কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কেনেদৰে যাব পাৰি ?
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কেনেদৰে যাব পাৰি ?

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কেনেদৰে যাব পাৰি ?

আজিৰ অসম কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ কেনেদৰে যাব পাৰি ? 23 Nov, 2021
Published on

১) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হোৱাৰ একমাত্ৰ উপায় হ’ল গাড়ী ৷ অৱশ্যে উদ্যানখনৰ নিকটৱৰ্তী স্থানত ৰে’ল অথবা বিমানেৰেও উপস্থিত হ’ব পাৰি ৷

২) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী বিমানকোঠ হলঃ যোৰহাট বিমানকোঠ আৰু গুৱাহাটীৰ বৰঝাৰ বিমানকোঠ। গুৱাহাটীৰ বৰঝাৰ বিমানকোঠৰ পৰা কাজিৰঙালৈ দূৰত্ব ২১৭ কিলোমিটাৰ আৰু যোৰহাট বিমানকোঠৰ পৰা দূৰত্ব ৯৭ কিলোমিটাৰ ৷

৩) উপৰোক্ত দুয়োটা বিমানকোঠৰ পৰা গাড়ীৰে সহজে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ’ব পাৰি ৷ দেশৰ যিকোনো স্থান বা বিদেশৰ পৰা অহাসকলে কাজিৰঙা ভ্ৰমণৰ বাবে বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানকোঠত নমাটো উত্তম হয় ৷

৪) বৰঝাৰ বিমানকোঠত নমা এজন ব্যক্তিয়ে সহজে গাড়ী বা কেব-লৈ কাজিৰঙালৈ যাব পাৰে ৷ অথবা এ এচ টি চি বাছ আস্থানত চৰকাৰী বা ব্যক্তিগত বাছত উঠি যাব পাৰে ৷

৫) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী ৰে’ল ষ্টেচন হৈছে ফৰকাটিং ৰে’ল ষ্টেচন ৷ এই ষ্টেচনৰ পৰা কাজিৰঙালৈ দূৰত্ব ৭৫ কিলোমিটাৰ ৷ কলকতা, দিল্লী আদি দেশৰ বিভিন্ন স্থানৰ পৰা অহা ৰে’ল ফৰকাটিং ৰে’ল ষ্টেচনত ৰখোৱা হয় ৷

৬) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নিকটৱৰ্তী দুটা প্ৰধান ৰে’ল ষ্টেচন হ’ল গুৱাহাটী ৰেল ষ্টেচন আৰু যোৰহাট ৰে’ল ষ্টেচন ৷ কাজিৰঙাৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনৰ দূৰত্ব ২৪০ কিলোমিটাৰ আৰু যোৰহাট ষ্টেচনৰ পৰা ৯০ কিলোমিটাৰ ৷ দুয়োটা ষ্টেচনৰ পৰা কেব বা টেক্সিৰে কাজিৰঙাত উপস্থিত হ’ব পাৰি৷

৭) কাজিৰঙাত প্ৰৱেশৰ মূল দ্বাৰ হৈছে কঁহৰা নগৰ ৷ এই নগৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৷ কঁহৰা নগৰ যোৰহাট, নগাঁও, গুৱাহাটী, ডিমাপুৰ আদিৰ সৈতে ভালদৰে পথেৰে সংযোজিত ৷ এই স্থানসমূহৰ বাছ টেক্সি, কেব আদিৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত উপস্থিত হ’ব পাৰি ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com