সৌন্দৰ্য্য উদ্যোগত ব্যৱহৃত শীৰ্ষ ১০টা উদ্ভিদ আৰু সেইবোৰৰ সুবিধাসমূহ
সৌন্দৰ্য্য উদ্যোগত ব্যৱহৃত শীৰ্ষ ১০টা উদ্ভিদ আৰু সেইবোৰৰ সুবিধাসমূহ

সৌন্দৰ্য্য উদ্যোগত ব্যৱহৃত শীৰ্ষ ১০টা উদ্ভিদ আৰু সেইবোৰৰ সুবিধাসমূহ

আজিৰ অসম সৌন্দৰ্য্য উদ্যোগত ব্যৱহৃত শীৰ্ষ ১০টা উদ্ভিদ আৰু সেইবোৰৰ সুবিধাসমূহ ৩১ ডিচেম্বৰ ২০২১
Published on

এলো ভেৰা

এই উদ্ভিদ বিধ বিশেষ ভাৱে ব্যৱহাৰ কৰা আৰোগ্যকাৰী গুণাগুণৰ বাবে আৰু ইয়াক বহুল্য ভাৱে ব্যৱহাৰ কৰা হয় ফাৰ্মকিউটিকেল, ইয়াৰোপৰি ইয়াৰ ব্যৱহাৰ দেখিবলৈ পোৱা যায় বিভিন্ন প্ৰসাধন উপাদান সমূহত।

গোলাপ

নিজৰ শুৱনি ৰূপৰ উপৰি ইয়াক বহুটো ভাৱে ব্যৱহাৰ কৰা হয় প্ৰসাধন উপাদান সমূহত। ভিটামিন চিৰে ভৰা এই উপাদান বিধ হাইড্ৰেটিং গুণাগুণে ভৰা।

কেলেণ্ডুলা

কেলেণ্ডুলাই মুখমণ্ডলৰ ৰঙা বৰণৰ কম কৰাত সহায় কৰে, লগতে ছাল আৰোগ্য কৰে।

লেভেণ্ডাৰ

লেভেণ্ডাৰ বিশেষকৈ লেভেণ্ডাৰ তেল ছালক ময়েশ্চাৰাইজ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ইয়াৰ সুগন্ধৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয় সুগন্ধি দ্ৰব্য সমূহৰ তৈয়াৰীত।

জোজোবা

জোজোবাক বিশেষ ভাৱে ব্যৱহাৰ কৰা হয় মুখৰ ক্ৰীম সমূহৰ তৈয়াৰীৰ বাবে। ই ছালৰ স্থিতিস্থাপকতা উন্নত কৰে আৰু ছালৰ ডিহাইড্ৰেচন প্ৰতিহত কৰে, লগতে সংবেদনশীল বা অতি শুকান ছালক নিখুঁত কৰি তোলে।

চাহৰ গছ

চাহৰ গছ বিশেষ ভাৱে ব্যৱহাৰ কৰা হয় প্ৰসাধন সামগ্ৰী সমূহৰ তৈয়াৰীৰ বাবে। ই ব্ৰণ তথা শালমইনা প্ৰৱণ ছাল নিৰ্মূল কৰাত সহায় কৰে।

কেমোমাইল

প্ৰাকৃতিক প্ৰসাধন সামগ্ৰী সমূহত বহুল্য ভাৱে ব্যৱহৃত কেমোমাইলত এণ্টি ইনফ্লেমেটৰী এণ্টিচেপ্টিক ডিকনজেষ্টেণ্ট বীজাণুনাশক এনালজেচিক এমোলিয়েণ্ট আৰু নিৰাময়ৰ গুণাগুণ আছে।

জেৰেনিয়াম

সজোৱাৰ উপৰি জেৰেনিয়ামক ব্যৱহাৰ কৰা হয় বিভিন্ন প্ৰসাধন সামগ্ৰী সমূহৰ তৈয়াৰীত। জেৰেনিয়াম তেলৰ পৰিষ্কাৰ আৰু টোনিং গুণাগুণ আছে, যিসকলে তৈলাক্ত ছালৰ ব্রণ আৰু একজিমাৰ সৈতে মোকাবিলা কৰিব লগা হয় তেওঁলোকক সহায় কৰে জেৰেনিয়ামই।

তুলসী

স্বাস্থ্যৰ উপকাইটাৰ উপৰি তুলসীক ব্যৱহাৰ কৰা হয় প্ৰসাধন সামগ্ৰীত। ই ব্ৰণ নিৰ্মূল কৰাৰ লগতে, চুলিৰ যত্ন লয়, আৰু ইয়াক বিভিন্ন সুগন্ধি দ্ৰব্য আৰু দেহৰ যত্নৰ বাবে ব্যৱহাৰ কৰা হয়।

ৰোজমেৰী

ৰোজমেৰীত এণ্টিফাংগাল এণ্টি ইনফ্লেমেটৰী এণ্টিঅক্সিডেণ্ট আৰু এণ্টিমাইক্ৰো পোৱা যায়। ই এলোপেচিয়াৰ চিকিৎসাৰ লগতে, চুলি দীঘল হোৱাৰ সহায় কৰে, আৰু ইয়াৰ যত্ন লয়।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com