দক্ষতাৰে বলিউড জগতত নিজকে প্ৰতিস্থাপিত কৰিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকী মান অভিনেতা
দক্ষতাৰে বলিউড জগতত নিজকে প্ৰতিস্থাপিত কৰিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকী মান অভিনেতা

দক্ষতাৰে বলিউড জগতত নিজকে প্ৰতিস্থাপিত কৰিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকী মান অভিনেতা

আজিৰ অসম দক্ষতাৰে বলিউড জগতত নিজকে প্ৰতিস্থাপিত কৰিবলৈ সক্ষম হোৱা উত্তৰ পূৰ্বাঞ্চলৰ কেইগৰাকী মান অভিনেতা ৩ ডিচেম্বৰ,২০২২
Published on

সীমা বিশ্বাস

অসমৰ নলবাৰী জিলাৰ নিবাসী সীমা বিশ্বাসে, বলিউড জগতত ভৰি দিছিল ১৯৯৪চনৰ ছবি "বেণ্ডিত কুইন"ত ফুলন দেৱীৰ চৰিত্ৰৰ সৈতে। দীপক মেহতাৰ ছবি "ৱাটাৰ"ত শকুন্তলাৰ ভূমিকাৰ বাবে গেনী এৱাৰ্ডত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰা লগতে ২০০০চনত সংগীত নাটক অকাডেমী বঁটাৰে বিভূষিত কৰা হৈছিল।

আদিল হুছেইন

গোৱালপাৰাৰ এখন সৰু গাওঁৰ পৰা আহি অসমীয়া ছবি জগতৰ লগতে বলিউড আৰু হলিউডকে ধৰণৰ ৫০খনৰো অধিক ছবিত নিজৰ অভিনয়ৰ কৌশলে দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হোৱা অভিনেতা গৰাকী হৈছে আদিল হুছেইন।

পত্ৰলেখা মিশ্ৰ প'ল

শ্বিলং, মেঘালয়ৰ কন্যা পত্ৰালেখাই বলিউড জগতত খোজ দিছিল ৰাজকুমাৰ ৰাওৰ বিপৰীতে "চিটিলাইট" আৰু বিক্ৰম ভাটৰ ছবি "লভ গেমছ" যোগে।

দীপান্বিতা শৰ্মা

ডিব্ৰুগড়ৰ, দুলীয়াজানত জন্ম গ্ৰহণ কৰা দীপান্বিতাই সৰ্বপ্ৰথমে সক্ষম হৈছিল মিছ ইণ্ডিয়া ১৯৯৮ত টপ ৫ৰ স্থান দখল কৰিবলৈ। অভিনয় জগতত তেওঁ পদাৰ্পণ কৰিছিল ২০০২চনৰ ছবি "১৬ ডিচেম্বৰ"ৰ সৈতে।

ডেৱলীনা ভট্টাচাৰ্য্য

হিন্দী টেলিভিছন জগতত "সাথ নিভানা সাথিয়া" ধাৰাবাহিকৰ সৈতে গোপী বহু ৰূপে জনপ্ৰিয় হৈ পৰা অসমীয়া অভিনেত্ৰী গৰাকী হৈছে শিৱসাগৰৰ নিবাসী ডেৱলীনা ভট্টাচাৰ্য্য।

প্লাবিতা বৰঠাকুৰ

প্লাবিতা হৈছে এগৰাকী গায়িকা তথা অভিনেত্ৰী। ডিব্ৰুগড়ৰ, দুলীয়াজানত জন্ম গ্ৰহণ কৰা অভিনেত্ৰী গৰাকী চৰ্চালৈ আহিছিল ২০০৬চনৰ ছবি "লিপষ্টিক আণ্ডাৰ মাই বোৰ্খা"ৰ সৈতে।

পৰিণীতা বৰঠাকুৰ

অসমৰ জীয়ৰী পৰিণীতা বৰঠাকুৰক দেখিবলৈ পোৱা গৈছিল বলিউডৰ ছবি ফৰ্চ, চলো দিল্লী আৰু কুৰ্বানত। ইয়াৰ লগতে কালাৰ্চ টিভিত সম্প্ৰচাৰ হোৱা "স্বৰাগিনি"নামৰ ধাৰাবাহিক খনতো দেখিবলৈ পোৱা গৈছিল অভিনেত্ৰী গৰাকীক।

দিগন্ত হাজৰিকা

নগাওঁৰ ডেকা দিগন্ত হাজৰিকাই নিজৰ বলিউড যাত্ৰাৰ প্রাৰম্ভনি কৰিছিল আশুতোষ গোৱাৰিকাৰৰ ছবি "মহেঞ্জোদাৰো"ৰ সৈতে।

ফেইৰী প্ৰিয়া আহমেদ

অসমীয়া ছবি জগতত নিজকে প্ৰতিষ্ঠিত কৰাৰ পাছত অভিনেত্ৰী ফেইৰী প্ৰিয়াই বলিউড জগতত ভৰি দিছিল "আই হেট ভেলেন্তাইনচ ডে" নামৰ ছবিৰে।

উৰ্মিলা মহন্ত

অসমৰ জীয়ৰী উৰ্মিলাই 2012 চনৰ তামিল ছবি ভাঝাকো এন ১৮/৯ ৰে অভিনয় জগতত পদাৰ্পন কৰিছিল, আৰু পৰবৰ্তী সময়ত বিভিন্ন হিন্দী, অসমীয়া, বেংগলী আৰু মলয়ালম ছবিত অভিনয় কৰাৰ সুযোগ লাভ কৰিছিল।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com