পোহনীয়া মেকুৰীৰ সৰ্বোত্তম প্ৰজাতি
পোহনীয়া মেকুৰীৰ সৰ্বোত্তম প্ৰজাতি

পোহনীয়া মেকুৰীৰ সৰ্বোত্তম প্ৰজাতি

আজিৰ অসম পোহনীয়া মেকুৰীৰ সৰ্বোত্তম প্ৰজাতি 18, Nov, 2021
Published on

ৰাগডল

ৰাগডলে মানুহ বা মানুহৰ সংগ খুব ভালপায় ৷ গতিকে এনে মেকুৰীৰ দিনটোৰ প্ৰতিক্ষণতে মাজনিশালৈকে গৰাকীৰ পিছে পিছে প্ৰায়ে ঘূৰি ফুৰে ৷ গতিকে আপুনি এনে এটা মেকুৰী পুহিবলৈ ল’ব পাৰে ৷ এনে মেকুৰীয়ে আপোনাৰ অন্তৰ জয় কৰিব পাৰে ৷ টেইলৰ ছুইফটৰো এনে মেকুৰী আছে ৷

মেইনচ কুনছ

মেইনছ মেকুৰী প্ৰকাণ্ড হয় ৷ এই কাৰণে এনে প্ৰজাতিৰ মেকুৰী বিখ্যাত ৷ এনে এটা মেকুৰীৰ ওজন ৩০ পাউণ্ড পৰ্যন্ত হয় ৷ ই মানুহৰ লগত বন্ধুসুলভ আচৰণ কৰে ৷ মানুহৰ লগত ভালদৰে মিলি পৰাৰ বাবে বহুতে এই প্ৰজাতিৰ মেকুৰীক কুকুৰৰ সৈতে তুলনা কৰে ৷

আমেৰিকান শ্বৰ্টহেয়াৰ্ছ

আমেৰিকান শ্বৰ্টহেয়াৰ্ছ প্ৰজাতিৰ মেকুৰীৰ আয়ুস দীঘল হয় ৷ গতিকে বহু লোকে এনে প্ৰজাতিৰ মেকুৰী পোহে ৷ কাৰণ এনে এটা মেকুৰী দীৰ্ঘ বছৰ মানুহৰ সৈতে বাস কৰে ৷

স্কটিছ ফ’ল্ডচ

স্কটিচ ফল্ডছ হৈছে অতি উন্নত জাতৰ মেকুৰী ৷ এনে মেকুৰীৰ চকু ডাঙৰ হয় আৰু কাণ ঘূৰ খাই থকাৰ লেখীয়া হয় ৷ গতিকে এই মেকুৰীৰ প্ৰজাতিৰ নাম স্কটিচ ফ’ল্ডচ আখ্যা দিয়া হৈছে ৷ ইয়াৰ দেহৰ আকাৰ-আকৃতি মধ্যমীয়া হয় ৷ এনে মেকুৰীয়েও গৰাকীক বৰ ভাল পায় ৷ মানুহৰ মৰমৰ মাজত এনে মেকুৰীয়ে বাস কৰি ভাল পায় ৷ তদুপৰি এনে মেকুৰীয়ে বহু ডাঙৰ শব্দও সহ্য কৰিব পাৰে ৷ সেয়ে মহানগৰীৰ বাসিন্দাই পুহিবৰ বাবে এনে মেকুৰী পচন্দ কৰে ৷

চোমালী

চোমালী প্ৰজাতিৰ মেকুৰীয়ে গৰাকীৰ পৰা বহু মৰম বিচাৰে ৷ এই প্ৰজাতিৰ মেকুৰীয়ে গৰাকীৰ লগত ধেমালি কৰি অতি ভাল পায় ৷ অতি বুদ্ধিমান এই মেকুৰীয়ে ঘৰৰ ভিতৰত গৰাকী য’তেই নাথাকক কিয়, বিচাৰি উলিয়াব পাৰে ৷

পাৰ্চিয়ান

পাৰ্চিয়ান প্ৰজাতিৰ মেকুৰী অতি ধুনীয়া আৰু মৰমলগা হয় ৷ এইবিধ মেকুৰী অতি জনপ্ৰিয় মেকুৰী ৷ মাজে-সময়ে এনে মেকুৰীয়ে নতুন পৰিৱেশত খাপ খাবলৈ অধিক সময় লয় ৷ কিন্তু পৰিৱেশৰ সৈতে খাপ খুৱাৰ পাছত ইয়ে সহজে বাস কৰিব পাৰে ৷ আনকি এনে মেকুৰীয়ে অতি হুলস্থূলীয়া পৰিৱেশতো বাস কৰিব পাৰে ৷

