আপোনাক নিজৰ মানুহে বহু সহায় কৰিব আৰু সেয়া আপোনাৰ বাবে সবাতোকৈ ডাঙৰ শক্তিত পৰিণত হ’ব ৷ উৎপাদনী কামৰ বাবে এই সময়ছোৱাই উপযুক্ত সময়৷ মঙলৰ অনুকূল অৱস্থানৰ বাবে আপোনাৰ কাম সুষম গতিৰে আগবাঢ়িব আৰু আপুনি লাভ অৰ্জন কৰিব । আপুনি খং-ক্ষোভ নিয়ন্ত্ৰণত ৰখাৰ প্ৰয়োজন হ’ব ৷ আপুনি ধন আৰু বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷ আপোনাৰ প্ৰেমত নতুনত্ব সংযোজনৰ প্ৰয়োজন হ’ব ৷ আপুনি আপোনাৰ প্ৰেমিক বা প্ৰেমিকাৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ কথা চিন্তা কৰিব ৷ চৰকাৰৰ সৈতে সম্পৰ্কিত আপোনাৰ কাম মসৃণতাৰে সম্পন্ন হৈ উঠিব ৷ আপুনি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু তাৰ অনুপাতত ফল লাভ কৰিব ৷ ছাত্ৰ-ছাত্ৰীসকলে দীৰ্ঘদিন ধৰি সন্মুখীন হৈ অহা সমস্যা সমাধান হ’ব ৷ তেওঁলোকে পৰীক্ষা বা সাক্ষাৎকাৰত সফলতা অৰ্জন কৰিব ৷
বৃষ : (২১ এপ্ৰিল -২১ মে’)
অৱশেষত মানুহে আপোনাৰ প্ৰতিভা আৰু সামৰ্থ্যক স্বীকাৰ কৰিব ৷ আপুনি যথেষ্ট প্ৰশংসা লাভ কৰিব আৰু আপুনি কামৰ জৰিয়তে পুৰষ্কৃত হ’ব ৷ আপুনি ধনৰ লাভ অৰ্জন কৰিব ৷ আপোনাৰ জনপ্ৰিয়তাও বৃদ্ধি পাব ৷ আপুনি আপোনাৰ পিতৃ-মাতৃ আৰু জ্যেষ্ঠসকলৰ পৰা আশীৰ্বাদো পাব ৷ এয়া আপোনাৰ বাবে বাধা-বিঘিনী অতিক্ৰম কৰাৰ বাবে ডাঙৰ সম্পদ হ’ব ৷ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সৌভাগ্যবান ৷ আপোনাৰ স্বামী বা পত্নী আপোনাৰ বাবে বৃহত্তম শক্তি পৰিণত হ’ব আৰু তেওঁ আপোনাক দিক-নিৰ্দেশনা দি যাব ৷ আপুনি এজন গুৰুত্বপূৰ্ণ ব্যক্তিক লগ পোৱাৰ সম্ভাৱনা আছে আৰু তেওঁ আপোনাৰ বাবে লাভদায়ক হ’ব ৷ কোনোবাজনে মিঠা মিঠা আপোনাৰ পৰা কাম হাচিল কৰিব পাৰে ৷
মিথুন : (২২ মে’ – ২১ জুন)
আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কাম সম্পন্ন হ’ব ৷ হঠাতে আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব কাম আৰু আপুনি অতি অনুকূল সময়ৰ এক অধ্যায় উপভোগ কৰিব ৷ মানুহে আপোনাৰ কাম আৰু কথাত যথেষ্ট আস্থা ৰাখিব ৷ ইয়ে আপোনাৰ কাম আৰু কৰ্মচাৰীসকললৈ এটা ভাল বাৰ্তা প্ৰেৰণ কৰিব ৷ আপোনাৰ আত্মবিশ্বাস উচ্চ হ’ব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি নতুন বিনিয়োগ কৰিব ৷ আপুনি ব্যৱসায়ত আৰ্থিক লাভ অৰ্জনো কৰিব ৷ আপুনি ক’ৰবাৰ পৰা এটা সু-খবৰো পাব ৷ আপুনি পথত থকা বাধা-বিঘিনী দূৰ হ’ব ৷ আপুনি পৰিয়ালৰ লগতো ভাল সময় অতিবাহিত কৰিব ৷ স্বামী-স্ত্ৰীৰ মাজত বুজাবুজি উন্নত হ’ব ৷ সম্পত্তিৰ সৈতে জড়িত বিবাদ নিষ্পত্তি হ’ব ৷ সামাজিক কল্যাণমূলক কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব ৷
কৰ্কট : (২২ জুন -–২২ জুলাই)
আপোনাৰ প্ৰভাৱ উচ্চ হ’ব ৷ চাকৰিত আপুনি পদোন্নতি পাব আৰু আপোনাৰ মৰ্যাদা বৃদ্ধি পাব ৷ আপোনাৰ সহকৰ্মীসকলে আপোনাৰ কথা মানি চলিব আৰু আপুনি তেওঁলোকৰ পৰা কামত সহযোগিতা পাব ৷ বৃহস্পতিয়ে আপোনালৈ প্ৰচুৰ বিত্তীয় লাভ অনাটো নিশ্চিত ৷ ধন আৰু সম্পত্তিৰ সৈতে জড়িত কাম সম্পন্ন হ’ব ৷ আপুনি প্ৰচুৰ ভ্ৰমণ কৰিব আৰু ভাগৰ অনুভৱ কৰিব ৷ কিন্তু আপুনি ভ্ৰমণৰ জৰিয়তে প্ৰচুৰ ধন অৰ্জন কৰিব ৷ দৌৰা-ধপৰাকৈ কাম কৰি থকাৰ মাজতে আপুনি পৰিয়ালকো ভাল সময় দিব ৷ ইয়ে আপোনাক আৰাম কৰিবলৈ সুযোগ দিব আৰু আপুনি সুখ আৰু আনন্দ পাব ৷ আপুনি কোনো পাৰিবাৰিক গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব ৷ আপুনি ইয়াক লৈ সৰ্বসন্মত মত বিচাৰিব ৷ ব্যৱসায় সম্পৰ্কত আপুনি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব আৰু লাভান্বিত হ’ব৷ আপোনাৰ স্বাস্থ্য ভাল হ’ব ৷
সিংহ : (২৩ জুলাই – ২৩ আগষ্ট)
এই দিনবোৰ আপোনাৰ বাবে লাভ অৰ্জনৰ দিন। আপোনাৰ ব্যৱসায়ৰ উন্নতি সাধন হ’ব আৰু আপুনি লাভ অৰ্জন কৰিব ৷ আপোনাৰ আয় ভাল হ’ব ৷ মানুহৰ সৈতে সংযোগে আপোনাক উপকৃত কৰিব ৷ আপুনি নতুন মানুহৰ সৈতেও সংযোগ স্থাপন কৰিব৷ আপুনি বিনিয়োগৰ বাবে সুযোগ পাব ৷ আপুনি কৰ্মস্থলীত আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ’ব ৷ আপোনাৰ উৰ্ধতন মুৰব্বী বিষয়াসকলে আপোনাক সহায়-সমৰ্থন কৰিব। সময় আপোনাৰ বাবে অনুকূল। আপুনি সুন্দৰ ৰোমাণ্টিক জীৱন লাভ কৰিব। আপোনাৰ প্ৰেমিক বা প্ৰেমিকাই আপোনাক যথেষ্ট সহায় কৰিব। এই সময়ছোৱাত আপোনাৰ বাবে অংশীদাৰী ব্যৱসায় শ্ৰেয়। আপুনি আকাংক্ষিত এটা কাম লাভ কৰি পূৰ্ণ শক্তিৰে কাম কৰিব। আপুনি এটা ভাল কাম কৰিবলৈ লব। আপুনি ঘৰুৱা কাম-কাজত ধন ব্যয় কৰাৰ সম্ভাৱনা আছে। আপোনাৰ বিৰোধী পৰাভুত হব।
