শ্বিলঙৰ চাবলগীয়া ঠাই
শ্বিলঙৰ চাবলগীয়া ঠাই

শ্বিলঙৰ চাবলগীয়া ঠাই

আজিৰ অসম শ্বিলঙৰ চাবলগীয়া ঠাই 23 Nov, 2021
Published on

মৌচিনৰামঃ

মৌচিনৰামক বিশ্বৰ আটাইতকৈ শুষ্ক স্থান আখ্যা দিয়া হয় ৷ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰ-পূৰ মৌচিনৰামলৈ বিশ্বৰ বিভিন্ন স্থানৰ লোক আহে ৷

উমিয়াম হ্ৰদঃ

উমিয়াম হ্ৰদৰ জনপ্ৰিয় নাম হ’ল বৰাপানী ৷ প্ৰাকৃতিক সৌন্দৰ্যৰ আকৰ পূব খাচী পাহাৰ আৰু ঘন জোপোহা গছৰ জংঘলেৰে আগুৰি আছে ৷ এই হ্ৰদ মানুহে তৈয়াৰ কৰা ৷

শ্বিলং পীকঃ

শ্বিলং পীক ৬,৪৪৯ ফুট উচ্চতাত অৱস্থিত ৷ এই স্থান কুঁৱলীয়ে আবৰি থাকে ৷ ইয়াৰ পৰা ভালদৰে দূৰণিৰ পাহাৰ, জলপ্ৰপাত, শ্বিলং নগৰ আৰু বাংলাদেশৰ সমতল চাব পাৰি ৷

এলিফেণ্ট ফলছঃ

শ্বিলঙৰ চাবলগীয়া ঠাইসমূহৰ অন্যতম হৈছে এলিফেণ্ট ফলছ ৷ প্ৰকৃতিৰ অনুপমস্থলী আৰু দৃষ্টিনন্দন জলপ্ৰপাতৰ মাজত এই স্থান অৱস্থিত ৷

লাইতলুম

শ্বিলঙৰ আন এক অৱশ্যেই চাবলগীয়া স্থান হ’ল লাইটলুম কেনিয়ন ৷ প্ৰকৃতিপ্ৰেমী, পৰ্বতাৰোহী আদিৰ বাবে এই স্থান অতি প্ৰিয় ৷

মাউলিনং

শ্বিলঙৰ পৰা বাহিৰত প্ৰকৃতিৰ ৰম্যপুৰীত এই স্থান অৱস্থিত ৷ মাউলিনং এখন গাঁও ৷ এই গাঁৱক এছিয়াৰ সবাতোকৈ পৰিষ্কাৰ-পৰিচ্ছন্ন গাঁও আখ্যা দিয়া হৈছে ৷ এই গাঁও সেউজ ঘাঁহনিৰে আগুৰা ৷

ৱাৰ্ডছ হ্ৰদ

ৱাৰ্ডছ হ্ৰদ শ্বিলঙৰ মাজ-মজিয়াত অৱস্থিত ৷ এই বিখ্যাত হ্ৰদ নাওচালনা আদিৰ বাবে উপযোগী ৷

মাউফালং পবিত্ৰ অৰণ্য

শ্বিলঙক প্ৰকৃতিয়ে খোলা হাতেৰে সৌন্দৰ্য দান কৰিছে ৷ ইয়াৰ কোমল অৰণ্যই মাউফালঙক এক পবিত্ৰ অৰণ্যত পৰিণত কৰিছে ৷

নংছিগিথিং জলপ্ৰপাতঃ

এই জলপ্ৰপাতক সাধাৰণতে সাতভনীৰ জলপ্ৰপাত বুলি কোৱা হয় ৷ পাহাৰৰ চূড়াৰ পৰা নামি অহা সাতটা জুৰীৰে এই জলপ্ৰপাত গঠিত ৷ ই হৈছে দেশৰ চতুৰ্থ শীৰ্ষ জলপ্ৰপাত ৷

ক্ৰাংছুৰি জলপ্ৰপাতঃ

এই জলপ্ৰপাত জয়ন্তীয়া পাহাৰ জিলাত অৱস্থিত ৷ এই জলপ্ৰপাতৰ সবাতোকৈ মনকৰিবলগীয়া দিশটো হৈছে ইয়াৰ পানী বছৰটোৰ গোটেই সময়চোৱাত ঘন নীলা হৈ থাকে ৷

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com