২০২১ বৰ্ষৰ বাতৰিৰ শিৰোনামাত থকা সকল
২০২১ বৰ্ষৰ বাতৰিৰ শিৰোনামাত থকা সকল

২০২১ বৰ্ষৰ বাতৰিৰ শিৰোনামাত থকা সকল

আজিৰ অসম ২০২১ বৰ্ষৰ বাতৰিৰ শিৰোনামাত থকা সকল ২৭ ডিচেম্বৰ ২০২১
Published on

অনুষ্কা শৰ্মা আৰু বিৰাট কোহলি

এই বছৰত নিজৰ প্ৰথমটো সন্তানৰ সৌভাগ্য হয় অনুষ্কা শৰ্মা আৰু বিৰাট কোহলিৰ, দম্পতিটোৱে কন্যা সন্তানটিৰ নাম ৰাখে ভামিকা

বৰুণ ধাৱান আৰু নতাশা দালাল

জানুৱাৰী ২৪তাৰিখে, আলিবাগত বৰুণ ধাৱান বিবাহ পাশত আবদ্ধ হয় নিজৰ দীৰ্ঘদিনীয়া প্ৰেমিকা নতাশা দালালৰ সৈতে

কৰীণা কাপুৰ আৰু চৈফ আলি খান

এই বছৰত জন্মগ্ৰহণ কৰে, নৱাব আৰু তেওঁৰ বেগমৰ দ্বিতীয়টি সন্তানে, সন্তানটিৰ নাম ৰখা হৈছে জেহ

চচিয়েল মিডিয়া ত্যাগ কৰিলে আমিৰ খানে

নিজৰ ৫৬সংখ্যক জন্মদিনত আমিৰ খানে চচিয়েল মিডিয়া ত্যাগ কৰা ঘোষণাই সকলোকে হচকিত কৰি তুলিছিল

য়ামী গৌতমৰ বিবাহ

জুন মাহত এক ব্যক্তিগত অনুষ্ঠান যোগে বিবাহ পাশত আবদ্ধ হয় য়ামী গৌতম চলচ্চিত্ৰ নিৰ্মাতা আদিত্য ধৰৰ সৈতে

দিলীপ কুমাৰৰ ইহলীলা সম্বৰণ

এই বছৰত ৯৮বছৰ বয়সত ইহলীলা ত্যাগ কৰে প্ৰয়াত অভিনেতা দিলীপ কুমাৰে

আৰয়ান খানৰ ড্ৰাগছ কেছ

নাৰকতিক্স বিভাগৰ, মুম্বাইৰ এখন জাহাজত ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত আটক কৰা শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানক

আমিৰ খান আৰু কিৰণ ৰাও

শেহতীয়া ভাৱে, ১৫বছৰীয়া বৈবাহিক জীৱনৰ সামৰণি মাৰে আমিৰ খান আৰু কিৰণ ৰাওৱে

ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখা

নৱেম্বৰ মাহৰ ১৫ তাৰিখে এখন বিলাসী বিবাহ উদযাপন কৰে ৰাজকুমাৰ ৰাও আৰু পত্ৰলেখাই

কেটৰিনা কাইফ আৰু বিকি কৌশল

ডিচেম্বৰ মাহৰ ০৯ তাৰিখে বিবাহ পাশত আৱদ্ধ হয় কেটৰিনা কাইফ আৰু বিকি কৌশল, এই বিবাহে চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ ইণ্টাৰনেট জগতত

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com