কাজলে এই ৰঙা শাড়ীৰে বহুতৰে হৃদয়ত আলোড়ন তুলিছে ৷ তেওঁ এই শাড়ীৰ সৈতে মিলা ব্লাউজ পৰিধান কৰিছে, যিয়ে তেওঁৰ ৰুচিবোধ আৰু কলাত্মক মানসিকতা ফুটাই তুলিছে ৷
ছাই পল্লৱীঃ
ডিজাইনাৰ ম্ৰুনালিনী ৰাওৱে প্ৰস্তুত কৰা ডিজাইনৰ এই শাড়ীত উদ্ভাসিত হৈছে ছাই পল্লৱীৰ সৌন্দৰ্য ৷ তেওঁ এই শাড়ীৰ লগত মিলা এটা শ্লীভলেচ ব্লাউজ পৰিধান কৰিছে ৷
তামান্না ভাটিয়াঃ
আবু জানি সন্দীপ খোচলাৰ আচলৰ হালধীয়া শাড়ীত উজলি উঠিছে তামান্না ভাটিয়া ৷
পূজা হেগড়েঃ
ডিজাইনাৰ অৰ্পিতা মেহতাৰ এই সাজে তুলি ধৰিছে পূজা হেগড়েক ৷ তেওঁ এই শাড়ীৰ লগত এটা মিলি পৰা ব্লাউজ পিন্ধিছে ৷ ব্লাউজটোত এম্ব্ৰডেইৰী কৰা হৈছে ৷
ৰশ্মিকা মন্দনাঃ
পাৰ্ণিয়াৰ পপ-আপ শ্বপৰ এই শাড়ীৰে নিজৰ সৌন্দৰ্য প্ৰদৰ্শন কৰিছে ৰশ্মিকা মন্দানাই ৷
কীৰ্তি সুৰেশঃ
ক্ষীতিজ জাল’ৰীৰ সেউজীয়া শাড়ীত উজলি উঠিছে কীৰ্তি সুৰেশ ৷ এই শাড়ীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে তাৰ সৈতে মিলি পৰা এটা মসৃণ ব্লাউজে ৷
সামন্তা ৰুথ প্ৰভুঃ
কৃশা বাজাজে তৈয়াৰ কৰা শৈলীৰ এখন হেঙুলীয়া শাড়ী পৰিধান কৰিছে সামন্তা ৰুথ প্ৰভুৱে ৷ এই সৌন্দৰ্যৰে তেওঁ বহু পুৰুষৰ হৃদয়ত কম্পন তুলিছে ৷
ৰাশী খান্নাঃ
ৰাশীৰ এই পাতল বগা শাড়ীত ফুটে উঠা সৌন্দৰ্যই বহু পুৰুষক ধৰাশায়ী কৰিছে ৷ এই ফুলাম শাড়ীৰ ডিজাইন কৰিছে সব্যসাচীয়ে ৷ তেওঁ এই শাড়ীৰ সৈতে এটা ধোঁৱা বৰণীয়া ব্লাউজ পৰিধান কৰিছে ৷
ৰেজিনা কেছেন্দ্ৰাঃ
ৰেজিনাই এই বুটা বছা শাড়ীয়ে নিজৰ ঈৰ্ষণীয় সৌন্দৰ্য ফুটাই তুলিছে। এই পোছাকৰ ডিজাইন কৰিছে খ্যাতিসম্পন্ন ডিজাইনাৰ মণীষ মালহোত্ৰাই ৷