আজিৰ অসম

অসমৰ কিছু স্বল্পখ্যাত আকৰ্ষণীয় পৰ্যটনস্থলী

১৮ নৱেম্বৰ ২০২১
জীয়া নৈ আৰু শদিয়া ইক কেম্প
শদিয়া ইক কেম্প অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ শান্তিপুৰত অৱস্থিত ৷ চাপাখোৱাস্থিত শদিয়া মহকুমাধিপতি কাৰ্যালয়ৰ পৰা ই ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত ৷ ইয়াৰ এফালে জীয়া নৈ বৈ গৈছে ৷ এই ইক’ কেম্প মিচিং, দেউৰী, আদিবাসী আৰু নেপালী জনগোষ্ঠীৰ মিলনস্থলী ৷
মুলাই কাঠনি
মুলাই কাঠনি আধুনিক কালৰ এক বিস্ময় ৷ এই বনাঞ্চল ইয়াৰ গঢ় দিওঁতা পদ্মশ্ৰী যাদৱ পায়েঙৰ নামেৰে নামকৰণ কৰা হৈছে ৷ পায়েঙে দুটা দশক কৃচ্ছ্ৰ সাধনা কৰি ৫৫০ একৰ তৰাং ভূমিক পূৰ্ণাংগ বনাঞ্চলত পৰিণত কৰে ৷ বৰ্তমানে এই বনাঞ্চল ঢেঁকীয়াপতীয়া বাঘ, এশিঙিয়া গঁড়, হৰিণা, বান্দৰ, বিভিন্ন প্ৰজাতিৰ পক্ষী, এন্দুৰ আদিৰ বাসভূমি ৷
জেংৰাইমুখৰ স্প্ৰিং উড ফাৰ্ম
জেংৰাইমুখৰ স্প্ৰিং উড ফাৰ্ম হৈছে এখন পৰিৱেশ অনুকূল পাম ৷ কম মাটিত কেনেদৰে বৈজ্ঞানিক, আৰ্থিক আৰু জৈৱিকভাবে কেনেদৰে অধিক শস্য উৎপাদন কৰা হয়, তাৰ এটা উদাহৰণ এই পাম ৷ এই পামত চাউল, গোমধান আদি উৎপাদন কৰা হয় ৷ তদুপৰি অমিতা, কল আৰু জামুকৰ লেখীয়া ফলো উৎপাদন কৰা হয় ৷
বালিজান শ্যাম গাঁও
বালিজান শ্যাম গাঁও যোৰহাট জিলাৰ তিতাবৰত অৱস্থিত ৷ এই গাঁও খামতি জনগোষ্ঠীৰ ৷ এই লোকসকলে ত্ৰয়োদশ শতিকাত পাটকাই পাহাৰ হৈ থাইলেণ্ডৰ পৰা অসমলৈ অহা বুলি কোৱা হয় ৷ বৌদ্ধ ধৰ্মাৱলম্বীৰ এই লোকসকলৰ বৌদ্ধ মঠ আৰু পাগোদা আছে ৷
লিগিৰীবাৰী, দিছাংমুখ
শিৱসাগৰৰ নগৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত দিছাংমুখৰ লিগিৰিবাৰী অৱস্থিত ৷ এই স্থানতে দিচাং আৰু ব্ৰহ্মপুত্ৰৰ মিলন ঘটিছে ৷ প্ৰকৃতিৰ ৰম্যপুৰী, লোক-সংস্কৃতি আৰু জৈৱ বৈচিত্ৰ্যৰ মাজত এই স্থান অৱস্থিত ৷ ইয়াৰ উত্তৰ দিশে পানী দিহিং পক্ষী অভয়াৰণ্য অৱস্থিত ৷
দলে ৰিগাং ফাৰ্ম
দলে ৰিগাং ফাৰ্ম ডিব্ৰুগড় বিমানকোঠৰ পৰা প্ৰায় ৪৫ কিলোমিটাৰ নিলগৰ পিপালগুৰি গাঁৱত অৱস্থিত ৷ ব্ৰহ্মপুত্ৰৰ কাষত সেউজ ঘাঁহনীৰে ভৰা মনোৰম প্ৰাকৃতিক পৰিৱেশৰ মাজত দলে ৰিগাং গাঁও অৱস্থিত ৷ এই দৃষ্টিনন্দন পামত বিভিন্ন ধৰণৰ ফল-মূল, শাক-পাচলি, বাঁহ, আৰু প্ৰধান খাদ্য-শস্য ধানৰ খেতি কৰা হয়। পৰ্যটকৰ বাবে ইয়াত বাঁহৰ নৌকা চালন, পামত বা গাঁৱত খোজকঢ়াৰ সুবিধা আদি আছে।
নামফাকে গাঁও
