প্ৰাক-বিবাহৰ অনুষ্ঠানত কেমেৰাৰ সন্মুখত বন্দী হ’ল ক্যাটৰিনা-বিকী কৌশলৰ প্ৰেম, হাঁহি আৰু আনন্দ !
ক্যাটৰিনা কাইফ আৰু বিকী কৌশলে ৯ ডিচেম্বৰত ৰাজস্থানৰ বাৰাৱাৰাত যুগ্মজীৱনৰ পাতনি মেলে ৷ দুয়োৰে উচ্ছল প্ৰেমৰ মুহূৰ্ত এনেদৰে কেমেৰাত বন্দী হৈছে ৷
ভ্ৰাতৃৰ জীৱনৰ এই গুৰুত্বপূৰ্ণ মুহূৰ্ত চিৰস্মৰণীয় কৰিবলৈ ছানী কৌশলে চেষ্টাৰ ত্ৰুটি নকৰিলে ৷ বিয়াৰ অনুষ্ঠানত দুয়োজনে ৰস-আনন্দৰ নিজৰা বোৱায়।
প্ৰাক-বিবাহৰ অনুষ্ঠানত দৰা-কইনা দুয়োৱে এনেদৰে হাঁহি-আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি কৰে ৷
ক্যাটৰিনাৰ শহুৱেক শ্ব্যাম কৌশলে এনেদৰে ন-বোৱাৰীক আদৰিবলৈ সাজু হোৱা যেন বোধ হৈছে। শহুৰ-বোৱাৰী দুয়োৱে এনেদৰে প্ৰাণখুলি নৃত্য কৰে ৷
পৰম্পৰাগত সাজ-পাৰ পৰিধান কৰি সুন্দৰী কইনাৰ সখী শৰ্বানী ৱাঘ, ইজাবেল কাইফ আৰু নাটাছাই অনুষ্ঠানৰ সৌন্দৰ্য আৰু সৌৰভ বহুগুণে বৃদ্ধি কৰে ৷
মিঠা হাঁহিৰে দৰা-কইনাই বিয়া অনুষ্ঠানত অধিক প্ৰাণ ঢালে ৷ তেওঁলোকৰ পোচাকৰ ডিজাইনৰকো ধন্যবাদ দিব লাগিব ৷ কাৰণ এই সাজ-পাৰে দৰা-কইনাৰ জেউতি অধিক বৃদ্ধি কৰে ৷ এই সাজ-পাৰে ভাৰতীয় ঐতিহ্যও প্ৰতিফলিত কৰে ৷
বিয়াৰ দিনাৰ বাবে ক্যাটৰিনা পচন্দ কৰাৰ সাজ-পাৰে কইনাৰ সকলো গুণেই ফুটাই তোলে ৷ বহু ৰঙী জাৰি লেহেংগাত তেওঁক গ্লেমাৰাছ দেখাইছে ৷
নেহৰু কোটৰ সৈতে মটীয়া ৰঙৰ কুৰ্তা-পাইজামা পৰিধান কৰি বিকীয়ে বিয়াৰ ৰভাঘৰৰ বাহিৰতো বহুতকে আনন্দ দিয়ে ৷ তেওঁ এটা নতুন গীত নৱ-বিবাহিতা পত্নীলৈ উৎসৰ্গা কৰে ৷