আজিৰ অসম

ভাৰতৰ ১০ খন নিৰাপদ গাড়ী (এন চি এ পিৰ মতে)

17 Nov, 2021
মহিন্দ্ৰা এক্স ইউ ভি-৭০০
মহিন্দ্ৰাৰ সবাতোকৈ নিৰাপদ গাড়ী হৈছে মহিন্দ্ৰা এক্স ইউ ভি-৭০০৷ প্ৰাপ্ত বয়স্ক ব্যক্তিৰ সুৰক্ষাৰ দিশৰ পৰা এই গাড়ীয়ে পাঁচটা তাৰকা আৰু শিশুৰ ক্ষেত্ৰত চাৰিটা তাৰকা পাইছে ৷ ইয়াৰ মুঠ ৰেটিং ৫৭.৬৯/৬৬ ৷
টাটা পাঞ্চঃ
প্ৰাপ্ত বয়স্ক লোকৰ সুৰক্ষাৰ ক্ষেত্ৰত টাটা পাঞ্চে পাঁচটা তাৰকা আৰু শিশুৰ ক্ষেত্ৰত চাৰিটা তাৰকা পাইছে ৷ এনেদৰে এই গাড়ীয়ে ৬৬ ৰ ভিতৰত ৫৭.৩৪ পইণ্ট পাইছে ৷
মহিন্দ্ৰা এক্স ইউ ভি ৩০০:
মহিন্দ্ৰা এক্স ইউ ভিয়ে টাটা পাঞ্চৰ লেখীয়া স্ক’ৰ কৰিছে, কিন্তু চাৰি পইণ্ট কম পাইছে ৷ ফলত এই গাড়ীয়ে মুঠ ৬৬ ৰ ভিতৰত ৫৩.৮৬ স্ক’ৰ কৰিবলৈ সক্ষম হৈছে ৷
মহিন্দ্ৰা থৰঃ
এই গাড়ীয়ে শিশু আৰু প্ৰাপ্তবয়স্কৰ সুৰক্ষাঃ দুয়োটা ক্ষেত্ৰতে চাৰিটাকৈ তাৰকা পাইছে ৷ ফলত মুঠ ৰেটিং পইণ্ট ৫৩.৬৩ হৈছে ৷
টাটা এল্ট্ৰজঃ
এই গাড়ীৰ ৰেটিং হৈছে ৬৬ৰ ভিতৰত ৪৫.১৩৷ শিশুৰ সুৰক্ষাৰ ক্ষেত্ৰত এই গাড়ীয়ে তিনিটা আৰু প্ৰাপ্তবয়স্কৰ ক্ষেত্ৰত পাঁচটা তৰা লাভ কৰিছে ৷
টাটা নেক্সনঃ
টাটা নেক্স’নৰ ৰেটিং পইণ্ট হৈছে ৪১.০৬ ৷ প্ৰাপ্তবয়স্ক ব্যক্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত এই গাড়ীয়ে পাঁচটা আৰু শিশুৰ ক্ষেত্ৰত তিনিটা তৰা পাইছে ৷
মহিন্দ্ৰা মাৰাজ’
ৰেটিঙৰ ক্ষেত্ৰত মহিন্দ্ৰা মাৰাজোৱে ৩৫.০৭ পইণ্ট লাভ কৰিছে ৷ প্ৰাপ্তবয়স্ক ব্যক্তিৰ ক্ষেত্ৰত এই গাড়ীয়ে পাঁচটা তৰা আৰু শিশুৰ ক্ষেত্ৰত মাথোঁ দুটা তৰা লাভ কৰিছে ৷
টাটা টিয়াগো
প্ৰাপ্তবয়স্ক ব্যক্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত টাটা টিয়াগোৱে চাৰিটা তৰা আৰু শিশুৰ ক্ষেত্ৰত তিনিটা তৰা লাভ কৰিছে ৷ ফলত এই গাড়ীৰ ৰেটিং ৪৬.৬৭ হৈছে ৷
টাটা টিগৰ
টাটা টিগ’ৰৰ ৰেটিং পইণ্ট হৈছে ৪৬.৬৭ ৷ আন সুৰক্ষা ৰেটিঙৰ ক্ষেত্ৰত এই গাড়ীৰ টাটা টিয়াগোৰ লগত মিল আছে ৷
ফক্সৱাগন পল’
ফক্সৱাগন প’ল’ৰ ৰেটিং পইণ্ট ৪২.৪৫ ৷ এই গাড়ীৰ প্ৰাপ্তবয়স্ক সুৰক্ষাৰ ক্ষেত্ৰত ৰেটিং চাৰি আৰু শিশুৰ ক্ষেত্ৰত তিনি ৷