আপুনি কোনো পৰিচিত ব্যক্তিৰ লগত এক পৰিপূৰ্ণ গঢ়ি তুলিব পাৰে ৷ আপোনাৰ এই সম্পৰ্ক অতি সন্তুষ্টিদায়ক আৰু পৰিপূৰ্ণ সম্পৰ্ক হ’ব ৷ প্ৰেমিক-প্ৰেমিকাসকলে এই সুন্দৰ সম্পৰ্কৰ বান্ধোন উপভোগ কৰিব ৷ আৰু বিবাহপাশত আৱদ্ধ হোৱাৰ কথা চিন্তা কৰিব ৷ আপুনি বিশেষ গুৰুত্ব থকা কোনো চাকৰিৰ বাবে বাচনিভুক্তও হ’ব ৷ ইয়ে আপোনাৰ পৰিয়াললৈ হাঁহি আৰু আনন্দ কঢ়িয়াব। আপোনাৰ পৰিয়ালত সামগ্ৰিকভাবে সুন্দৰ পৰিৱেশ বিৰাজ কৰিব ৷
বৃষ : (২১ এপ্ৰিল-২১ মে’ )
আপোনাৰ বাবে এই সময়ছোৱা এক সৌভাগ্যৰ সময় ৷ আপোনাৰ দৃষ্টিভংগী মূল্যবোধ আৰু আচাৰ-আচৰণলৈ পৰিৱৰ্তন আহিব ৷ আপুনি ভাল স্পৃহা-উদ্যমেৰে কোনো কাম দলগতভাবে কৰিব ৷ ইয়ে আপোনাৰ মান আৰু সন্মান বৃদ্ধি কৰিব ৷ আপুনি লাভান্বিত হোৱা ব্যৱসায়িক ভ্ৰমণ হাতত লব। আপুনি আপোনাৰ ঘৰুৱা আৰু পাৰিবাৰিক বিষয়ৰ প্ৰতিও গুৰুত্ব দিব।
মিথুন : ( ২২ মে’- ২১ জুন)
কৰ্মস্থলীত আপুনি অতি ভাল সময় পাব ৷ আপুনি পদোন্নতি পাব আৰু আপোনাৰ দৰমহা বৃদ্ধি হ’ব ৷ ইয়ে আপোনাক আৰু আপোনাৰ জীৱনসংগীক অতি সন্তুষ্ট কৰিব ৷ আপোনাৰ স্বাস্থ্য উৎকৃষ্ট হৈ থাকিব ৷ ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ বাবে এয়াই সঠিক সময়। আপুনি আপোনাৰ প্ৰিয়জনক লগ পাব ৷ মানসিক শান্তিৰ বাবে আপুনি এক নিৰ্জন তথা সুন্দৰ স্থান ভ্ৰমণ কৰিব ৷
কৰ্কট : (২২ জুন - ২২ জুলাই)
আপুনি কঠিন সময়ৰ সন্মুখীন হ’ব ৷ আপোনাৰ পৰিয়ালৰ কোনো বয়োজ্যেষ্ঠ ব্যক্তিৰ স্বাস্থ্য উদ্বেগৰ কাৰণ হ’ব পাৰে আৰু তেওঁক জৰুৰী চিকিৎসাৰ প্ৰয়োজন হ’ব। সমস্যা সমাধানৰ আগলৈকে আপুনি সাধাৰণ ভাবে জীৱন অতিবাহিত কৰা উচিত ৷ মহিলাসকলে কাম আৰু নিজকে পুনৰ সজীৱ কৰাৰ বাবে সময় উলিয়াব পাৰিব ৷ আপোনাৰ আত্মবিশ্বাস তুংগত থাকিব ৷
সিংহ: (২৩ জুলাই - ২৩ আগষ্ট)
আপুনি চাকৰিত এটা ডাঙৰ দায়িত্ব পাব পাৰে ৷ আপুনি হঠাতে বিখ্যাত হৈ উঠিব। আৰু আপোনাৰ মূল্য বৃদ্ধি পাব ৷ আপুনি জনপ্ৰিয় হৈও উঠিব৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিতো আপোনাৰ সন্মান বৃদ্ধি পাব। আপোনাৰ কৃতিত্বক লৈ তেওঁ অতি গৰ্বিত হ’ব। আপোনাৰ আত্মবিশ্বাস গগণচুম্বী হ’ব। আপোনাৰ সামৰ্থৰ ওপৰত আপোনাৰ পূৰ্ণ বিশ্বাস থাকিব।
কন্যা : ( ২৪ আগষ্ট -২২ ছেপ্টেম্বৰ )
আজিৰ দিনটো সুখকৰ দিন হ’ব ৷ আপুনি কৰ্মস্থলীত ব্যক্তিক্ৰমতাৰে দায়িত্ব সম্পাদন কৰিব ৷ ইয়ে আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি কৰিব। সময় সুবিধাজনক আৰু আপোনাৰ অনুকূলে আছে ৷ আপোনাৰ কাৰ্যালয়ৰ মুৰব্বী আৰু আপোনাৰ অধীনৰ কৰ্মচাৰীসকলে আপোনাক প্ৰচুৰ সহায় কৰিব ৷ আপুনি সামাজিক কাম আৰু ৰাজনীতিৰ প্ৰতিও আগ্ৰহী হ’ব ৷ আপুনি সহকৰ্মীৰ লগত বাদানুবাদ এৰাই চলিব।
তুলা : ( ২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ )
