আপুনি এজন নতুন পচ্ছন্দৰ ব্যক্তিৰ সৈতে হোৱা সাক্ষাতে আপোনাৰ আবেগ-অনুভূতিৰ বিস্ফোৰণ ঘটিব পাৰে ৷ এই ব্যক্তিজনৰ হৃদয় জয় কৰাৰ বাবে আপুনি সৌহাৰ্দ্যপূৰ্ণ আৰু উষ্ম হ’ব ৷ কল্পনাৰে ভৰপূৰ লেনদেনত ধন বিনিয়োগ নকৰিব ৷ অন্যথা আপুনি বিত্তীয় লোকচানৰ সন্মুখীন হ’ব ৷ আপুনি আপোনাৰ জ্যেষ্ঠ কৰ্মচাৰীৰ লগত ভাল সম্পৰ্ক ৰাখিব ৷ আপুনি এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব।
বৃষ : (২১ এপ্ৰিল - ২১ মে’ )
আপুনি ভালপোৱা ব্যক্তিজনৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷ এক অপ্ৰত্যাশিত ঘটনাই এনে সুপৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে ৷ আপুনি জীৱনকলৈ অতি সুখী হ’ব ৷ আপুনি পুৰণি বন্ধু-বান্ধৱক লগ পাব ৷ আপুনি ধন লাভৰ সম্ভাৱনা আছে ৷ অবিবাহিতসকল বিবাহপাশত আৱদ্ধ হোৱাৰ সম্ভাৱনা আছে ৷ মনৰ পৰা নিৰাশা আৰু নেতিবাচক অনুভূতি দূৰ হ’ব আৰু পৰিৱেশ-পৰিস্থিতি স্পষ্ট হ’ব ৷
মিথুন : ( ২২ মে’ - ২১ জুন)
আপোনাৰ বৰ্তমানৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক পদানত কৰি ৰাখিব ৷ তথাপি আপোনাৰ জীৱন উৎসাহ-উদ্দীপনাৰে পূৰ্ণ হৈ থাকিব ৷ আপোনালোক প্ৰেমিক বা প্ৰেমিকা দুয়োজনে প্ৰচুৰ আনন্দ-স্ফূৰ্তি কৰিব ৷ আপুনি সন্তুষ্টিৰ বাবে এক চুটি ভ্ৰমণ কৰিব পাৰে ৷ আপোনাৰ শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব কিন্তু আপুনি তেওঁলোকক সহজে পৰাভূত কৰিব ৷ আপুনি আলাপ-আলোচনাত সময় ব্যয় কৰিব ৷ অৱশ্যে এনে আলোচনাৰ মাজেৰে কেতবোৰ ভাল ঘটনা সংঘটিত হ’ব ৷
কৰ্কট : (২২ জুন - ২২ জুলাই)
আনক আপুনি শত্ৰু বুলি গণ্য নকৰিব ৷ আপুনি আনকো ভালপাবলৈ শিকক যাতে আনৰ পৰিও মৰম-চেনেহেৰে প্ৰতিদান পায়। আপুনি জানেনে যে আপোনাৰ জীৱনত এতিয়া প্ৰেম-ৰোমান্স নাই ৷ কিন্তু আপুনি আপোনাৰ দৃষ্টিভংগী সলনি কৰিলে, প্ৰেম-ৰোমান্স পাব ৷ আপুনি কোনো ঘনিষ্ঠজনক পৰামৰ্শ দিব ৷ আপুনি জীৱনৰ পথত ধীৰে-সুস্থেৰে অগ্ৰসৰ হ’ব ৷ আপোনাৰ মন সৃষ্টিশীল ভাবেৰে পূৰ্ণ হৈ থাকিব ৷ কামৰ প্ৰতি আপোনাৰ আগ্ৰহ-উদ্দীপনা থাকিব ৷
সিংহ : (২৩ জুলাই - ২৩ আগষ্ট)
আপুনি সকলো দুঃশ্চিন্তাৰ খাপ-খাই পৰিব আৰু আপুনি প্ৰেমৰ সম্পৰ্কক আগুৱাই নিব ৷ এইক্ষেত্ৰত আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ সহযোগিতা বিচৰাৰ প্ৰয়োজন হ’ব। সম্পত্তি সম্পৰ্কত আপুনি এটা ভাল খবৰ পাব। আপোনাক আপোনাৰ বন্ধু-বান্ধৱে প্ৰচুৰ সহায় কৰিব। এটা ভুল বুজাবুজি দূৰ হ’ব । আপুনি ধনৰ লাভ পাব।
কন্যা : (২৪ আগষ্ট - ২২ ছেপ্টেম্বৰ)
