উৰাজাহাজৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ বিখ্যাত ব্যক্তিঃ সঞ্জয় গান্ধী, মাধৱৰাও সিন্ধিয়াৰ পৰা জেনেৰেল বিপিন ৰাৱটলৈ
উৰাজাহাজৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ বিখ্যাত ব্যক্তিঃ সঞ্জয় গান্ধী, মাধৱৰাও সিন্ধিয়াৰ পৰা জেনেৰেল বিপিন ৰাৱটলৈ

উৰাজাহাজৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ বিখ্যাত ব্যক্তিঃ সঞ্জয় গান্ধী, মাধৱৰাও সিন্ধিয়াৰ পৰা জেনেৰেল বিপিন ৰাৱটলৈ

আজিৰ অসম উৰাজাহাজৰ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা ভাৰতৰ বিখ্যাত ব্যক্তিঃ সঞ্জয় গান্ধী, মাধৱৰাও সিন্ধিয়াৰ পৰা জেনেৰেল বিপিন ৰাৱটলৈ 10 December, 2021
Published on

জেনেৰেল বিপিন ৰাৱটঃ

৮ ডিচেম্বৰ, ২০২১ৰ দিনা জেনেৰেল বিপিন ৰাৱটৰ হেলিকপ্টাৰ তামিলনাডুৰ নিলগিৰি পাহাৰ জিলাৰ কুনুৰত দুৰ্ঘটনাগ্ৰস্ত হয়। হেলিকপ্টাৰখনত ৰাৱট, তেওঁৰ পত্নী মধুলিকা ৰাৱটৰ লগতে শীৰ্ষ বায়ু সেনা বিষয়াসহ আন ১২ জন ব্যক্তি আছিল। দুৰ্ঘটনাটোৰ কিছু সময়ৰ পাছতে ভাৰতীয় বায়ু সেনাই এটা টুইটত কয় যে দুৰ্ঘটনাটোত জেনেৰেল ৰাৱট, তেওঁৰ পত্নী আৰু ১১ ব্যক্তিৰ মৃত্যু হৈছে ৷ অভিশপ্ত হেলিকপ্টাৰখন আছিল ভাৰতীয় বায়ু সেনাৰ এম আই-১৭ ভি৫ শ্ৰেণীৰ হেলিকপ্টাৰ ৷

সঞ্জয় গান্ধীঃ

কংগ্ৰেছ নেতা তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ইন্দিৰা গান্ধীৰ পুত্ৰ সঞ্জয় গান্ধীৰ ১৯৮০ৰ জুনত এটা উৰাজাহাজ দুৰ্ঘটনাত মৃত্যু হয় ৷ পিটছ ২-এ শ্ৰেণীৰ উৰাজাহাজত উৰণ কৰি থকাৰ সময়ত গান্ধী দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ সঞ্জয় গান্ধীৰ বাণিজ্যিক আৰু ইনষ্ট্ৰাক্টৰ দুয়োবিধ বৈমানিকৰ অনুজ্ঞাপত্ৰ আছিল ৷ তেওঁৰ ভ্ৰাতৃ তথা পৰৱৰ্তী সময়ৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ইণ্ডিয়ান এয়াৰলাইনছৰ বৈমানিক আছিল ৷

মাধৱৰাও সিন্ধিয়াঃ

আন এজন জ্যেষ্ঠ কংগ্ৰেছ নেতা বৰ্তমানৰ কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ পিতৃ মাধৱৰাও সিন্ধিয়াৰো এটা উৰাজাহাজ দুৰ্ঘটনাত মৃত্যু হয় ৷ ২০০১ৰ ছেপ্টেম্বৰত তেওঁ এখন চাৰ্টাৰ্ড বিমানেৰে কাণপুৰলৈ যাত্ৰা কৰি থকাৰ সময়ত মধ্য উত্তৰ প্ৰদেশৰ মেইনপুৰী জিলাৰ ভূ-গাঁৱৰ এখন গাঁৱত দুৰ্ঘটনাগ্ৰস্ত হয় ৷

জি এম চি বালাযোগীঃ

ডি এম কে দলৰ জ্যেষ্ঠ নেতা তথা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ জি এম চি বালাযোগীৰো এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হৈছিল ৷ ২০০২ৰ ৩ মাৰ্চত অন্ধ্ৰ প্ৰদেশৰ কৃষ্ণা জিলাত তেওঁ হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হয় ৷ কাৰিকৰী বিজুতিৰ ফলত বালাযোগীৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷

ৱাই এছ ৰাজশেখৰ ৰেড্ডীঃ

২০০৯ৰ ২ ছেপ্টেম্বৰত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত অন্ধ্ৰপ্ৰদেশৰ তেতিয়াৰ মুখ্যমন্ত্ৰী ৱাই এছ ৰাজশেখৰ ৰেড্ডীৰ মৃত্যু হয়। দুটা ইঞ্জিনযুক্ত বেল ৪৩০ শ্ৰেণীৰ হেলিকপ্টাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় অন্ধ্ৰপ্ৰদেশৰ নালামাল্লা হিলচত। পৰৱৰ্তী সময়ত তদন্তত পোহৰলৈ আহে যে হেলিকপ্টাৰখন উৰণৰ বাবে উপযুক্ত নাছিল আৰু বৈমানিকে সঠিক সিদ্ধান্ত ল’ব পৰা নাছিল।

দৰ্জী খাণ্ডুঃ

২০১১ৰ মে’ত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ তদানীন্তন মুখ্যমন্ত্ৰী দৰ্জী খাণ্ডুৰ মৃত্যু হয়। দুৰ্ঘটনাটো সংঘটিত হয় চীন-ভাৰত সীমান্তৰ টাৱাঙৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ দূৰত্বত এক দুৰ্গম স্থানত । পাঁচদিনজোৰা উদ্ধাৰ অভিযানৰ পাচত খাণ্ডুৰ মৃতদেহ উদ্ধাৰ হয় ৷

অ’ পি জিণ্ডাল আৰু সুৰেন্দৰ সিংঃ

২০০৫ত বিশিষ্ট উদ্যোগপতি তথা হাৰিয়ানাৰ তদানীন্তন শক্তি মন্ত্ৰী অ’ পি জিণ্ডালৰ এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। দিল্লীৰ পৰা চণ্ডীগড়লৈ যাত্ৰা কৰি থকাৰ সময়ত তেওঁৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয়। একেটা দুৰ্ঘটনাত হাৰিয়ানাৰ তদানীন্তন কৃষি মন্ত্ৰী তথা মুখ্যমন্ত্ৰী বংশী লালৰ পুত্ৰ সুৰেন্দৰ সিঙৰো মৃত্যু হয় ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com