নামফাকে গাঁও ডিব্ৰুগড় নগৰৰ পৰা ৫৭ কিলোমিটাৰ দূৰৈৰ নাহৰকটীয়াত অৱস্থিত ৷ এই গাঁও হৈছে টাই ফাকে জনগোষ্ঠীৰ লোকৰ বাসস্থান ৷ টাই ফাকে হৈছে বৃহৎ টাই জনগোষ্ঠীৰ এটা ঠাল ৷ টাই ফাকেসকলে অষ্টাদশ শতিকাৰ পৰৱৰ্তী অৰ্ধ-শতকত অসমত প্ৰৱেশ কৰে ৷ ১৮৫০ত নাম ফাকে প্ৰতিষ্ঠা হয় বুলি কোৱা হয় ৷ নামফাকে গাঁৱত ১৫০ টা ফাকিয়াল জনগোষ্ঠীৰ পৰিয়ালে বাস কৰে ৷ তেওঁলোকৰ বসতি ব্ৰহ্মপুত্ৰৰ উপনৈ বুঢ়ী দিহিঙৰ লৈকে আছে ৷ এই পৰিয়ালসমূহৰ ঘৰ চাংঘৰ শৈলীৰ ৷
কেটেটংঃ এখন জনজাতি লোকৰ গাঁও
তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ওচৰৰ বুঢ়ী দিহিং নৈৰ পাৰত কেটেটং গাঁও অৱস্থিত ৷ এই গাঁৱৰ বাসিন্দাসকল চিংফৌ জনজাতিৰ লোক ৷ চিংফৌ ভাষাত কেট মানে ইটা আৰু টং মানে সিঁচৰতি হৈ থকা ৷ এই দুটা শব্দৰে গাঁওখনৰ নাম ৰখা হৈছে ৷ এই গাঁৱত বহুতৰপীয়া চিংফৌ সংস্কৃতি, পৰম্পৰা আৰু প্ৰথাৰ প্ৰতিফলন ঘটিছে ৷ লগতে তেওঁলোকৰ পৰম্পৰাগত খাদ্য আৰু সাজ-পাৰৰো প্ৰতিফলন ঘটিছে ৷ কেটেটং গাঁৱৰ বৌদ্ধ মথে পৰ্যটকসকলক বাৰুকৈয়ে আকৰ্ষণ কৰে ৷ চিংফৌসকলক ভাৰতৰ প্ৰথম চাহ পান কৰা লোক বুলি বিশ্বাস কৰা হয় ৷
যোগীবাৰী গ্ৰাম্য পৰ্যটন
যোগীবাৰী গ্ৰাম্য পৰ্যটনস্থলী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ৷ এই পৰ্যটন ক্ষেত্ৰই ১০০ বিঘা মাটি আগুৰি আছে ৷ ইয়াত বিভিন্ন প্ৰজাতিৰ অৰ্কিড পোৱা যায় ৷ তদুপৰি বৃহৎসংখ্যক পদুম ফুলো পোৱা যায় ৷ এই পৰ্যটন ক্ষেত্ৰ চাহ বাগিচাই আগুৰি আছে ৷ পৰ্যটকৰ বাবে ইয়াত থকা-খোৱাৰ সুবিধা আছে ৷
বালিগাঁও মিৰি সেউজ গাঁও
বালিগাঁও মিৰি সেউজ গাঁও অসমৰ প্ৰথমখন স্বীকৃত সেউজ গাঁও ৷ শোণিতপুৰ জিলাত জীয়াভৰলী নৈৰ পশ্চিম পাৰত এই গাঁও অৱস্থিত ৷ এই গাঁৱৰ পৰা ২৬ কিলোমিটাৰ দূৰৈত নামেৰী ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প অৱস্থিত ৷ এই গাঁৱৰ বাসিন্দা মিচিং লোকসকলে নিজৰ পৰম্পৰা, কৃষ্টি-সংস্কৃতি বৰ্তাই ৰাখিছে ৷ ইয়ে পৰ্যটকসকলক গাঁওখনৰ প্ৰতি আকৰ্ষণ কৰে ৷
সৰ্থেবাৰী
অসমৰ সৰ্থেবাৰী কাঁহ-পিতলৰ বাবে বিখ্যাত ৷ তদুপৰি ইয়াত বাঁহৰ হস্ত-শিল্প উদ্যোগো আছে ৷ এই বাঁহ হস্ত-শিল্পৰ উদ্যোগ অসমৰ ভিতৰতে সৰ্ববৃহৎ ৷ সৰ্থেবাৰী গুৱাহাটীৰ পৰা ৯০ কিলোমিটাৰ দূৰৈত অৱস্থিত ৷ সৰ্থেবাৰীত কেনেদৰে কাঁহ-পিতলৰ বাচন-বৰ্তন তৈয়াৰ কৰা হয়, সেয়া চাব পাৰি ৷ ইয়াৰ প্ৰযুক্তি অত্যাধুনিক নহয়, কিন্তু সৰল আৰু বিস্ময়কৰ।