আপুনি বহুলভাবে আধ্যাত্মিকতাৰ প্ৰতি আকৰ্ষিত হ’ব ৷ আপুনি লোৱা পদক্ষেপতে আপোনাক আপোনাৰ জীৱনসংগীয়ে সমৰ্থন কৰিব ৷ কথা-বতৰাবোৰ সঠিক দিশলৈ অহাৰ বাবে আপোনাক আপোনাৰ প্ৰেমিক বা প্ৰেমিকায়ো সহায় কৰিব আৰু আজিৰ দিনটো আপোনাৰ প্ৰিয়জনৰ সৈতে আনন্দ-স্ফূৰ্তিৰ মাজেৰে পাৰ কৰিব ৷ আপুনি এটা নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে ৷ আপুনি আপোনাৰ দুঃশ্চিন্তামুক্ত হৈ কাম উপভোগ কৰিব।
বৃশ্চিক: (২৪ অক্টোবৰ - ২২ নৱেম্বৰ)
আপুনি প্ৰায়ে আপোনাৰ জীৱনসংগীক অনেক প্ৰতিশ্ৰুতি দিয়ে ৷ এই পূৰণ কৰিব নোৱৰা কিছু অবাস্তৱ প্ৰতিশ্ৰুতি যেন বোধ হ’ব আপুনি আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত অধিক বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। চাকৰি আৰু কেৰিয়াৰৰ ক্ষেত্ৰত সময় আপোনাৰ বাবে অনুকূল ৷ আপুনি প্ৰচুৰ ধন লাভৰ ইংগিত সূচিত হৈছে ৷ আপুনি আপোনাৰ পৰিয়াল আৰু স্বামী বা পত্নীক অপৰ্যাপ্ত সময় দিব ৷
ধনু : ( ২৩ নৱেম্বৰ - ২১ ডিচেম্বৰ)
আপোনাৰ আজি স্পৃহা-উদ্যম তুংগত থাকিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তিৰে সময় অতিবাহিত কৰিব ৷ আপুনি কিছু বিত্তীয় সমস্যাৰ সন্মুখীন হ’বলগা হ’ব পাৰে ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকা আপোনাৰ বাবে সকাহদায়ক হ’ব আৰু আপোনালৈ সহায়ো আগবঢ়াব ৷ আপুনি আপোনাৰ প্ৰেমৰ প্ৰতি স্বেচ্ছাই আৰু সততাৰে কাম কৰিব ৷ আপুনি উদ্বিগ্ন হোৱাৰ প্ৰয়োজন নাই।
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
আপুনি আবেগিক ক্ষেত্ৰত বিচৰাখিনি আপোনালৈ আহিবলৈ ল’ব ৷ আপুনি আপোনাৰ প্ৰেমৰ ভেটি শক্তিশালী হোৱাটো বিচাৰিব। কাৰণ ইয়াৰ পৰা আপুনি সুৰক্ষা আৰু ঘনিষ্ঠতা পাব ৷ আপোনাৰ আত্মবিশ্বাস আৰু উৎসাহ-উদ্দীপনা সাংঘাতিক হ’ব ৷ কৰ্মস্থলীত কোনো ইতিবাচক ঘটনা সংঘটিত হব। আপুনি সপোনৰ পৃথিৱীৰ পৰা বাস্তৱৰ পৃথিৱীলৈ ওলাই অহা উচিত। আপোনাৰ কঠোৰ পৰিশ্ৰমে সুফল কঢ়িয়াব ৷
কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)
কঠোৰ শব্দ প্ৰক্ষেপে আপোনাৰ প্ৰেমৰ সু-সম্পৰ্ক নষ্ট কৰিব পাৰে ৷ আপুনি আঁকোৰ-গোঁজালি এৰি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত সু-বান্ধোন গঢ়ি তোলক। মানুহক অধিক বিশ্বাস কৰাৰ পৰিণতি আপুনি ভোগ কৰিবলগীয়া হ’ব পাৰে ৷ আপুনি দুই চকু খোলা ৰখা উচিত। অন্যথা আপুনি ঠগ খাব পাৰে ৷ ৰাজহুৱা জীৱনত আপুনি অতি বাস্তৱসন্মত হোৱাৰ প্ৰয়োজন হ’ব ৷
মীন : ( ১৯ ফেব্ৰুৱাৰী- ২০ মাৰ্চ)
আপুনি বৰ্তমানৰ প্ৰেমৰ সম্পৰ্ককলৈ অধিক তুষ্টিত নোভুগিব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি আদৰ-যতন প্ৰদৰ্শন কৰাৰ প্ৰয়োজন হব। আপুনি আপোনাৰ পৰিয়ালৰো ভালদৰে তত্বাৱধান কৰিব ৷ আপুনি আপোনাৰ সহকৰ্মীসকলৰ সৈতে সু-সম্পৰ্ক বৰ্তাই ৰাখিব। কোনো কাম হাচিলৰ বাবে তেওঁলোকৰ ওপৰত বল প্ৰয়োগ নকৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব ৷