আপুনি এটা ভাল সময়ৰ বাবে প্ৰস্তুতি চলাইছে। আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰিয়ালৰ লোকক লগ পাব পাৰে ৷ আপুনি এক বিদেশ ভ্ৰমণত যাব ৷ আজিৰ দিনটোৱে আপোনাৰ কিছু ভাল বতৰা কঢ়িয়াই আনিব। আপোনাৰ কাম প্ৰশংসিত হ’ব ৷ ব্যৱসায়ত দিয়া-লোৱা থাকিব ৷
বৃষ : (২১ এপ্ৰিল - ২১ মে’)
আপুনি জীৱনসংগীৰ সৈতে মিলি জৰুৰীভাবে কথা-বতৰাবোৰ থান-থিত লগাব। আপুনি এই সম্পৰ্কক সঠিক দিশেৰে আগুৱাই নিব বিচাৰিব ৷ ব্যৱসায়ত দিয়া আৰু লোৱা থাকিব ৷ আপুনি আপোনাৰ পৰিপক্বতা আৰু সঠিক চিন্তাৰ বলত সঠিক দিশত আগবাঢ়িব ৷ আপুনি উৎকৃষ্টতাৰে কাম কৰি যাব ৷
মিথুন : (২২ মে’ - ২১ জুন)
আপোনাৰ প্ৰেমে সঠিক পথত আগুৱাই যোৱাৰ বাবে আপুনি অনেক অংগীকাৰ কৰিব লাগিব। আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আমোদ দি থাকিব ৷ আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল কাম কৰাৰ দিন ৷ আপুনি যিয়েই কাম নকৰক কিয়, সম্পূৰ্ণ উৎসৰ্গিত মনোভাৱেৰে সেয়া কৰিব ৷
কৰ্কট : (২২ জুন - ২২ জুলাই)
আপুনি কোনো দূৰণিৰ এঠাইত কাৰোবাৰ প্ৰতি আকৰ্ষিত হ’ব পাৰে। আপোনাৰ ঘৰত সুখ-শান্তি থাকিব ৷ আপুনি আপোনাৰ সন্তানৰ মনৰ কথা বুজি পাব আৰু তেওঁলোকে আপোনাৰ কথা শুনিব ৷ এই সময়ছোৱা আপোনাৰ বাবে আগলৈ চোৱাৰ সময় ৷ আপোনাৰ ঘৰলৈ কিছু আলহী-অতিথিৰ আগমন ঘটিব ৷
সিংহ: (২৩ জুলাই - ২৩ আগষ্ট)
আপুনি এগৰাকী বয়স্ক ব্যক্তিৰ প্ৰতি আকৰ্ষিত হ’বলৈ ধৰাক লৈ আপোনাৰ মনত ভীতিৰ সঞ্চাৰ ঘটিব পাৰে। কিন্তু তেওঁক বাধা দিবলৈ বিচাৰিও বাধা দিব নোৱাৰিব ৷ কাৰণ তেওঁৰ মোহনীয় ব্যক্তিত্বই আপোনাক শৰবিদ্ধ কৰিব। আজিৰ দিনটো আপোনাৰ বাবে এটা ভাল দিন হ’ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ লগত কোনো পাৰিবাৰিক বিষয় আলোচনা কৰিব ৷
কন্যা : (২৪ আগষ্ট-২২ ছেপ্টেম্বৰ)
আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিবলৈ বিচৰা চিন্তাই হ’ব, আপোনাৰ জীৱনৰ মূল কথা। জীৱনসংগীৰ পৰা পাই থকা আদৰ-যতনে আপোনাক সন্তুষ্ট কৰি ৰাখিব। আপুনি পৰিয়ালৰ লগত এক ভ্ৰমণলৈ যাব পাৰে ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ মুৰব্বীৰ সৈতে আলোচনাত মিলিত হ’ব আৰু তেওঁ আপোনাক কোনো কামৰ দায়িত্ব দিব পাৰে ৷ আপুনি সুখী অনুভৱ কৰিব ৷
তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)