এবিচিনিয়ানছ

এনে প্ৰজাতিৰ মেকুৰী অতি বুদ্ধিমান আৰু ধুনীয়া হয় ৷ তথ্য অনুসৰি এনে প্ৰজাতিৰ মেকুৰী পৃথিৱীৰ অতি পুৰণি প্ৰজাতিৰ মেকুৰী ৷ এই প্ৰজাতিৰ মেকুৰীয়ে গৰাকীৰ লগ এৰিব নিবিচাৰে ৷

বিৰ্মান

বিৰ্মান প্ৰজাতিৰ মেকুৰীৰ চকু নীলা আৰু নাক মুগা বৰণৰ হয় ৷ ইয়াৰ জৰিয়তে এনে মেকুৰী সহজে চিনাক্ত কৰিব পাৰি৷ এনে মেকুৰী কে’বাটাও ৰঙৰ পোৱা যায় ৷ ডাঙৰ হোৱাৰ লগে লগে ইহঁতৰ নোম ভিন্ন হয় ৷ এনে মেকুৰী ধুনীয়া আৰু মৰমলগা হয় ৷

এক্সটিক শ্বৰ্টহেয়াৰ্ছ

এই প্ৰজাতিৰ মেকুৰী কিছু পৰিমাণে পাৰ্ছিয়ান মেকুৰীৰ দৰে ৷ কিন্তু ইহঁতৰ নোমবোৰ চুটি আৰু দেহ কোমল ৷ ইয়ে এই প্ৰজাতিৰ মেকুৰীক অধিক মৰমলগা কৰি তোলে ৷ বয়স কম হৈ থকাৰ সময়ত ইহঁতে ধেমালি কৰি ভাল পায় ৷ কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই মেকুৰী আৰাম আৰু অলসতা প্ৰিয় হয় ৷

বেংগাল

বেংগাল প্ৰজাতিৰ মেকুৰী মৰমীয়াল হয় ৷ ইহঁতৰ আচৰণ মাইকী কুকুৰৰ লেখীয়া ৷ ইহঁতে যিকোনো পৰিৱেশ আনকি হুলস্থূলীয়া পৰিৱেশতো বাস কৰিব পাৰে ৷ এই মেকুৰী দেখাত প্ৰাপ্তবয়স্ক চীটা বাঘৰ দৰে ৷

অৰিয়েণ্টেল শ্বৰ্টহেয়াৰ্ছ

অৰিয়েণ্টেল শ্বৰ্টহেয়াৰ্ছ প্ৰজাতিৰ মেকুৰীয়ে গৰাকীক অতি ভাল পায় ৷ গতিকে এনে মেকুৰীয়ে গৰাকীক অশান্তি দিব পাৰে ৷ আপুনি চকীত বহি কাম কৰি থকা অৱস্থাত এনে মেকুৰী কোলাত বহুৱাই ৰাখিব পাৰে ৷ এনে প্ৰজাতিৰ মেকুৰী মানুহৰ ভাল সংগী আৰু ইহঁতে মানুহৰ নিঃসংগতা দূৰ কৰিব পাৰে ৷

ডেভন ৰেক্স

ডেভ’ন ৰেক্স প্ৰজাতিৰ মেকুৰীক প্ৰায়ে কুকুৰৰ লগত তুলনা কৰা হয় ৷ কাৰণ ইহঁতে কুুকুৰৰ লেখীয়াকৈ মানুহৰ সৈতে থাকিব বিচাৰে ৷ ইহঁতে ঘৰত গৰাকীৰ পিছে পিছে ঘূৰি ফুৰে ৷ কিন্তু ইহঁতে গৰাকীৰ মনোযোগ অধিক নিবিচাৰে ৷ মাথোঁ ইহঁতে গৰাকীৰ কামৰ অংশ হ’বলৈ বিচাৰে ৷ এনে মেকুৰীৰ ওজন ৯ পাউণ্ড পৰ্যন্ত হ’ব পাৰে ৷

ব্ৰিটিছ শ্বৰ্টহেয়াৰ্চ

ব্ৰিটিছ শ্বৰ্টহেয়াৰ্ছ প্ৰজাতিৰ মেকুৰী স্বাধীনচিতিয়া, কিন্তু ইহঁতে মানুহৰ সংগ ভাল পায় ৷ ইহঁতে শিশুৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহলৈকেঃ সকলোৰে লগত খেলি ভাল পায় ৷ কিন্তু ইহঁতে গৰাকীয়ে লগত লৈ ফুৰাটো ভাল নাপায় ৷ ইহঁতে ভাল পোৱা মতে, গৰাকীৰ কোলাত বহি থাকে ৷ কিন্তু গৰাকীয়ে ইচ্ছামতে এনে মেকুৰীক কোলাত বহুৱাই ৰাখিব নোৱাৰে ৷ সাধাৰণতে এনে মেকুৰীৰ গাৰ ৰং ধোঁৱাবৰণীয়া আৰু চকু মুগা বৰণৰ হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com