২০২২ত বজাৰলৈ আহিবলগীয়া স্মাৰ্টফোনঃ
২০২২ত বজাৰলৈ আহিবলগীয়া স্মাৰ্টফোনঃ

২০২২ত বজাৰলৈ আহিবলগীয়া স্মাৰ্টফোনঃ

আজিৰ অসম ২০২২ত বজাৰলৈ আহিবলগীয়া স্মাৰ্টফোন ২২ ডিচেম্বৰ, ২০২১
Published on

ৱান প্লাছ ১০ প্ৰ’

বহুতে প্ৰত্যাশা কৰি থকা এটা স্মাৰ্টফোন হৈছে ৱান প্লাছ ১০ প্ৰ’ ৷ ২০২২ৰ ৪ জানুৱাৰীত এই ফোন মুকলি হ’ব ৷

স্কোৱেৰ কেমেৰা মডুল

এই মুকলিৰ পূৰ্বে প্ৰকাশ পাইছে যে এই ফোনত স্কোৱেৰ কেমেৰা মডুল আছে ৷ এই কেমেৰাই ফোনটোৰ আৱৰণৰ ধাৰত আছে ঘেৰি ৷

ৱান প্লাছ ন’ৰ্ড ২ চি ই ৫ জি

অহা বছৰৰ আৰম্ভণিতে ৱান প্লাছ ন’ৰ্ড ২ চি ই ৫ জি স্মাৰ্টফোনে মুক্তি লাভ কৰাৰ সম্ভাৱনা আছে ৷ এই ফোনৰ ৬.৪ ইঞ্চিৰ এম’লেড পেনেল থাকিব পাৰে ৷ ইয়াৰ ৰিফ্ৰেছ ৰে’ট ৯০ হাৰ্টজ হ’ব ৷

ভিভ’ ভি ২৩

অহা ২০২২-ৰ আৰম্ভণিতে ভিভ’ ২৩ প্ৰ’ ফোনে মুক্তি পাব পাৰে ৷ এই ফোনৰ এটা ৬৪ মেগাপিক্সেলৰ প্ৰাইমেৰী কেমেৰা থাকিব পাৰে ৷

জিআ’মি ১১ আই হাইপাৰ চাৰ্জ

ৰেডমী নোট ১১ প্ৰ’ প্লাছৰ ভাৰতীয় সংস্কৰণ হ’ব জিআ’মি ১১ আই হাইপাৰ চাৰ্জ ফোন। এই ফোনে অহা জানুৱাৰীত মুক্তি পাব পাৰে ৷

জিআ’মি ১২ ছিৰিজ

জিআ’মিৰ এই ধ্বজাবাহী ফোনে অলপতে মুক্তি পাব পাৰে ৷ এই ফোনত Qualcomm 8 Gen চিপছেট থাকিব পাৰে ৷

ছেমছাং গেলাক্সি এছ ২১ এফ ই

অহা ৪ জানুৱাৰীত ছেমছাঙৰ এই ফোনে মুক্তি লাভ কৰিব পাৰে ৷ সকলোৰে বহনক্ষম মূল্যৰ এই ফোনে ২০২১-ৰ আগষ্টত মুক্তি পোৱাৰ কথা আছিল ৷

ছেমছাং গেলাক্সি এছ ২২ ছিৰিজৰ ফোন

অহা ৪ ফেব্ৰুৱাৰীত ছেমছাং গেলাক্সি এছ ২২ ছিৰিজৰ ফোনে মুক্তি লাভ কৰাৰ কথা ৷ এই ছিৰিজত আছে গেলাক্সি এছ ২২, গেলাক্সি এছ ২২ প্লাছ আৰু গেলাক্সি এছ ২২ প্লাছ আৰু গেলাক্সি এছ ২২ আল্ট্ৰা ৷

এছ ২২ আল্ট্ৰাৰ ডিজাইন সলনি হ’ব পাৰে

এই তিনিটা ফোনৰ মাজৰ গেলাক্সি এছ ২২ আল্ট্ৰাৰ ডিজাইন সলনি হ’ব পাৰে

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com