আপোনালোক প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এটা সুন্দৰ সময়ে অপেক্ষা কৰিছে। নতুন মানুহক কৰা সাক্ষাতে আপোনাক সুযোগ দিব পাৰে আৰু আপুনি ইয়াক অতি শ্ৰেষ্ঠ বিবেচনা কৰিব ৷ কাৰণ বহু মানসিক চাপৰ মাজত আছে ৷ ভাগ্যই আপোনাক কৃপা কৰিব ৷ আপুনি কঠোৰ পৰিশ্ৰমৰ বলত জটিল পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব ৷
বৃশ্চিক : (২৪ অক্টোবৰ -২২ নৱেম্বৰ)
এই সময়ছোৱা ভ্ৰমণৰ বাবে অতি ভাল সময় আৰু আপুনি মন-মগজু শিথিল কৰি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত উপভোগ কৰাৰ বাবে সময় ৷ আপুনি এক চমু দূৰত্ব ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ বৈবাহিক জীৱন আনন্দ-স্ফূৰ্তিৰে পূৰ্ণ হৈ থাকিব ৷ আপোনাৰ দায়িত্ব বৃদ্ধি পাব আৰু সেই দায়িত্বসমূহ সম্পাদন কৰিবলৈ সক্ষম হ’ব ৷
ধনু : (২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)
আপোনাৰ প্ৰেমিক বা প্ৰেমিকা ইতিবাচক মনৰ হ’ব আৰু আপুনি লোৱা সিদ্ধান্তৰ বিষয়ে তেওঁৰ সৈতে ভাগ-বাটোৱাৰা কৰিব পাৰিব ৷ ধন অৰ্জনৰ ক্ষেত্ৰত এই সময়ছোৱা আপোনাৰ বাবে সৰ্বোৎকৃষ্ট সময় ৷ আপুনি আপোনাৰ চেষ্টাৰ বলত ভাল ফল লাভ কৰিব ৷ আপুনি সৌভাগ্যবান অনুভৱ কৰিব৷ আপুনি পৰিয়ালৰ সদস্যবৰ্গৰ মাজত থাকিব পাৰে ৷
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
আপুনি আপোনাৰ বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ক ধৰি ৰখাৰ বাবে বহু সালসলনি কৰিব লাগিব। আপুনি আপোনাৰ ব্যৱসায় বৃদ্ধি কৰিব আৰু মানুহৰ প্ৰত্যাশা পূৰণ কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি পদোন্নতি পোৱাৰ আৰু আপোনাৰ দৰমহা বৃদ্ধিৰ সম্ভাৱনা আছে ৷
কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)
আপুনি কেতবোৰ ভাল বিকল্প পাব। এই বিকল্পসমূহৰ কোনো এটা বাচি ল’লে আপোনাৰ প্ৰেমিকা সন্তুষ্ট হ’ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত কথা-বতৰাবোৰ আলোচনা কৰা উচিত ৷ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ দায়িত্ব অধিক হ’ব ৷ আপুনি চাকৰি সলনি কৰাৰ কথা চিন্তা কৰিব ৷ আপুনি নিজৰ মানুহৰ সৈতে সুখেৰে সময় অতিবাহিত কৰিব ৷
মীন : (১৯ ফেব্ৰুৱাৰী-২০ মাৰ্চ)
আজিৰ দিনটোৰ অধিকাংশ সময় আপোনাৰ বাবে সুখৰ সময় হ’ব ৷ আপুনি গভীৰ অনুধাৱনেৰে কিছু কাম কৰা উচিত ৷ আপুনি নিজকে মূল্যায়ন কৰাৰ প্ৰয়োজন আছে। আপোনাক আপোনাৰ পৰিয়ালৰ জ্যেষ্ঠজনে দিক-নিৰ্দেশনা দিব ৷ আপুনি আপোনাৰ অতিথিৰ লগত আনন্দ উপভোগ কৰিব ৷