নীতা আম্বানীৰ আকৰ্ষণীয় শাৰীৰ সংগ্ৰহ
নীতা আম্বানীৰ আকৰ্ষণীয় শাৰীৰ সংগ্ৰহ

নীতা আম্বানীৰ আকৰ্ষণীয় শাৰীৰ সংগ্ৰহ

আজিৰ অসম নীতা আম্বানীৰ আকৰ্ষণীয় শাৰীৰ সংগ্ৰহ 13 December, 2021
Published on

দুই - বৰণীয়া শাৰী

পৰিয়ালৰ এখনি বিবাহৰ বাবে শ্ৰীমতী আম্বানীয়ে পৰিধান কৰিছিল শব্যাসাচীৰ এখনি দুই বৰণীয়া আকৰ্ষণীয় শাৰী যাৰ সৈতে তেওঁ সজাইছিল শব্যাসাচীৰ ঐতিহ্য অলংকাৰ সংগ্ৰহৰ পৰা এযোৰ কাণফুলি আৰু এডাল ডিঙিৰ হাৰ।

হালধীয়া শাৰী

ঘৰত উদযাপন কৰা নৈশ গৰ্ব উৎসৱৰ বাবে নীতায়ে পৰিধান কৰিছিল আবু জানী সন্দীপ খোচলা দ্বাৰা ডিজাইন কৰা এখনি হালধীয়া শাৰী। শাৰী খনৰ সৌন্দৰ্য্য দুগুণ কৰিছিল তাৰ ওপৰত কৰা গুলপীয়া আৰু ৰঙা ফুলে আৰু আইনাৰ শিল্পকলাই।

জমকিয়া শাৰী

শব্যাসাচীৰ সোণালী বৰণীয়া চিকুইন কৰা তুল্লে শাৰীৰে সকলোকে মোহিত কৰিছিল নীতাই। এই শৰীৰ সৈতে তেওঁ পৰিধান কৰিছিল এটি ক'লা ব্লাউজ।

মুকুতা খটোৱা শাৰী

শব্যাসাচীৰ মুকুতা খটোৱা এখনি কালজয়ী ভেলভেট আৰু তুল্লে শাৰীৰে সকলোৰে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল নীতা আম্বানীয়ে।

চিল্ক শাৰী

শ্ৰীমতী আম্বানীয়ে পৰিধান কৰা সোণালী কাষৰীয়া গুলপীয়া পাৰম্পৰিক চিল্ক শাৰী আমি সকলোৱে অতিকৈ পছন্দ কৰিছোঁ। ইয়াৰ লগতে তেওঁ পৰিধান কৰিছিল একেই বৰণীয়া এটি চুটি হাতৰ ব্লাউজ।

পাউডাৰ নীলা শাৰী

আবু জানী সন্দীপ খোচলাৰ সংগ্ৰহৰ পৰা তেওঁ পৰিধান কৰা আকৰ্ষণীয় নীলা শাৰীৰে সকলোকে চমক খুৱাইছিল নীতা আম্বানীয়ে।

চিকানকাৰী শাৰী

আবু জানী সন্দীপ খোচলা দ্বাৰা ডিজাইন কৰা এই ধূসৰ বৰণীয়া শাৰীৰে দেখাত কালজয়ী ভাৰতীয় সুন্দৰীৰ দৰে লগা হৈছিল নীতা আম্বানীক।

মেৰুন বৰণীয়া শাৰী

নীতা আম্বনীয়ে পৰিধান কৰা অন্য এখন সুন্দৰ শাৰী আছিল আইনাৰ শিল্পকলাৰে সু - সজ্জিত কৰা এই মেৰুন বৰণীয়া শাৰী।

পাৰম্পৰিক শাৰী

পাৰম্পৰিক সোণালী বৰণীয়া এমব্ৰইডায়েৰিৰে সজোৱা এখনি ৰঙা বৰণীয়া শাৰী পৰিধান কৰিছিল নীতা আম্বনীয়ে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com