কেটৰিনা কাইফ আৰু বিকি কৌশলৰ পৰা শিকিব লগীয়া প্ৰেমৰ কিছু ধাৰাপাত
কেটৰিনা কাইফ আৰু বিকি কৌশলৰ পৰা শিকিব লগীয়া প্ৰেমৰ কিছু ধাৰাপাত

কেটৰিনা কাইফ আৰু বিকি কৌশলৰ পৰা শিকিব লগীয়া প্ৰেমৰ কিছু ধাৰাপাত

আজিৰ অসম কেটৰিনা কাইফ আৰু বিকি কৌশলৰ পৰা শিকিব লগীয়া প্ৰেমৰ কিছু ধাৰাপাত ১১ ডিচেম্বৰ, ২০২১
Published on

আকৰ্ষণীয় যোৰা

শেহতীয়া ভাৱে বিবাহ পাশত আবদ্ধ হোৱা বিকি কৌশল আৰু কেটৰিনা কাইফৰ সম্পৰ্ক বৰ্তমান বি টাউনৰ শীৰ্ষত থকা চৰ্চাৰ বিষয়। নৱ বিবাহিত যোৰাটোৰ এটি দৰ্শনৰ হেতু সকলো অতিকৈ উৎসুক

যুগ্ম জীৱনৰ আৰম্ভণি

বিবাহৰ পূৰ্ব লৈকে নিজৰ সম্পৰ্কৰ বিষয়ে কোনো দিনে পৃথিৱীৰ আগত প্ৰকাশ নকৰিলে বিকি আৰু কেটে। তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে বিভিন্ন প্ৰশ্ন উত্থাপন কৰাৰ পাছতো কোনো দিনে এই বিষয় লৈ কোনো মন্তব্য প্ৰকাশ নকৈলে দুয়োয়ে। আৰু এতিয়া জয়পুৰত ধুমধামেৰে উদযাপন কৰা হ'ল এখন বিশেষ বিবাহ

এই গোপনীয়তা কিয়?

যোৰাটোৱে নিজেই প্ৰকাশ নকৰালৈকে এই কথা সদায়ে ৰহস্য হৈ থাকিব। কিন্তু, এতিয়া আহক এই যোৰাটোৰ পৰা লগীয়া কিছু প্ৰেমৰ জ্ঞান লওঁ।

ব্যক্তিগত জীৱন

এটি সাক্ষাৎকাৰ যোগে অভিনেতা বিকি কৌশলে প্ৰকাশ কৰিছিল যে তেওঁৰ নিজৰ ব্যক্তিগত জীৱনক আছুতীয়াকৈ ৰাখিব বিচাৰে, যাতে কোনো লোকে তেওঁ সম্পৰ্কৰ সম্বন্ধত কোনো ধৰণৰ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰে। তেওঁ ইয়াক গোপন ৰখা পছন্দ কৰে

জীৱন আৰু সম্পৰ্কৰ প্ৰতি দৃষ্টি

সকলোৰে আগত নিজৰ জীৱন ডাঙি ধৰাতকৈ দুয়োগৰাকীয়ে নিজৰ ব্যক্তিগত জীৱন গোপনে ৰখাৰ বিশ্বাস কৰে। "যদিহে তোমাৰ আৰু তেওঁৰ মাজত তেনে ধৰণৰ প্ৰেম আছে, তেন্তে ইয়াক সন্মান কৰা।"

প্ৰাধান্য

প্ৰেমক লৈ দুয়োগৰাকীৰ দৃষ্টিভংগী প্ৰায় একেই। প্ৰথম দৃষ্টিৰ প্ৰেমৰ দুয়োয়ে বিশ্বাস নকৰে।

এগৰাকীৰ আনগৰাকীৰ প্ৰতি উদগণি

২০০৯চনৰ এটি সাক্ষাৎকাৰত কেটৰিনাক নিজৰ গুৰু ৰূপে সম্বোধন কৰিছিল বিকি কৌশলে, যেতিয়া নিজৰ অভিনয় প্ৰশিক্ষণৰ দিনত তেওঁ "তেৰি ঔৰ" গীতত নৃত্য কৰিছিল। খুহুতীয়া ভাৱে তেওঁ জনাইছিল যে কেটৰিনা এনে এগৰাকী পৰি যিয়ে তেওঁক নিজৰ কৌশল সমূহ আৰু উন্নত কৰাত সহায় কৰিছিল। এই বাক্য শাৰী অতিকৈ উৎসাহিত আৰু মৰমলগা।

প্ৰেমৰ কোনো বয়স নাথাকে

এই যোৰাটিয়ে প্ৰমাণ কৰিলে যে প্ৰেমে কোনো ধৰণৰ সামাজিক নিয়ম পালন নকৰে। বয়সত বিকিত কৈ কেটৰিনা ৫বছৰৰ ডাঙৰ, কিন্তু এই কথাটোৱে যোৰাটিক "পাৰফেক্ট কাপোল" হোৱাৰ পৰা বিৰত নকৰে।

প্ৰেমৰ কোনো সীমা নাই

কেটৰিনাৰ মাতৃ খৃষ্টিয়ান আৰু পিতৃ মুচলমান, সেই মতে তেওঁ ভগবানৰ এগৰাকী দৃঢ় বিশ্বাসী। ইয়াৰ পৰা প্ৰমাণিত হয় যে বিকি আৰু কেটৰিনাৰ প্ৰেমে কোনো ধৰণৰ সীমা বদ্ধতা বিশ্বাস নকৰে আৰু এই কথা অতিকৈ উৎসাহ জনক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com