আৰয়ান খানৰ পৰা ছাৰা আলি খানলৈ, অভিভাৱকৰ সৈতে চেহেৰাৰ সাদৃশ্য থকা কিছু বলিউড তাৰকা সন্তান
আৰয়ান খানৰ পৰা ছাৰা আলি খানলৈ, অভিভাৱকৰ সৈতে চেহেৰাৰ সাদৃশ্য থকা কিছু বলিউড তাৰকা সন্তান

আৰয়ান খানৰ পৰা ছাৰা আলি খানলৈ, অভিভাৱকৰ সৈতে চেহেৰাৰ সাদৃশ্য থকা কিছু বলিউড তাৰকা সন্তান

আজিৰ অসম আৰয়ান খানৰ পৰা ছাৰা আলি খানলৈ, অভিভাৱকৰ সৈতে চেহেৰাৰ সাদৃশ্য থকা কিছু বলিউড তাৰকা সন্তান 2 Dec, 20021
Published on

জনপ্ৰিয়তা বৃদ্ধি পাইছে তাৰকা সন্তান সকলৰ

অনুভৱ হয়, আহিব লগা সময়ত চলচ্চিত্ৰ জগতত শাসন কৰিব তাৰকা সন্তান সকলে।

অভিভাৱক সকলৰ সৈতে চেহেৰাৰ সাদৃশ্যতা প্ৰকাশ পোৱা কিছু তাৰকা সন্তান

আহক জানো কিছু তাৰকা সন্তানৰ বিষয়ে যিসকলক দেখাত লগা যায় নিজৰ অভিভাৱকৰ দ্বিতীয় প্ৰতিলিপিৰ দৰে।

আৰয়ান খান

২৪বছৰীয়া আৰয়ান খানৰ চেহেৰাৰ সাদৃশ্যতা বিচাৰি পোৱা যায় তেওঁৰ পিতৃ, বলিউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ সৈতে।

ছাৰা আলি খান

অভিনেতা চৈফ আলি খান আৰু প্ৰাক্তন পত্নী অমৃতা সিংৰ সন্তান, ছাৰা আলি খান দেখাত মাতৃৰ প্ৰতিলিপিৰ দৰে।

ইব্ৰাহিম আলি খান

ঠিক একে ধৰণে, দুয়োৰে সন্তান ইব্ৰাহিম আলি খানক কিছু গুণে দেখাত একে যেন লগা যায় পিতৃ চৈফ আলি খানৰ দৰে।

নাইছা দেৱগণ

নাইছা হৈছে বলিউড জগতৰ জনপ্ৰিয় অভিনেতা অজয় দেৱগণ আৰু কাজলৰ সন্তান। নাইছাৰ মুখমণ্ডলত প্ৰকাশ পায় মাতৃ কাজলৰ প্ৰতিস্ফলন।

টাইগাৰ শ্ৰফ

প্ৰশংসনীয় অভিনয় কৌশলৰ বাদে, অভিনেতা টাইগাৰ শ্ৰফে লাভ কৰিছে পিতৃ জেকী শ্ৰফৰ আকৰ্ষণীয় লুকচ।

অনন্যা পাণ্ডে

অভিনেতা চাংকি পাণ্ডেৰ জেষ্ঠ সন্তান অনন্যা পাণ্ডেক বহু সময়ত দেখাত ঠিক একেই লাগে মাতৃ ভাৱনা পাণ্ডেৰ দৰে।

কৰণ ডেওল

তাৰকা সন্তানৰ সকলৰ কথা আহি পৰিল অত্যন্ত শান্ত স্বভাৱৰ ৰূপে পৰিগণিত কৰা হয় কৰণ ডেওলক। পিছে এই কথাত কোনো সন্দেহ নাই যে অভিনেতা গৰাকী দেখাত নিজৰ পিতৃ ছানী ডেওলৰ দৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com