ৰাশিফল ( ২২ ডিচেম্বৰ, বুধবাৰ, ২০২১)
ৰাশিফল ( ২২ ডিচেম্বৰ, বুধবাৰ, ২০২১)

ৰাশিফল ( ২২ ডিচেম্বৰ, বুধবাৰ, ২০২১)

ৰাশিফল ( ২২ ডিচেম্বৰ, বুধবাৰ, ২০২১) ৰাশিফল ( ২২ ডিচেম্বৰ, বুধবাৰ, ২০২১) ২২ ডিচেম্বৰ, ২০২১
Published on

মেষ : (২১ মাৰ্চ – ২০ এপ্ৰিল)

আপোনাৰ কেতবোৰ কামৰ ধাৰণা আছে, যিবোৰ আপুনি আপোনাৰ জীৱনসংগীৰ লগত ভাগ-বাটোৱাৰা কৰিব বিচাৰে। কিন্তু পৰিস্থিতিৰ বাধ্যবাধকতাৰ বাবে আপুনি তাকে কৰিবলৈ সক্ষম নহব পাৰে । ৷ কাৰ্যালয়ৰ কামত আপুনি কৃতকাৰ্যতা অৰ্জন কৰিব ৷ আপুনি মানসিকভাবে সন্তুষ্ট হ’ব লাগিব ৷ আপোনাৰ ভাল স্বভাৱ আৰু গুণ প্ৰতিভাত হ’ব ৷ এই সময় হৈছে আপোনাৰ সপোন দিঠকত পৰিণত কৰাৰ সময়।

বৃষ : (২১ এপ্ৰিল -২১ মে’)

গ্ৰহ-গতি আপোনাৰ পক্ষত থাকিব যিয়ে আপোনাক আপোনাৰ প্ৰিয়জনৰ অন্তৰ জয় সহজে সফল কৰি তুলিব। প্ৰেমিক-প্ৰেমিকাসকলে আজিৰ সন্ধিয়াটো ৰোমাণ্টিক বাতাবৰণৰ মাজত পাৰ কৰিব। দুয়ো অত্যধিক আনন্দ-স্ফূৰ্তি কৰিব। ৷ এই সময় হৈছে ধন অৰ্জন কৰাৰ সময় ৷ আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক গুৰুত্ব দিব। আপোনাৰ পেচাগত সংযোগ বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হ’ব আৰু কামত আপুনি সহায় পাব ৷

মিথুন : (২২ মে’- ২১ জুন)

ঘৰুৱা আৰু পেচাদাৰী জীৱনৰ কেতবোৰ কথাক লৈ আপুনি অনিশ্চিত হৈ পৰিব পাৰে। ইয়াৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব পাৰে। আপুনি মন আৰু হৃদয়েৰে চেষ্টা কৰি সমস্যা দূৰ কৰিব পাৰিব ৷ আপুনি চেষ্টাৰ বলত ধন আহৰণ কৰিবলৈ সক্ষম হ’ব ৷ আপুনি আপোনাৰ ফালে মানুহক আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব ৷ আপুনি কোতবোৰ গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিব।

কৰ্কট : (২২ জুন- ২২ জুলাই)

আজি আপুনি জীৱন পথত মসৃণতাৰে অগ্ৰসৰ হব পাৰিব। আপোনাৰ অন্তৰ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি উঠলি উঠিব পাৰে। আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত সময় অতিবাহিত কৰিব আৰু তেওঁলোকৰ লগত আপোনাৰ ভাব-অনুভূতি ভাগ-বাটোৱাৰা কৰিব ৷ আপুনি আপোনাৰ সন্তানৰ কেৰিয়াৰৰ পথ বাচি দিয়াত সফল হ’ব ৷ তেওঁলোকে এতিয়া অধিক সুৰক্ষিত অনুভৱ কৰিব ৷

সিংহ : (২৩ জুলাই- ২৩ আগষ্ট)

আপুনি অৰ্ধ-চেতন অৱস্থাত আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সংযোগ স্থাপন কৰিবলৈ বিচাৰিব পাৰে। কিন্তু বাস্তৱত আপুনি ইয়াৰ বিপৰীতটো কৰিব। আজিৰ দিনটো প্ৰেম-ৰোমান্সৰ বাবে বেয়া দিন নহয়। ৷ আপুনি চাকৰিত পদোন্নতি লাভৰ বহু সুযোগ আছে। কৰ্মস্থলীত আপুনি বহু প্ৰত্যাহ্বান গ্ৰহণ কৰিব ৷ আপুনি নিজৰ সুন্দৰভাবে সম্পূৰ্ণ কৰি গৌৰৱ অনুভৱ কৰিব ৷ আপুনি আপোনাৰ পৰিয়ালৰ আশা-আকাংক্ষা পূৰণৰ চেষ্টা কৰিব।

কন্যা : (২৪ আগষ্ট-২২ ছেপ্টেম্বৰ)

আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্ক অধিক দৃঢ় কৰি তুলিবলৈ বিচাৰিব পাৰে, কিন্তু তাৰ বাবে আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ পৰা সঁহাৰি নাপাব পাৰে। ইয়ে আপোনাৰ মন ভাঙিব পাৰে। আপোনাৰ স্বাস্থ্য সুন্দৰ হৈ থাকিব। আপুনি কিছু চৰকাৰী সা-সুবিধা লাভ কৰিব পাৰে ৷ আপুনি মানসিক চাপ আৰু দুঃশ্চিন্তাৰ পৰা মুক্তি পাব ৷ কাম সম্পূৰ্ণ হোৱাত আপুনি সুখী হ’ব ৷ আপুনি আনন্দিত হৈ থাকিব আৰু মানসিক শান্তি পাব ৷

