২০২২ বৰ্ষৰ প্ৰথম সপ্তাহত বাতৰিৰ শীৰ্ষত অহা সকল
ছানী লীয়নি
কন্যা সন্তান নিশা কৌৰক উপেক্ষা কৰা তথা ৰাজহুৱা স্থানত হাতত ধৰি নথকাৰ বাবে বহুতো লোকৰ কৰ্কথনাৰ সন্মুখীন হ'ব লগীয়া হৈছিল ছানী লীয়নি
অৱশেষত তেওঁ স্বামী ডেনিয়েল ৱেবাৰে চচিয়েল মিডিয়া যোগে এই ঘটনাৰ স্পষ্টিকৰণ কৰে আৰু সকলোৰে ব্যংগাত্মক মন্তব্য সমূহ বন্ধ কৰে
আমিৰ আলি আৰু সঞ্জীডা চেইখ
শেহতীয়া ভাৱে ৯বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মাৰিছে দূৰদৰ্শন জগতৰ জনপ্ৰিয় যোৰা আমিৰ আলি আৰু সঞ্জীডা চেইখে
ইয়াৰ পূৰ্বে ২০২০ চনত বাতৰিৰ শীৰ্ষলৈ আহিছিল যোৰাটি যেতিয়া তেওঁলোকৰ বৈবাহিক জীৱনৰ কিছু সমস্যা সকলোৰে সন্মুখত উজাগৰ হৈছিল
ঈশান খত্তৰ আৰু অনন্যা পাণ্ডে
একেলগে নতুন বছৰ উদযাপন কৰে ঈশান খত্তৰ আৰু অনন্যা পন্দেয়ে। একেলগে বন্ধৰ দিন উপভোগ কৰা যোৰাটি, পৰবৰ্তী সময়ত সকলোৰে চৰ্চাৰ বিষয় হৈ পৰে
তথ্য অনুসৰি দুয়োৰে মাজত আৰম্ভ হৈছে এক প্ৰেমৰ সম্পৰ্ক যাক তেওঁলোকে বৰ্তমান সময়ত ব্যক্তিগত কৈ ৰখাৰ প্ৰয়োজনীয়তাবোধ কৰিছে
তনিশা মুখাৰ্জী
শেহতীয়া ভাৱে অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰাম যোগে শ্বেয়াৰ কৰা ফটোত প্ৰত্যক্ষ কৰা হৈছিল দুই ভৰিত দুটি আঙুঠি, যাৰ পাছতেই সকলোৱে সন্দেহ প্ৰকাশ কৰিছিল অভিনেত্ৰী গৰাকীৰ বিবাহক লৈ
অৱশ্যে এই বিষয়ত স্পষ্টিকৰণ কৰি অভিনেত্ৰী গৰাকীয়ে জনাই যে তেওঁ বৰ্তমান সময়ত অকলে থকাটো পছন্দ কৰে, আৰু যদিহে তেওঁ বিবাহৰ বিষয়ে পৰিকল্পনা কৰে, তেন্তে তেওঁ নিশ্চিত ভাৱে এই কথা সকলোকে জনাব
আৰ আৰ আৰ নিৰ্মাতা সকলৰ বিৰুদ্ধে অভিযোগ
বহু প্ৰত্যাশিত এছ এছ ৰাজমৌলী নিৰ্দেশিত ছবি আৰ আৰ আৰৰ মুক্তিৰ দিন বৰ্তমান স্থগিত কৰা হৈছে, আৰু ছবি খনে কিছু আইনী সমস্যাৰ সন্মুখীন হ'ব লগীয়া হৈছে
এটি সত্য ঘটনাক কিছু ধৰণৰ মিছা তথ্যৰে আমোদ যোগোৱাৰ চেষ্টা চলোৱা হৈছে বুলি উচ্চ ন্যায়ালয়ত অভিযোগ তুলিছে এগৰাকী ব্যক্তিয়ে