কন্যা : (২৪ আগষ্ট – ২২ ছেপ্টেম্বৰ)
আপোনাৰ জীৱনসংগীক লৈ আপুনি সুখী হ’ব ৷ আপুনি আপোনাৰ প্ৰিয়জনৰ লগত সুন্দৰ সময় অতিবাহিত কৰিব ৷ আপুনি বিয়াৰ পৰিকল্পনাও কৰিব ৷ আপোনাৰ দক্ষতাক মানুহে প্ৰশংসা কৰিব ৷ আপুনি পুনৰ নিজক জুঁকিয়াই চাব ৷ আপুনি কোনো গুৰুত্বপূৰ্ণ খবৰ-বাতৰিও পাব ৷ আপুনি আপোনাৰ ব্যৱসায়ৰ বৃহৎ সম্প্ৰসাৰণৰ কথা চিন্তা কৰিব ৷ কিন্তু বিবাদৰ সৈতে কথাবোৰ অধিক জটিল হ’ব ৷ অৱশ্যে আপুনি বিবাদ মীমাংসা কৰিবলৈ সক্ষম হ’ব ৷ আধৰুৱা হৈ থকা চৰকাৰী কাম আপুনি চৰকাৰী বিষয়া-কৰ্মচাৰীৰ সহযোগত সম্পন্ন কৰিবলৈ সক্ষম হ’ব ৷ আপোনাৰ স্বাস্থ্যৰ প্ৰচুৰ উন্নতি সাধন হ’ব ৷ সমাজত আপোনাৰ প্ৰভাৱ বৃদ্ধি পাব ৷ আপুনি বিয়া বা আন কোনো উৎসৱ-পাৰ্বনত অংশ ল’ব পাৰে ৷ আপুনি সাধু-সন্ত আৰু মহৎ ব্যক্তিৰ আশীৰ্বাদো পাব ৷
তুলা : (২৩ ছেপ্টেম্বৰ – ২৩ অক্টোবৰ)
আপোনাৰ সুখৰ মাত্ৰা বৃদ্ধি পাব ৷ আপোনাৰ আয় ভাল হ’ব ৷ আপুনি বহু মানুহৰ লগত সংযোগ স্থাপন কৰিব৷ আপুনি আপোনাৰ কাম সহজে আৰু শিথিলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ’ব ৷ আপুনি আপোনাৰ পৰিয়ালৰ সদস্যবৰ্গৰ সৈতেও সময় অতিবাহিত কৰিব ৷ আপোনাৰ সন্তানে আপোনাৰ কথা মানি চলিব ৷ আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ ভাল বুজাপৰা থাকিব ৷ আপুনি যথেষ্ট সৃষ্টিশীল হ’ব আৰু নতুন নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিব ৷ মনোৰঞ্জনৰ বাবে আপুনি চিনেমা আৰু ইণ্টাৰনেট চাব ৷ আপোনাৰ ব্যৱসায়ে পুনৰুজ্জীৱিতকৰণৰ ইংগিত ফুটাই তুলিব ৷ দীৰ্ঘদিন ধৰি কৰ্মহীন হৈ থকাসকলে চাকৰিৰ অফাৰ পাব ৷ আপুনি কিতাপ-পত্ৰ পঢ়ি, ভ্ৰমণ কৰি আৰু নতুন মানুহক লগ কৰি সময় অতিবাহিত কৰিব ৷ নতুন প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ বাবে এই সময়ছোৱা আপোনাৰ বাবে ভাল ৷ কামৰ ক্ষেত্ৰত আপুনি এনে এটা কাম কৰিব, যাৰ বাবে আপোনাক প্ৰত্যেকেই প্ৰশংসা কৰিব ৷ আপুনি শত্ৰুৰ পৰা সাৱধান হ’ব আৰু অ-পৰিচিত ব্যক্তিক আস্থাত নল’ব ৷
বৃশ্চিক : (২৪ অক্টোবৰ – ২২ নৱেম্বৰ)
