সবাটোতকৈ ব্যয়বহুল বলিউড চলচ্চিত্ৰ
দিলৱালে
কেইবা গৰাকীও বিশিষ্ট অভিনেতা, শ্বাহৰুখ খান, কাজল, বৰুণ ধাৱান, কৃতি চেণন, আৰু বহুতো জনপ্ৰিয় তাৰকা অভিনীত এই ছবিয়ে নিসন্দেহে প্ৰায় ১৬০কোটি টকাৰ ব্যয় কৰিছে।
জোধা আকবৰ
ঐশ্বৰ্য্য ৰায় আৰু হৃতিক ৰোশন অভিনীত, এই ঐতিসাহিক চলচ্চিত্ৰ খনৰ নিৰ্মাণত ব্যয় কৰা হৈছিল প্ৰায় ৩৩কোটি টকা।
পদ্মাৱত
সঞ্জয় লীলা ভাঞ্চালি নিৰ্দেশিত, দীপিকা পাদুকণ, ৰণবীৰ সিং আৰু শ্বাহিদ কাপুৰ অভিনীত এই ছবিৰ নিৰ্মাণত বিনিয়োগ কৰা হৈছিল প্ৰায় ২০০কোটি টকা।
ধুম ৩
ধুম শৃংখলাৰ তৃতীয় সংস্কৰণ ধুম ৩, বলিউড জগতৰ অন্যতম ব্যয়বহুল ছবি হিচাপে পৰিগণিত। এই ছবি নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছিল প্ৰায় ১৭৫কোটি টকা।
বাজীৰাও মষ্টানি
ৰণবীৰ সিং, দীপিকা পাদুকণ আৰু প্ৰিয়ংকা চোপ্ৰা অভিনীত, সঞ্জয় লীলা ভাঞ্চালিৰ এই উচ্চাকাংক্ষী ছবিত ব্যয় কৰা হৈছিল প্ৰায় ১৪৫কোটি টকা।
ঠাগছ অফ হিন্দুস্তান
মুখ্য ভূমিকাত আমিৰ খান আৰু অমিতাভ বচ্চনক দেখিবলৈ পোৱা এই ছবিত বিনিয়োগ কৰা হৈছিল প্ৰায় ৩০০কোটি টকা
বাহুবলী
বিভিন্ন ভাষাত মুক্তি লাভ কৰা "বাহুবলী : দ্য বিগিনিং" আৰু "বাহুবলী ২ : দ্য কংক্লিউজন"ত যুটীয়া ভাবে বিনিয়োগ কৰা হৈছিল কমেও ৪৩০কোটি টকাৰ বাজেট।
দেৱদাস
প্ৰায় ৫০কোটি টকাৰ বাজেটৰে, আটকধুনীয়া মঞ্চ আৰু অতিকৈ আকৰ্ষণীয় সাজেৰে সজোৱা হৈছিল সঞ্জয় লীলা ভাঞ্চালীৰ এই জনপ্ৰিয় ছবি।