাৰ্থক। ইয়াক তৈয়াৰ কৰা হয় ৰঙালাও আৰু আলুৰ সৈতে।

ঔটেঙা

এই টেঙা - মিঠা সোৱাদ লগা চাটনি বিধ তৈয়াৰ কৰা হয় ঔটেঙাৰ ফল আৰু গুৰৰ সৈতে। প্ৰথমে ঔটো বইল কৰি তাক পিটিকা হয়, আৰু তাৰ পাছত সৰিয়হৰ সৈতে মিঠাতেলত দি কিছু সময় ভাজি লোৱা হয়। অৱশেষত ইয়াৰ সৈতে গুৰ মিলোৱা হয়।

বাহগাজৰ সৈতে কুকুৰা

কুকুৰাৰ মাংস, বাহগাজ আৰু দাইল মিহলি এই ৰন্ধনবিধী অতিকৈ জুতিলগা। বাহগাজৰ অপূৰ্ব সোৱাদে, কুকুৰাৰ মাংস খিনিক দিয়ে এক অসাধাৰণ সোৱাদ।

দৈ চিৰা

বিশেষকৈ বিহুৰ সময়ত পৰিবেশন কৰা এই খাদ্য গ্ৰহণ কৰা হয় পুৱাৰ আহাৰ ৰূপে। ইয়াত থাকে চিৰা, দৈ, মুৰি, ক্ৰীম আৰু গুৰ। অসমৰ অৰ বিধ পাৰম্পৰিক খাদ্য অতীজৰ পৰা অতিকৈ জনপ্ৰিয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com