মানুহৰ সৈতে আপোনাৰ আলাপ-আলোচনা উন্নত হ’ব। আপুনি বিত্তীয় লাভ অৰ্জন কৰিব৷ আপুনি আপোনাৰ পৰিয়ালৰ সৈতেও উৎপাদনশীল সময় পাৰ কৰিব ৷ আপোনাৰ স্বামী বা পত্নীৰ সৈতে আপোনাৰ সম্পৰ্ক আন্তৰিক হ’ব ৷ আপুনি চাকৰি বা ব্যৱসায়ৰ সুযোগ পাব ৷ বিত্তীয় লেনদেনৰ ক্ষেত্ৰত এই সময়ছোৱা আপোনাৰ বাবে ভাল ৷ আপুনি আপোনাৰ কাৰ্যালয়ৰ পৰি থকা কাম শেষ কৰিবলৈ সক্ষম হ’ব ৷ আপোনাৰ জীৱনসংগীৰ দৃষ্টিভংগীয়ে আপোনাৰ আাশা সজীৱ কৰি ৰাখিব ৷ অবিবাহিতসকলে বিয়াৰ পৰিকল্পনা কৰিব ৷ ঘৰুৱা জীৱনত এনে কোনো কাম কৰিব, যাৰ বাবে আপোনাক সকলোৱে প্ৰশংসা কৰিব ৷ আপোনাৰ জীৱনশৈলীলৈ এটা পৰিৱৰ্তন আহিব, যিয়ে আপোনাক সুখী কৰিব ৷ আপুনি ধন ধাৰে ল’ব ৷ গুৰুত্বসহকাৰে চিন্তা কৰাৰ পাছত আপুনি কিছুমান বিষয়ত সিদ্ধান্ত ল’ব ৷
ধনু : (২৩ নৱেম্বৰ – ২১ ডিচেম্বৰ)
আপুনি আগন্তুক সপ্তাহটোত বুদ্ধিমত্তা আৰু বাধ্যবাধকতাৰ মাজেৰে কাম সম্পন্ন কৰিব ৷ কাৰ্যালয়ৰ কামত আপুনি অধিক জড়িত হ’ব ৷ আপোনাৰ বিত্তীয় অৱস্থা অধিক উন্নত হ’ব ৷ আপুনি নতুন প্ৰকল্পৰ কামত জড়িত হ’ব ৷ আপুনি নতুন নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰিব ৷ আপুনি অতি জটিল পৰিস্থিতিও সহজে অতিক্ৰম কৰিব ৷ আপুনি প্ৰবল ইচ্ছাশক্তি আৰু আত্মবিশ্বাসৰ বলত অতি জটিল সমস্যাও সমাধা কৰিব ৷ আধাৰুৱা হৈ থকা কাম আপুনি সম্পন্ন কৰাৰ বাবে আপুনি উৎসৰ্গীকৃত মনোভাৱেৰে কাম কৰিব ৷ জীৱনসংগীৰ সৈতে থকা আপোনাৰ ভুল বুজাবুজি দূৰ হ’ব ৷ ব্যৱসায়ত আপুনি লাভ অৰ্জন কৰিব ৷ আপুনি নতুন ব্যৱসায় কৰিবলৈ ল’ব ৷ আপোনাৰ ঘৰুৱা সমস্যা দূৰ হ’ব ৷ এই সময়চোৱা আপোনাৰ বাবে ভাল সময় ৷ আপোনাৰ নাম-যশস্যা প্ৰচুৰ হ’ব ৷ জীৱনত আপুনি এক নতুন লক্ষ্য পাব ৷
মকৰ : (২২ ডিচেম্বৰ – ২০ জানুৱাৰী)
আপুনি এই সময়ছোৱা অতি ভালদৰে ব্যৱহাৰ কৰাৰ সুযোগ পাব ৷ প্ৰত্যাশা অনুসৰি ফলাফল লাভ কৰিব ৷ বিয়াৰ পৰিকল্পনা কৰাসকলে বিবাহপাশত আৱদ্ধ হ’বলৈ সক্ষম হ’ব ৷ বৃহস্পতি আৰু শনিৰ অৱস্থানে আপোনাৰ বাবে লাভৰ দুৱাৰ মুকলি কৰিব ৷ জ্যেষ্ঠসকলৰ সৈতে আপোনাৰ সম্পৰ্ক সৌহাৰ্দ্যপূৰ্ণ হ’ব আৰু সময়ে সময়ে তেওঁলোকৰ পৰা উপকৃত হ’ব ৷ খৰধৰকৈ কোনো বিত্তীয় সিদ্ধান্ত নল’ব ৷ আপুনি কোনো স্মৃতি ৰোমন্থন কৰিব পাৰে আৰু ভাল স্মৃতিৰ মাজত আপোন পাহৰা হ’ব ৷ ইয়ে আপোনাক কিছু মেজাজী কৰিব পাৰে ৷ আপোনাৰ ভাগ্যৰ উত্থান ঘটিব ৷ আপোনালৈ নতুন চাকৰি বা ব্যৱসায়ৰ প্ৰস্তাৱ আহি থাকিব ৷ কামত আপোনাক আপোনাৰ সহকৰ্মীসকলে সহায় কৰিব ৷ আপুনি আপোনাৰ দৈনন্দিন কৰ্মসূচী আৰু অভ্যাসগত কামলৈ পৰিৱৰ্তন আনিব৷
কুম্ভ : (২১ জানুৱাৰী – ১৮ ফেব্ৰুৱাৰী)
সুফল লাভৰ ক্ষেত্ৰত সপ্তাহটোৰ প্ৰথমচোৱা সময় আপোনাৰ বাবে অতি ভাল হ’ব ৷ আপোনাৰ কাম সম্পন্ন হৈ উঠিব ৷ চৰকাৰৰ সৈতে সম্পৰ্কিত কাম আপুনি সহজে সম্পন্ন কৰিবলৈ সক্ষম হ’ব ৷ আপোনাৰ স্বাস্থ্য উন্নত হ’ব ৷ আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে সুন্দৰ বান্ধোন উপভোগ কৰিব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ আপুনি হেৰুওৱা মৰ্যাদা ঘূৰাই পাব ৷ আপুনি বহু মানুহৰ লগত ভাব বিনিময় কৰিব ৷ আপুনি আপোনাৰ বন্ধু-বান্ধৱক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব ৷ আপুনি আত্মবিশ্বাসেৰে ভৰপূৰ হ’ব ৷ আৰু আপুনি আয় আৰু সামৰ্থ্যৰ মাজত ভাৰসাম্য স্থাপন কৰিব ৷ আপুনি দৰিদ্ৰ-নিচলাকো সহায় কৰিব ৷ মানুহে আপোনাৰ উপদেশ গুৰুত্বসহকাৰে ল’ব ৷
মীন: (১৯ ফেব্ৰুৱাৰী – ২০ মাৰ্চ)
আপোনাৰ কোনো এটা বিশেষ কাম সম্পন্ন হ’ব ৷ইয়ে আপোনাক সুখী কৰিব ৷ আপুনি অন্তৰতো ভাল অনুভৱ কৰিব ৷ আপুনি কৰিবলৈ পৰিকল্পনা কৰা কামবোৰ সম্পন্ন হৈ উঠিব ৷ পেচাৰ ক্ষেত্ৰত আপোনাৰ উত্থান চমকপ্ৰদ হ’ব ৷ আপোনাৰ নাম আৰু যশস্যা বৃদ্ধি পাব ৷ আপুনি বিত্তীয় লাভ অৰ্জন কৰিব ৷ প্ৰেম-ৰোমান্সৰ ক্ষেত্ৰত আপুনি সৌভাগ্যবান ৷ প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে এয়া অতি সুন্দৰ সময় ৷ তেওঁলোকৰ মাজতো বুজাবুজি ভাল হ’ব ৷ আপোনাৰ জ্যেষ্ঠসকলে আপোনাক পথ-নিৰ্দেশনা দিব আৰু আপুনি সহজে অগ্ৰসৰ হ’ব ৷ আপুনি সাৱধানেৰে কৰা কামৰ ফলাফল অতি ভাল হ’ব ৷ আপুনি আত্মীয়-স্বজনৰ ঘৰলৈ ফুৰিবলৈও যাব৷ আপুনি ঘৰত ভোজ-ভাততো অংশ ল’ব ৷ আপুনি প্ৰিয়জনৰ সান্নিধ্যত সুন্দৰ সময় অতিবাহিত কৰিব ৷ যুৱক-যুৱতীসকল উৎসাহী হ’ব ৷ আপুনি আপোনাৰ বুদ্ধিমত্তা আৰু সামৰ্থ্যৰ বলত ব্যৱসায়ত লাভ অৰ্জন কৰিব ৷