তুলা : (২৩ ছেপ্টেম্বৰ -২৩ অক্টোবৰ)

কিছু পৰিস্থিতিয়ে আপোনাক অতি অস্থিৰ কৰি তুলিব পাৰে। আপোনাৰ প্ৰেমত বিচ্ছেদ ঘটিব পাৰে। আপুনি পূৰ্বৰ কাম জুঁকিয়াই চোৱা উচিত আৰু উন্নত ভবিষ্যতৰ বাবে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰা উচিত। আপুনি এই সময়ছোৱাত কামৰ ক্ষেত্ৰত স্থায়ী সিদ্ধান্ত ল’ব লাগিব ৷ আজিৰ দিনটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ দিন হ’ব ৷ আপুনি কামৰ ক্ষেত্ৰত সৰ্বোত্তম ফল পাব ৷ আপুনি আপোনাৰ বিত্তীয় দিশত গুৰুত্ব আৰোপ কৰিব ৷

বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)

আপুনি কেৱল তত্বগত কথাৰ দ্বাৰা অধিক পৰিচালিত নহব। আপুনি কিছু বাস্তৱসন্মত হোৱাও উচিত। আজিৰ দিনটোত আপোনাৰ বাবে আপোচ কৰাটো হব মূল কথা। আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব। আপুনি আপোনাৰ ভৱিষ্যতৰ আত্মীয় হ’বলগীয়া পৰিয়ালৰ গৃহলৈ এক দূৰ ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে ৷ মইমতীয়া আচৰণ কৰাৰ পৰিৱৰ্তে আপুনি সুমিষ্ট আচাৰ-আচৰণ কৰক আৰু তাৰ ফলাফল চাওক ৷

ধনু : (২৩ নৱেম্বৰ-২১ ডিচেম্বৰ)

আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত এক প্ৰমোদ ভ্ৰমণত যাব পাৰে। আপোনালোকৰ মাজত পৰস্পৰৰ প্ৰতি প্ৰেমৰ ভাব বৃদ্ধি পাব আৰু আপুনি সোনকালেই বিবাহপাশত আবদ্ধ হবলৈ বিচাৰিব। আপোনাৰ দিনবোৰ উজ্জ্বল। কোনো প্ৰতিভাশালী ব্যক্তিৰ লগত ঘটা সাক্ষাতে আপোনাৰ সৌভাগ্যৰ দুৱাৰ মুকলি কৰিব। আপোনাৰ কৰ্ম-পাৰদৰ্শিতাক লৈ আপোনাৰ মুৰব্বী সন্তুষ্ট হব।

মকৰ : (২২ ডিচেম্বৰ-২০ জানুৱাৰী)

আপুনি বিচৰা ধৰণেৰে কাম-কাজ আগনবঢ়াত আপোনাৰ মনত হতাশাৰ সৃষ্টি হব পাৰে। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই নিজৰ ধৰণেৰে আগবঢ়াটোৱে আপোনাক হতাশ কৰিব পাৰে। ৷ আপুনি সকলো আদৰ যতনৰ কেন্দ্ৰত থাকিবলৈ বিচাৰিব আৰু ইয়াক বহু ধৰণেৰে পাবলৈ চেষ্টা কৰিব ৷ আপোনাৰ সন্মান বৃদ্ধি পাব ৷ আপুনি ধাৰে দিয়া ধন ঘূৰাই পাব ৷ ধৰ্মীয় কাম-কাজত আপোনাৰ সময় ব্যয় হ’ব ৷

কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)

আপুনি আপোনাৰ উচ্চাকাংক্ষাৰ বাবে নিজৰ পেচাৰ ক্ষেত্ৰত অধিক সময় দিব। ফলত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাক সময় দিব নোৱাৰিব পাৰে। ইয়ে আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত দুঃশ্চিন্তাৰ সৃষ্টি কৰিব পাৰে। গতিকে পেচা আৰু ব্যক্তিগত জীৱনৰ মাজত ভাৰসাম্য ধৰি ৰখা উচিত। আপুনি কাম-কাজৰ মাজত ভাৰসাম্য ধৰি ৰাখিব। বিত্তীয় ক্ষেত্ৰত আপুনি প্ৰচুৰ লাভ অৰ্জন কৰিব।

মীন : ( ১৯ ফেব্ৰুৱাৰী -২০ মাৰ্চ)

আপুনি নিজৰ বিচাৰ-বিবেচনাৰ ক্ষেত্ৰত ভুল কৰিব পাৰে। গতিকে আজি আপুনি বিতৰ্কৰ পৰা আঁতৰত থকা উচিত। টকা-পইচাৰ ক্ষেত্ৰত আপুনি লোকচান ভৰিব পাৰে। আপোনাৰ ফ্লাৰ্টধৰ্মী প্ৰকৃতিৰ বাবে আপুনি সকলো ক্ষেত্ৰত জয়ী হব নোৱাৰিব পাৰে। কিন্তু আপুনি মানুহৰ সমৰ্থন লাভ কৰিব। কোনোবা আত্মীয়ৰ সৈতে সম্পৰ্কীয় কথাত আপুনি এটা ভাল খবৰ পাব। আপুনি ধনৰ লাভ অৰ্জন কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com