সৌভাগ্যৰ বাবে ১১টা নতুন বছৰৰ খাদ্য
সৌভাগ্যৰ বাবে ১১টা নতুন বছৰৰ খাদ্য

সৌভাগ্যৰ বাবে ১১টা নতুন বছৰৰ খাদ্য

আজিৰ অসম সৌভাগ্যৰ বাবে ১১টা নতুন বছৰৰ খাদ্য ৩১ ডিচেম্বৰ ২০২১
Published on

ৰাজমাহ, সেউজীয়া শাক আৰু কৰ্ণব্ৰেড

নতুন বছৰত ৰাজমাহ, সেউজীয়া শাক আৰু কৰ্ণব্ৰেড একেলগে পৰিৱেশন কৰিব লাগে কিয়নো, ৰাজমাহ আৰু সেউজীয়া শাকে সম্পত্তি আনে আৰু কৰ্ণব্ৰেডে সোণ।

গাহৰি

নতুন বৰ্ষত গাহৰি পৰিবেশন কৰিলে গোটেই বছৰ টোৰ বাবে উন্নতি কঢ়িয়াই আনে।

আঙুৰ

স্পেইন আৰু মেক্সিকোত ১২বজাৰ লগে লগে লুক সকলে ১২টা আঙুৰ খাবলৈ যত্ন কৰে। তেওঁলোকে বিশ্বাস কৰে যে ই আহিব লগা ১২টা মাহ শুভ কৰি তুলিব।

ডালিম

গ্ৰীচৰ লোক সকলে মজিয়ালৈ গুটি সমূহ সৰি পৰাকৈ ডালিমৰ ফল দলিয়াই দিয়ে। তেওঁলোকে বিশ্বাস কৰে যে ই উৰ্বৰতা, জীৱন আৰু সম্পত্তি আনে।

মাছ

এছিয়াৰ লোক সকলে পাৰম্পৰিক ভাৱে সকলো বিশেষ দিনত মাছ পৰিবেশন কৰে। কিয়নো লোক বিশ্বাস মতে মাছ হৈছে সম্পত্তিৰ পৰিবাহক।

নুডলছ

নুডলছে দীৰ্ঘ জীৱন কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। বিশেষকৈ যেতিয়া ইয়াক মাজতে নভঙাকৈ পৰিবেশন কৰা হয়।

ভাত

বিশ্বাস কৰা হয় যে ভাতে উৰ্বৰতা আৰু সম্পত্তি বৃদ্ধি কৰাত সহায় কৰে।

গোলাকাৰ কেক

গোলাকাৰ কেক, আৰু অন্য গুল মিঠাই সমূহে জীৱনৰ বৃত্ত শুভ কৰি তোলে।

কমলা আৰু মৌজোল

এছিয়াৰ পৰম্পৰাৰ মতে নতুন বছৰত কমলা আৰু মৌজোল পৰিবেশন কৰিলে সৌভাগ্য, সম্পত্তি আৰু টকাৰ বৃদ্ধি কৰে।

দাইল

এটি পইছাৰ দৰে গোলাকাৰ দাইল সমূহে, নতুন বছৰ আৰু তাৰ পৰবৰ্তী সময় শুভ কৰি তোলে।

কবি

সেউজীয়া শাক যেনে কবিয়ে সম্পত্তি আৰু টকাৰ বৰ্ষা কৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com