মুহূৰ্তৰ উত্তেজনাত আপোনাৰ প্ৰিয়জনে আপোনাৰ প্ৰতি অভাৱনীয় আচৰণ কৰিলেও আচৰিত নহ’ব ৷ আপোনাৰ বাবে আজিৰ দিনটো অনেক আচহুৱা ঘটনাৰে পৰিপূৰ্ণ হ’ব ৷ আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ দৃষ্টিত আপোনাৰ ভাবমূৰ্তি অধিক বৃদ্ধি পাব ৷ তেওঁ আপোনাক প্ৰশংসা কৰিব ৷ আপোনাৰ সহকৰ্মীৰ লগত আপুনি এক সজীৱ আলোচনাত মিলিত হ’ব ৷ তেওঁলোকে আপোনাৰ মত গ্ৰহণ কৰিব ৷
তুলা : (২৩ ছেপ্টেম্বৰ - ২৩ অক্টোবৰ)
আপুনি আপোনাৰ কাৰণে আজি এটা সুনাম অৰ্জন কৰিব ৷ আপুনি আপোনাৰ কৰ্মস্থলীত নতুন ধাৰণা আৰু নীতি-নিয়ম বলবৎ কৰিব ৷ চাকৰিত আজি আপুনি বদলি হ’ব পাৰে । ইয়ে আপোনাৰ ওপৰত কিছু মানসিক চাপৰ সৃষ্টি কৰিব আপুনি আপোনাৰ খং-ক্ষোভ আদি নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন ৷
বৃশ্চিক : (২৪ অক্টোবৰ - ২২ নৱেম্বৰ)
আপোনাৰ প্ৰেমৰ সম্পৰ্কত এটা পাৰস্পৰিক আস্থাৰ ভাব গঢ় লৈ উঠিব ৷ ই আপোনাৰ প্ৰেমৰ সবাতোকৈ শ্ৰেষ্ঠ কথা হ’ব আপুনি বন্ধৰ দিনত ফুৰাৰ সময়ত কোনো এজন নতুন ব্যক্তিক লগ পাব পাৰে ৷ আপুনি তেওঁৰ সৈতে শীঘ্ৰেই বিয়া বন্দোৱস্ত কৰাৰ কথাও চিন্তা কৰিব ৷ সহকৰ্মীৰ লগত আপোনাৰ তৰ্ক-বিতৰ্ক বা বাদানুবাদ হ’ব পাৰে ৷
ধনু : ( ২৩ নৱেম্বৰ- ২১ ডিচেম্বৰ)
আজি আপুনি কিছু প্ৰগতি অৰ্জন কৰিব পাৰে ৷ আপোনাৰ জীৱনসংগীয়ে কথা-বতৰাবোৰ বিশেষ কৰি ৰাখিবৰ বাবে আপোনাক পৰামৰ্শ দিব ৷ আপোনাৰ বিত্তীয় অৱস্থা উন্নত হ’ব ৷ আপোনাৰ দৃষ্টিভংগী আৰু দায়বদ্ধতাৰ দ্বাৰা আপোনাৰ উৰ্ধতন বিষয়া সন্তুষ্ট হ’ব ৷ আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গ আপোনাকলৈ সম্পূৰ্ণৰূপে সুখী হ’ব ৷ আপুনি সন্তুষ্ট হ’ব ৷
মকৰ : (২২ ডিচেম্বৰ - ২০ জানুৱাৰী)
আপোনালোক প্ৰেমিক-প্ৰেমিকাসকলৰ মাজত আন্তৰিকতা পূৰ্বতকৈ অধিক বৃদ্ধি পাব ৷ আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধু-বান্ধৱক সহায় কৰিব ৷ আপোনাৰ কাৰ্যালয়ত আপোনাকলৈ আপোনাৰ মুৰব্বী বিষয়া আৰু জ্যেষ্ঠ কৰ্মচাৰীসকল সুখী হ’ব ৷ আপুনি আপোনাৰ লক্ষ্যত উপনীত হ’বলৈ সক্ষম হ’ব ৷
কুম্ভ : (২১ জানুৱাৰী - ১৮ ফেব্ৰুৱাৰী)
কোনো কোনো সময়ত আপুনি সম্পূৰ্ণৰূপে নিঃসংগ অনুভৱ কৰিব পাৰে ৷ আপোনাৰ প্ৰেম লাহে লাহে বৃদ্ধি পাব আৰু আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত আনন্দ-স্ফূৰ্তি কৰি সময় অতিবাহিত কৰিব ৷ আপুনি নতুন আশাৰ বাট দেখিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰম সমাদৃত হ’ব ৷ আপুনি সঠিক দিশত আগবাঢ়িব ৷