বৰদিন সম্বন্ধীয় ১০টা আমোদজনক তথ্য
বৰদিন সম্বন্ধীয় ১০টা আমোদজনক তথ্য

বৰদিন সম্বন্ধীয় ১০টা আমোদজনক তথ্য

আজিৰ অসম বৰদিন সম্বন্ধীয় ১০টা আমোদজনক তথ্য ২৫ ডিচেম্বৰ, ২০২১
Published on

২৫ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয় বৰদিন

প্ৰতি বছৰে ২৫ডিচেম্বৰ তাৰিখে উদযাপন কৰা হয় বৰদিন। ই হৈছে খ্ৰীষ্টিয়ান সকলৰ উৎসৱ, যাৰ দ্বাৰা উদযাপন কৰা হয় ভগৱান যিশুৰ জন্মদিন। আৰু সৰ্বপ্ৰথম এই দিন উদযাপন কৰা হৈছিল ৩৩৬ এ ডি, ২৫ডিচেম্বৰ তাৰিখে।

ফাডাৰ খৃষ্টমাছে সদায় ৰঙা পৰিধান নকৰিছিল

আমি জানো ফাডাৰ খৃষ্টমাছৰ ৰঙা ৰং অতিকৈ প্ৰিয়। কিন্তু বহুতে নাজানে যে আৰম্ভণিৰ দিনত তেওঁ পৰিধান কৰিছিল সেউজীয়া সাজ।

ৰেইনদিয়েৰৰ সৰ্বমুঠ সংখ্যা ০৯

ফাডাৰ খৃষ্টমাছক শিশু সকললৈকে উপহাৰ প্ৰেৰণ কৰাত সহায় কৰে ০৯টা ৰেইনদিয়েৰে। তেওঁলোকক জনা যায় দেছাৰ, ডান্সাৰ, প্ৰেঞ্চাৰ, ভিক্সেন, কমেট, কিউপিড, ডনাৰ, ব্লিটজেন আৰু ৰুডল্ফ।

বৰদিন গছ জনপ্ৰিয় কৰিছিল প্ৰিন্স এলবাৰ্টে

প্ৰিন্স এলবাৰ্ট আছিল মহাৰাণী ভিক্টোৰিয়াৰ স্বামী। ১৮৪৮চনত তেওঁ ৱিণ্ডচৰ ৰাজভৱনত সজাইছিল এডাল বৰদিনৰ গছ, যাৰ পাছৰে পৰা ইয়াক এক পৰম্পৰাৰ দৰে পালন কৰি অহা হৈছে।

বৰদিন ক্ৰেকাৰ উদ্ভাৱন কৰিছিল টম স্মিথে

লণ্ডনৰ নিবাসী টম স্মিথ আছিল এগৰাকী কেক আৰু মিঠাই বনোৱা লোক। নিজৰ পেৰিছ ভ্ৰমণত তেওঁ প্ৰত্যক্ষ কৰে টি মেৰিয়াই থোৱা বাদামৰ কেক। যাৰ পৰাই তেওঁ উৎসাহ পায় ক্রেকাৰ তৈয়াৰ কৰিবলৈ।

ফাডাৰ খৃষ্টমাছক সহায় কৰে বহুতো বাওনাই

ফাডাৰ খৃষ্টমাছক সকলোৰে বাবে উপহাৰ প্ৰস্তুত কৰাত সহায় কৰে বহুতো বাওনাই। সমগ্ৰ বছৰ তেওঁলোক ব্যস্ত থাকে উপহাৰ তৈয়াৰ কৰাত আৰু ইয়াৰ লগতে তেওঁলোকে চোৱাচিতা কৰে ৰেইনদিয়েৰবোৰক।

১৬৪৭ ৰ পৰা ১৬৬০লৈকে নিষিদ্ধ আছিল বৰদিন উদযাপন

১৬৪৭ ৰ পৰা ১৬৬০লৈকে নিষিদ্ধ কৰা হৈছিল বৰদিনৰ উদযাপন, আৰু তাৰ ঠাইত প্ৰচলিত কৰা হৈছিল সমগ্ৰ দিন লঘোন দিয়াৰ পৰম্পৰা। ইয়াৰ আৰত আছিল অলিভাৰ ক্ৰমৱেল, যিয়ে বিশ্বাস কৰিছিল যে এইয়া এক ধাৰ্মিক দিন, য'ত কোনো ধৰণৰ উদযাপনে স্থান নাপায়।

প্ৰথম বৰদিনৰ কাৰ্ড তৈয়াৰ কৰিছিল চাৰ হেনৰী ক'লে

চন ১৮৪৩ত চাৰ হেনৰী ক'লৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল বৰদিনৰ প্ৰথম খন কাৰ্ড।

বৰদিনৰ নাম লোৱা হৈছে "খ্ৰীষ্টেছ মেচে"ৰ পৰা

বৰদিন শব্দটোৰ উৎস হৈছে পুৰণি ইংৰাজী শাৰী "খ্ৰীষ্টেছ মেছে"ৰ পৰা। যাৰ অৰ্থ "খৃষ্ট" আৰু "মাছ" অৰ্থাৎ জনসাধাৰণৰ ভগৱান।

বৰদিনৰ পুডিং আছিল এটি ডাঠ চুৰূহা

আৰম্ভণিৰ দিনত ১৪শতাব্দীত, কেকৰ পৰিবৰ্তে তৈয়াৰ কৰা হৈছিল এটি ডাঠ চুৰূহা, যাৰ নাম আছিল "ফ্ৰুমেণ্টি"। যাক তৈয়াৰ হৈছিল মাংস আৰু বিভিন্ন শুকান ফলৰ সৈতে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com