নতুন সংগীত ভিডিঅ'ৰ বাবে জলপৰীৰ ৰূপ ধাৰণ নৰা ফাতেহীৰ
জলপৰী ৰূপত নৰা ফাতেহী
নতুন সংগীত ভিডিঅ'ৰ বাবে জলপৰীৰ ৰূপ ধাৰণ কৰিছে অভিনেত্ৰী নৰা ফাতেহীয়ে, আৰু এই বিশেষ ৰূপৰ ফটো শ্বেয়াৰ কৰিছে ইনষ্টাগ্ৰাম যোগে
নৰা ফাতেহী
নিসন্দেহে এই ৰূপত অতিকৈ আকৰ্ষণীয় দেখা পোৱা গৈছে অভিনেত্ৰী গৰাকীক
গুৰু ৰন্ধাৱাৰ সৈতে
এই ফটোত অভিনেত্ৰী গৰাকীৰ সৈতে দেখিবলৈ পোৱা গৈছে, গুৰু ৰন্ধাৱাক। দেখাত লাগিছে, অতি শীঘ্ৰেই কোনো বিশেষ প্ৰকল্পত একেলগে দেখিবলৈ পোৱা যাব দুয়োগৰাকীকে
নৰাৰ জনপ্ৰিয়তা
চছিয়েল মিডিয়াত খুবেই জনপ্ৰিয় অভিনেত্ৰী নৰা ফাতেহী, আৰু প্ৰায়ে তেওঁক দেখিবলৈ পোৱা যায় বাতৰিৰ শিৰোনামাত
নাচ মেৰী ৰাণী
অক্টোবৰ ২০২০চনত, নৰাক দেখিবলৈ পোৱা গৈছিল গুৰু ৰন্ধাৱাৰ গীত নাচ মেৰী ৰাণী গীতত
হিট গীত
খুবেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল এই গীতে, আৰু ইয়াৰ ব্যখ্যান কৰা হৈছিল "ভবিষ্যতৰ প্ৰেমৰ গীত" ৰূপে
নৰা আৰু গুৰুৰ ফটো
শেহতীয়া ভাৱে, ইণ্টাৰনেট যোগে ভাইৰেল হৈছে নৰা আৰু গুৰুৰ গোৱাৰ কিছু যুটীয়া ফটো
প্ৰেমৰ উৰা বাতৰি
শেহতীয়া ফটো সমূহ প্ৰচাৰ পুৱাৰ পাছতে দুয়োৰে মাজত কোনো গোপন সম্পৰ্ক চলি থকা বুলি সন্দেহ প্ৰকাশ কৰিছে অনুৰাগী সকলে